উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ১০
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

(যোৱা সংখ্যাৰ পিছৰ পৰা)

আলি আহমেদ ডাঙৰীয়াৰ সৈতে আমাৰ যি কথা-বতৰা হ'ল, ঘূৰি আহি সকলো কথা আমি আছু তথা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত আলোচনা কৰিলোঁ। সৰ্বসন্মত সিদ্ধান্ত হ'ল - আমি এখোজো পিছুৱাই অহাৰ কথাই নাই। মোজাম্মিল হক, অনিল বৰা আৰু নৰেন মহন্ত ইতিমধ্যে শ্বহীদ হৈছে। পুলিছ-মিলিটাৰীৰ অত্যাচাৰ গোটেই অসমতে চলি আছে। আন্দোলনটোক সাম্প্ৰদায়িক ৰূপ দিবলৈ প্ৰচেষ্টা চলিছে আৰু ত্ৰিছজনৰ অধিক লোকে প্ৰাণ হেৰুৱাইছে অসমৰ বিভিন্ন ঠাইত। কিন্তু আছু আৰু অসমৰ লোক একমত যে অসমক দ্বিভাষিক ৰাজ্যলৈ পৰিণত হ'বলৈ কেতিয়াও নিদিওঁ।

কেন্দ্ৰীয় মন্ত্ৰী ফখৰুদ্দিন আলি আহমেদৰ এটা কথা আমি ভাল পাইছিলোঁ - তেখেতে থেৰোগেৰো নকৰাকৈ কৈছিল - 'অসমত যদি উচ্চ শিক্ষাৰ মাধ্যম অসমীয়া নহয়, তেনেহলে ক'তনো হ'ব?' আমিও নিশ্চিত আছিলোঁ যে উচ্চ শিক্ষাৰ মাধ্যম হিচাবে অসমীয়া ভাষাটো প্ৰতিষ্ঠা হ'লে বহু জ্ঞানগভীৰ কিতাপ-পত্ৰ অসমীয়া ভাষাত লিখা হ'ব, বিশ্ব সাহিত্য আৰু বিজ্ঞান-প্ৰযুক্তিৰ সৈতে আমাৰ পৰিচয় হ'ব আৰু অসমীয়া ভাষাই এক প্ৰতিস্থা লাভ কৰিব। তদুপৰি আঞ্চলিক ভাষাক শিক্ষাৰ মাধ্যম কৰাটো ৰাষ্ট্ৰীয় নীতি, আন আন ৰাজ্যসমূহত ইয়াৰ ৰূপায়ণ ইতিমধ্যেই আৰম্ভ হৈছে, অসমত কিয় নহ'ব?

সকলোবোৰ আছুৰ কাৰ্য্যালয়ত সেইদিনা স্থিৰ কৰিলোঁ যে অসমক দ্বিভাষী ৰাজ্য কৰাৰ গভীৰ ষড়যন্ত্ৰ নিহিত থকা ২৩ ছেপ্টেম্বৰৰ অসম বিধান সভাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবই লাগিব। আপোচৰ সমূলি স্থল নাই।

পিছদিনা ফখৰুদ্দিন আলি আহমেদ দিল্লীলৈ গ'লগৈ আৰু যোৱাৰ আগমূহুৰ্তত ক'লে যে সকলো কথা তেওঁ প্ৰধান মন্ত্ৰীক জনাবগৈ।

আন্দোলন চলি থাকিল। পুলিছ আৰু মিলিটাৰীৰ উপদ্ৰৱো সমানে বাহাল থাকিল। ১৯৭২ শেষ হৈ ১৯৭৩ সোমাল। ১০ জানুৱাৰীত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী শ্বিলঙৰ ৰাজভৱনত উপস্থিত হ'ল আৰু আলোচনাৰ বাবে আছুলৈ বাৰ্তা প্ৰেৰণ কৰিলে। সেইদিনাই সন্ধিয়া অসমৰ ৰাজধানী শ্বিলঙত থকা ৰাজ্যপালৰ চৰকাৰী বাসভৱনত আলোচনাৰ বাবে আছুক মাতি পঠালে। প্ৰধান মন্ত্ৰী নিজে দিল্লীৰ পৰা শ্বিলঙলৈ নামি আহিল। আমি সিদ্ধান্ত কৰিলোঁ আছুৰ তৰফৰ পৰা আলোচনাত অংশগ্ৰহণ কৰা হ'ব। এই কথা জনাই দিয়া হ'ল কেৱল প্ৰধান মন্ত্ৰীৰ লগতহে আলোচনা হ'ব, অসমৰ মুখ্য মন্ত্ৰী বা আন কোনো ইয়াত উপস্থিত থাকিব নোৱাৰিব। পোনপটীয়া আলোচনা হ'ব।

আবেলি আমি শ্বিলঙলৈ ৰাওনা হ'লোঁ।আছু আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰো সাধাৰণ সম্পাদক প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ নেতৃত্বত ৮ জনীয়া প্ৰতিনিধি দল। অমৰেন্দ্ৰ শৰ্মা (উপ-সভাপতি, PGSU), সুশান্তধৰ ৰাজখোৱা (তৰ্ক সম্পাদক, PGSU),আমি নিজে আৰু আন চাৰিজন। উপাচাৰ্য্য সুৰেশচন্দ্ৰ ৰাজখোৱা ছাৰ আৰু শ্ৰেণীসমূহৰ সচিব দণ্ডেশ্বৰ গগৈ ছাৰো আমাৰ লগত ওলাল, ক'লে 'তোমালোকক শ্বিলঙলৈ লৈ যোৱা আৰু ঘূৰাই অনাৰ দায়িত্ব আমাৰ।'

শ্বিলঙত হাঁড় কঁপোৱা ঠাণ্ডা, আগতে আমাৰ এজনৰো অভিজ্ঞতা নাই। সন্ধিয়া শ্বিলঙত আমি হাজিৰ। আমাৰ আটাইৰে অতি আদৰৰ ভূপেন হাজৰিকা কিবা অসুখৰ বাবে শ্বিলঙৰে এখন হস্পিটেলত আছিল, দুদিনমান হ'ল। প্ৰসন্নই ক'লে প্ৰথম আমি ভূপেনদাৰ ওচৰলৈ যাম। সেইমতেই আমি গোটেই কিজন হস্পিটেল পালোঁগৈ। তেখেতৰ খবৰ ল'লোঁ - গান গান লগা মিঠা কন্ঠেৰে ভূপেনদা আমি কিজনৰ লগত নামে-কামে পৰিচিত হ'ল, ক'লে 'তোমালোক শ্বিলঙৰ পৰা সফল হৈ ঘূৰি যাবা। মই নমৰোঁ, তোমালোকে চিন্তা কৰিব নালাগে।' ভূপেনদাৰ অতিমাত্ৰা জ্বৰ, তথাপি আমাৰ লগত উঠি আহিব খোঁজে। আমি মানা কৰিলোঁ। ১৫ মিনিটমান তেখেতৰ লগত কথাপাতি আমি ৰাওনা হ'লোঁ ৰাজভৱনলৈ।

তাতেই অসমৰ মুখ্য সচিব ধৰ্মানন্দ দাস ডাঙৰীয়া আমাৰ ওচৰলৈ আহি কথা-বতৰা পাতিলে। আমি পুনৰ দোহাৰিলোঁ যে প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনাৰ সময়ত অসমৰ মন্ত্ৰী অথবা কোনো বিষয়াৰ উপস্থিতি আমি নিবিচাৰোঁ।

অলপ পিছতে আমাক প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ ওচৰলৈ লৈ গ'ল। বাংলাদেশ যুদ্ধ জয়ৰ পিছত দেশৰ ভিতৰে-বাহিৰে ইন্দিৰা গান্ধীৰ দুৰ্দ্দান্ত প্ৰতাপ। বিশ্বই সন্মান জনাইছে। আমাৰ সেইবাবে মনত কিছু দ্বিধা - কি বা কয়। কিন্তু আমাৰ পিছতো যে সমগ্ৰ অসমীয়া ৰাইজৰ মৰম আৰু সদিচ্ছা আছে। গতিকে আমিও কম শক্তিমান নহয়!

এই সাহসেৰে আমি ইন্দিৰা গান্ধীৰ ওচৰলৈ দৰ্জা ঠেলি সোমাই গ'লোঁ। আমাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ইন্দিৰা গান্ধী অকলে বহি আছে, পিছফালে কেৱল ব্যক্তিগত সচিব আৰু দেহৰক্ষী। ওচৰৰ পৰা প্ৰথম দেখিলোঁ ইন্দিৰা গান্ধীক।

আমি আঠজন বহাৰ পিছত প্ৰসন্নই আমাক চিনাকি কৰি দিলে আৰু মোক আছুৰ দাবী সম্পর্কে ক'ব দিলে। মুখ মেলিছিলোঁহে, প্রধান মন্ত্রীয়ে ক'লে, 'সকলোবোৰ কথা মই জানোঁ আৰু বুজি পাইছোঁ, আপোনালোকৰ মন্ত্ৰীয়ে (ফখৰুদ্দিন আলী আহমেদ) মোক সকলোবোৰ কথা বুজাই দিছে। মই অতি সোনকালে এটা সমাধান বিচাৰোঁ। অসম মন্ত্রীসভাৰ লগতো মই সকলোবোৰ কথা আলোচনা কৰিছোঁ। আপোনালোকে যেনেকৈ বিচাৰিছে তেনেকৈয়ে হ'ব। অহাকালি ৰাতিপুৱা অসম চৰকাৰে প্ৰেছ নোট দিব । মই বিচাৰিছোঁ যে আপোনালোকে আন্দোলনটো আগুৱাই নিনিব, কিয়নো গুৰুত্বৰ আইন-শৃংখলা পৰিস্থিতিৰ সৃষ্টি হৈছে, সাম্প্রদায়িক সংঘর্ষ বিয়পিছে।'

১৫-২০ মিনিটমানত আমাৰ আলোচনা শেষ। ৰাজভৱনৰ বাহিৰত মুখ্য সচিব ধৰ্মানন্দ দাস, উপাচাৰ্য্য ৰাজখোৱা ছাৰ আৰু শ্রেণীসমূহৰ সচিব দন্দেশ্বৰ গগৈ ছাৰ ৰৈ আছিল । কোনেও আমাক আলোচনাৰ বিষয়ে একো নুসুধিলে, কাৰণ ঠাণ্ডাত আমি গোটেই কিজন ঠকঠককৈ কপিছোঁ। তেখেতসকলে আমাক শ্বিলংৰ পাইনউড হোটেললৈ লৈ গ'ল। তাতে ডাঙৰ একুৰা জুই ধৰি থোৱা আছিল। জুইৰ উমত আমি আটায়ে সতেজ হৈ উঠিলোঁ। গুৱাহাটী এৰাৰে পৰা আমি একো খোৱাও নাছিলোঁ, ভূপেনদাৰ ওচৰত অকণমান সময় কটোৱাৰ বাহিৰে ক'তো ৰোৱাও নাছিলোঁ।

জুইৰ ওচৰতে আমাৰ খোৱাৰ ব্যৱস্থা কৰি দিলে স্বয়ং মুখ্য সচিব ডাঙৰীয়াই। ৰাজখোৱা ছাৰ আৰু গগৈ ছাৰো গুৱাহাটীৰ পৰাই আমাৰ লগে লগে, যেন অভিভাৱক। তেখেতসকলেও আমাৰ লগতে জুইৰ কাষতে খাদ্য গ্রহণ কৰিলে। তেতিয়াহে আলোচনাৰ কথা ওলাল। যি বুজিলোঁ সেইদিনা আবেলি মুখ্য মন্ত্রী শৰৎ সিংহ আৰু মন্ত্রীসভাৰ জ্যেষ্ঠ সদস্যসকলৰ লগত প্রধান মন্ত্রীয়ে আলোচনাত বাহিছিল আৰু বোধহয় তাতেই সমাধান সূত্ৰৰ কথা স্থিৰ কৰিছিল। আছুৰ আপোচহীন স্থিতিৰ কথা ভালকৈয়ে উপলব্ধি কৰিছিল।

ৰাতি দহ মানবজাত আমি শ্বিলং এৰিলোঁ আৰু কুঁৱলী ফালি আহোঁতে আহোঁতে ১১ জানুৱাৰীৰ(১৯৭৩) কাহিলি পুৱা বিশ্ববিদ্যালয় চৌহদ পালোহি। স্নাতকোত্তৰ ছাত্র সন্থাৰ কাৰ্য্যালয়ত গোটেই নিশা বহু মানুহ আমাৰ বাবে ৰৈ আছিল। প্রধান মন্ত্রীৰ লগত হোৱা আলোচনাৰ সবিশেষ বিৱৰি কোৱাৰ পিছতহে আটায়ে ঘৰাঘৰি গৈছিল।

আলোচনাৰ ফলাফল কি হ'ল আমি জনা নাছিলোঁ তেতিয়াও। প্রধান মন্ত্রীৰ কথাখিনি অতিশয় ইতিবাচক কিন্তু, তথাপিও আমি একো বুজিব পৰা নাছিলোঁ। ১১ জানুৱাৰীৰ (১৯৭৩) দুপৰীয়া চৰকাৰৰ প্ৰেছ নোট ওলাল- আছুৰ দাবী চৰকাৰে মানি লৈছে আৰু অসম বিধান সভাৰ পৰৱৰ্তী অধিবেশনত ২৩ ছেপ্টেম্বৰৰ (১৯৭৩) অসম বিধান সভাৰ প্ৰস্তাৱ প্রত্যাহাৰ কৰা হ'ব।

আছুৰ জয় হ'ল, অসমক দ্বিভাষিক ৰাজ্য কৰাৰ ষড়যন্ত্র ব্যর্থ হ'ল । বিশ্বৰ ইতিহাসত বোধহয় পোন প্রথমবাৰৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত এখন বিধান সভাই নিজৰেই প্ৰস্তাৱ এটা (তাকো সর্বসন্মত) উঠাই ল'বলৈ বাধ্য হ'ল। অসমৰ ৰাইজেও পোন প্রথমবাৰৰ বাবে আছুক এটা মংগলকামী জাতীয় সংগঠন হিচাবে আঁকোৱালি ল'লে ।

চৰকাৰী সিদ্ধান্তৰ প্রতি সন্মান জনাই আছুৱে আন্দোলন স্থগিত ৰাখিলে, ঘোষণা কৰিলে যে বিধান সভাৰ মজিয়াত ২৩ ছেপ্টেম্বৰৰ প্ৰস্তাৱটো প্রত্যাহাৰ নোহোৱালৈকে নীতিগতভাৱে আন্দোলন চলি থাকিব | ১৯৭৩ চনৰ মার্চ মাহত হোৱা অসম বিধান সভাৰ বাজেট অধিবেশনতে ২৩ ছেপ্টেম্বৰৰ সেই সর্বনশীয়া প্রস্তাৱটো প্ৰত্যাহাৰ কৰিবলৈ মুখ্য মন্ত্রীয়ে প্রস্তাৱ উত্থাপন কৰে আৰু সৰ্বসন্মতি ক্ৰমে প্ৰত্যাহাৰ প্রস্তাৱ গৃহীত হয়।

তাৰ লগে লগে এখন যুঁজৰ পৰিসমাপ্তি ঘটে। জাতীয়তাবাদী ধাৰাৰ জয়জয়কাৰ হয়। কিন্তু এই ষড়যন্ত্ৰৰ যেন শেষ নাই। অসমত অসমীয়াৰ সার্বভৌমত্ব হ্ৰাস কৰা বা একেবাৰে নোহোৱা কৰাৰ ষড়যন্ত্র সদায় অব্যাহত আছে। অসম আৰু অসমীয়াৰ এখনেই পীঠস্থান, য'ত আমি গৰ্বৰে সৈতে ক'ব পাৰোঁ আমি অসমীয়া বুলি, শংকৰ-মাধৱে গঢ়ি যোৱা, বান -ভগদত্ত - চুকাফাৰ তেজেৰে বলিয়ান আমি গর্বিত অসমীয়া বুলি। ইয়াৰ পৰিৱৰ্তন হ'বলৈ আমি কেতিয়াও দিব নোৱাৰোঁ।

(শেষ)