মোৰ আই


Image Description

[মাতৃ মাইচেনী ভূঞাৰ স্মৃতিত]

 

মোৰ আই তই...

যাৰ লগত মোৰ সম্পৰ্ক মোতকৈও প্ৰাচীন

যাৰ লগত মই বুজাপৰা আৰু দিয়া-লোৱা আৰম্ভ কৰিছিলোঁ

এক আণুবীক্ষণিক মাত্ৰাৰে...

জীৱনৰ নৱতম এক সম্পূৰ্ণ নিৰ্ভৰশীল স্পন্দনতকৈ

নিজৰ বুলিবলৈ তেতিয়া মোৰ একোৱেই নাছিল...

তই আছিলি মোৰ সৰ্বকালৰ ধাৰক

মোৰ ধাৰ কৰা ৰক্তৰ প্ৰাচীনতম বিশ্বাসযোগ্য উৎস

 

মোৰ আই

তই মোৰ অস্তিত্বৰ বৃহত্তম চোতাল

য’ত দিনে-ৰাতিয়ে উমলি ফুৰিবলৈ

মই কাহানিও সংকোচ নকৰোঁ

 

তই এক সুদীৰ্ঘ পথ

য’ত আঙুলিত ধৰি থিয় কৰাই

তই মোক দিছিলি গতিৰ প্ৰথম পাঠ

 

তই মোৰ অন্তহীন আকাশ

যাৰ ফালে মূৰ তুলি চাই

মই প্ৰতি মুহূৰ্ততে ‘মই’ হৈ থাকিব পাৰিছিলো

 

তই মোৰ বিনন্দীয়া প্ৰকৃতি

যাৰ মাজত কোনো জীৱ যন্ত্ৰ হৈ যাব নোৱাৰে

 

মোৰ আই

তই মোৰ আজন্ম শ্ৰেষ্ঠতম শিক্ষক

যি মোৰ জিভাত তুলি দিছিল নিজৰ মুখৰ মৰমী মাত

 

তই জীৱন যুদ্ধৰ শ্ৰেষ্ঠতম যোদ্ধা

যি মাতৃপ্ৰেমেৰে আমাৰ হাতত তুলি দিছিল

পাৰ্থিৱ যুদ্ধৰ প্ৰতিপাত সক্ষম অস্ত্ৰ

 

তই মোৰ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ

যাৰ শীৰ্ঘলৈ চাই চাই মই ওখ হ’বলৈ শিকিছিলো

তই মোৰ পৃথিৱীৰ সবাতোকৈ মনোৰম ফুলনি

য’ত বাৰ মাহে ফুলে

পৃথিৱীৰ সকলো ফুলনিৰ প্ৰতিপাহ ফুল

 

মোৰ আই

তই মোৰ প্ৰিয়তম নৈ

যাৰ পলস পৰা দুপাৰত

নিতে আমি সৃষ্টি আৰু কৃষ্টিৰ কচৰৎ কৰোঁ

 

তই মোৰ পৃথিৱী

যি সকলো আঘাত-প্ৰতিঘাত সহ্য কৰিও

আমাৰ প্ৰাচীনতম সম্পৰ্ক অটুট ৰাখে

 

মোৰ আই

যদিহে আছে ভগৱান

সেয়াও প্ৰকৃততে তোৰেই কোনোবাটো ৰূপ

 

এতিয়া এই সকলো সত্যৰ প্ৰতি

এক অভূতপূৰ্ব দুৰন্ত ভাবুকি আহিছে...

অপ্ৰতিৰোধ্য সময়ৰ

শাশ্বত নৈসৰ্গিক চৰিত্ৰৰ...