শোকত দগ্ধ আমি...


Image Description

'কাইলৈৰ পৰা আঁতৰি যাব
আমাৰ হৃদয়ৰ গভীৰ বেদনাবোৰ
কাইলৈৰ পৰা আঁতৰি যাব আমাৰ দুখৰ অবিশ্ৰান্ত বৰষুণজাক
কাইলৈৰ পৰা আমাৰ জীৱনৰ মেঘাচ্ছন্ন আকাশ স্বচ্ছ হ'ব ।
কাইলৈৰ পৰা ভয়ানক আতংকৰে ভৰা ৰাতিবোৰৰ মৃত্যু হ'ব'

তেখেত গুছি গ'ল। আখৰৰ ভাঁজে ভাঁজে অৰ্থৰ ৰং সনা মানুহজনে 'মৃত্যুৰ আগৰ ষ্টপেজটোত' ৰৈয়ো সিঁচি থাকিল মানৱপ্ৰেমৰ কঠীয়া। 'কাইলৈৰ দিনটো আমাৰ হ'ব' কবি সনন্ত তাঁতিৰ অনুপম মানৱপ্ৰেমৰ নিদৰ্শন ।

কিতাপখনৰ আৰম্ভণিত বিশিষ্ট সমালোচক ড° হীৰেন গোহাঁই ছাৰে লেখিছে ; 'সনন্তৰ কাব্যৰ অৱয়বত উপমাৰ চমক নোহোৱা নহয় , কিন্তু তেওঁৰ কবিতাৰ প্ৰাণ হ'ল মানুহে মানুহক দিয়া গভীৰ সহৃদয়তাপূৰ্ণ আহ্বান - ' a man speaking to men ' । তেখেতৰ কবিতা অসমীয়াৰ চোতালত থকা তুলসীজোপাৰ তলত জ্বলি থকা এগচি আশাৰ চাকি। বৰ প্ৰয়োজনীয় ; বৰ আশাদায়ক।'

'দুখবোৰক লৈ জীয়াই আছোঁ এতিয়া । শুই উঠি আজিকালি ৰাতিপুৱা বেড টী হিচাপে পি খাওঁ পাতল এগিলাচ দুখ।.........দুখ খাই খাই দুখৰ অৱেছিত এতিয়া ভুগিছোঁ মই । দুখৰ অৱেছিৰ বাবে হেনো আজিকালি কোনো প্ৰতিকাৰ নাই।'

দেহত দুৰাৰোগ্য বেমাৰৰ বীজাণু লৈও কিদৰে ৰচি গৈছিল মানুহজনে মানৱপ্ৰেম আৰু জীৱনপ্ৰেমৰ অতুলনীয় গাঁথা ! ভাবিলে আচৰিত লাগে। নিজৰ সুখ দুখ অসুখক ধোৱাচাঙত থৈ সেউজীয়া প্ৰেমৰ মায়াজাল গাঠি তেখেতে লিখিছিল-

'তুমি অহাৰ দিনা মই পিন্ধিছিলোঁ সেউজীয়া সপোনৰ চোলা।

আলিৰ দাঁতিত ঠিয় হৈছিলোঁ। চকুত আছিল তোমাক চাবলে’ গভীৰ হেঁপাহ।

বুকুত প্ৰস্ফুটিত হৈ আছিল এপাহ গোলাপ ফুল।'

অসমীয়াৰ সুহৃদ, মানুহ আৰু মানৱতাবোধৰ আজন্ম প্ৰেমিক...সনন্ত তাঁতিৰ কবিতাৰ চিৰন্তন আশাবাদ বৰ কৰুণ ,বৰ মৰ্মস্পৰ্শী ।ক'ৰ পৰা গোটাইছিল কবিৰ অতবোৰ আশা, অতবোৰ ভালপোৱা! হে মহান কবিবৰ, আঘোণৰ উদং পথাৰ এখনৰ দৰে প্ৰতিজন অসমীয়াৰ হৃদয় আপুনি যোৱাৰ পিছত..

'তুমি মোৰ বুকুৰ ভিতৰলৈকে আহাঁ

আহাঁ মোৰ শব্দৰ গভীৰ উৎসলৈকে

উজাৰি দিয়া তোমাৰ ভালপোৱা

অকস্মাতে মোক তেজৰ ভিতৰতে

সম্ভৱতঃ তুমিয়েই মোৰ শেষ নিমন্ত্ৰিত অতিথি

যাপন কৰিবলে’ মোৰ শোকদগ্ধ জীৱন।'

আপুনি আৰু আপোনাৰ কবিতাই হৃদয়ৰ শোক উজাৰিবলৈ শিকাইছিল, আশাৰ চাদৰখনি নিতৌ ব'বলৈ শিকাইছিল। 'শব্দত বা শব্দহীনতাত' আপুনি আৰু আপোনাৰ কবিতা চিৰদিন হৈ থাকিব 'মানুহৰ অমল উৎসৱ'।।