অসমীয়া ভাষা: জন্ম আৰু ঐতিহ্য


Image Description

(২, যোৱা সংখ্যাৰ পৰা)
অসমীয়া ভাষাৰ উদ্ভৱৰ সময় নিৰূপণৰ সমান্তৰাললৈ অসমীয়া ভাষাৰ জন্মৰ উৎস নিৰূপণো গুৰুত্বপূৰ্ণ৷

অসমীয়া ভাষা নিশ্চিতভাৱে ইণ্ড'-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাৰতীয় আৰ্য্য ভাষাৰ পৰা হৈছে৷ এই উদ্ভৱৰ প্ৰক্ৰিয়া মুঠেও সৰলৰৈখিক ঘটনা নহয়৷

মধ্য ভাৰতীয় আৰ্য্য ভাষাৰ বিভিন্ন প্ৰাকৃতক ভিন্নজনে অসমীয়া ভাষাৰ উদ্ভৱত আৰ্য্যভিন্ন ভাষাৰ প্ৰভাৱক স্বীকাৰ কৰিছে৷

অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে প্ৰধানকৈ পাঁচোটা মত পোৱা যায়৷ যেনে:

(১) মাগধী প্ৰাকৃত বা মাগধী অপভ্ৰংশৰ পৰা উৎপত্তি হোৱা মতবাদ

(২) কামৰূপী প্ৰাকৃতৰ পৰা উৎপত্তি হোৱা মতবাদ

(৩) প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণত উৎপত্তি হোৱা মতবাদ

(৪) পৈশাচী প্ৰাকৃতৰ পৰা উৎপত্তি হোৱা মতবাদ

(৫) আৰ্য্যভিন্ন আৰু সংস্কৃত ভাষাৰ সংমিশ্ৰণত উৎপত্তি হোৱা মতবাদ

(১) মাগধী প্ৰাকৃত অপভ্ৰংশৰ পৰা উৎপত্তি হোৱা মতবাদ:

অসমীয়া ভাষাত মাগধী প্ৰাকৃতৰ বহুতো বৈশিষ্ট্য ৰঞ্জিত হোৱালৈ লক্ষ্য কৰি জৰ্জ আব্ৰাহাম গ্ৰীয়াইন, সুনীতি কুমাৰ চট্টোপধ্যায়, বাণীকান্ত কাকতি প্ৰভৃতি ভাষাবিদে মন্তব্য কৰিছে যে, অসমীয়া ভাষাৰ উৎপত্তি মাগধী অপভ্ৰংশৰ পৰা হৈছে৷ উদাহৰণ স্বৰূপে, সুনীতি কুমাৰ চট্টোপধ্যায়ে ‘The origin and development of Bengali Language’ ত লিখিছে:

'The modern representatives of Magadhi Apabhrnsa are Bengali, Assamese, Oriya, Magadhi, Maithili and Bhojpuriya.'

(২)কামৰূপী প্ৰাকৃতৰ পৰা উৎপত্তি হোৱা মতবাদ:

প্ৰাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ [৬ষ্ঠ- ১২শ শতিকা] তামৰ ফলিৰ ভাষা মূলতঃ সংস্কৃত আছিল যদিও তাৰ কিছুমান শব্দৰ ৰূপ, ধ্বনিতত্ব আদিয়ে প্ৰত্ন অসমীয়া ভাষাৰ নিদৰ্শন দাঙি ধৰে বুলি সন্দেহ কৰিছে বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকা আদি কেইবাগৰাকীও ভাষাবিদে৷

তেওঁলোকে ‘কামৰূপী প্ৰাকৃত’ নামেৰে এবিধ প্ৰাকৃতৰ কল্পনা কৰি তাৰ পৰাই অসমীয়া ভাষাৰ উদ্ভৱ হোৱা বুলি মত পোষণ কৰিছে৷

(৩) প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণত উৎপত্তি হোৱা মতবাদ:

এই মত প্ৰৱৰ্তক কালিৰাম মেধি৷ তেওঁ অসমীয়া ভাষাত মাগধী অপভ্ৰংশৰ প্ৰাচ্যৰ বৈশিষ্ট্য আৰু গৌৰসেমী [পশ্চিমা] অপভ্ৰংশৰ বৈশিষ্ট্য লক্ষ্য কৰি মন্তব্য কৰিছিল:

'I am in the circumstances tempted to class Assamese as a mixture of Eastern and Western Group.'

(৪) পৈশাচী প্ৰাকৃতৰ পৰা উৎপত্তি হোৱা মতবাদ:

কনকলাল বৰুৱাই অসমীয়া ভাষাৰ উৎস হিচাপে পৈশাচী প্ৰাকৃতলৈ নিৰ্দেশ কৰিছে৷ তেওঁ অসমীয়া ভাষাত পৈশাচী প্ৰাকৃতৰ শব্দ সম্ভাৰ লক্ষ্য কৰি অসমীয়া ভাষাৰ মূল পৈশাচী প্ৰাকৃত বুলি মন্তব্য কৰিছে:

‘It is (Assamese) a speech which must have originated from a common language which was pisachi origin.'

(৫) আৰ্য্যভিন্ন আৰু সংস্কৃত ভাষাৰ সংমিশ্ৰণত উৎপত্তি হোৱা মতবাদ:

এই মত আগবঢ়াইছে নাথান ব্ৰাউনে৷ আধুনালুপ্ত থলুৱা ভাষাৰ ওপৰত সংস্কৃত ভাষাৰ গাঁঠনি সংযোজিত হৈ আসমীয়া ভাষাৰ উৎপত্তি হ’ব পাৰে বুলি নাথান ব্ৰাউনে সন্দেহ ব্যক্ত কৰিছে৷

উপসংহাৰ

অসমীয়া ভাষাৰ জন্ম সম্পৰ্কত ওপৰত আলোচিত মতসমূহ প্ৰচলিত যদিও অধিক সংখ্যক আলোচকে প্ৰথম মতটো, অৰ্থাৎ মাগধী প্ৰাকৃত অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হোৱা মতটো সমৰ্থন কৰে৷ আমাৰ বোধেৰেও ইয়াৰ সম্ভাৱনা নাই অধিক, কিয়নো অসমীয়া ভাষাৰ ধ্বনিতত্ব ৰূপতত্বই মাগধী প্ৰাকৃতৰ অস্তিত্বলৈহে বাৰম্বাৰ নিৰ্দেশ কৰে৷

অসমীয়া ভাষাৰ মূল হিচাপে মাগধী প্ৰাকৃতৰ সলনি মাগধী অপভ্ৰংশক ধৰিলে, কিছু অসুবিধাৰ সৃষ্টি হয়; কিয়নো মাগধী অপভ্ৰংশৰ সময় ধৰা হয় খ্ৰীষ্টীয় ৬ষ্ঠৰ পৰা ১০ম শতিকা পৰ্য্যন্ত ৷

আনহাতে অসমীয়া ভাষাৰ জন্মৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰাই৷ সেয়েহে, অসমীয়া ভাষাৰ উদ্ভৱ মাগধী অপভ্ৰংশৰ পৰিৱৰ্তে মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি ধৰাহে যুগুত৷

অসমীয়া ভাষাই প্ৰায় ১৫০০ বছৰৰ ঐতিহ্য বহন কৰি বৰ্তমানৰ ৰূপ লাভ কৰিছে৷ অসমীয়া ভাষাৰ এই ঐতিহ্য বৰ্তমান অলিখিতভাৱে আন্তঃৰাষ্ট্ৰীয় ভাষাৰ মৰ্য্যাদা লাভ কৰা ইংৰাজী ভাষাৰ ঐতিহ্যতকৈ চহকী!

ইংৰাজী ভাষাৰ জন্মস্থলী ব্ৰিটেইনত খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পূৰ্বে ইংৰাজী ভাষাৰ ভ্ৰুণেই সৃষ্টি হোৱা নাছিল! ব্ৰিটেইনত ষষ্ঠ শতিকালৈকে কেন্দ্ৰীয় শাখাৰ ভাষাৰহে প্ৰচলন আছিল৷

খ্ৰীষ্টীয় ষষ্ঠ শতিকাত জাৰ্মান জাতিৰ ভিতৰুৱা এংগল্‌ছ, ছেক্সন [Angles, Saxon] আদি লোকসকল ব্ৰিটেইনলৈ গৈ তাত বসবাস কৰিছিল৷ ব্ৰিটেইনৰ থলুৱা লোকৰ ভাষাৰ সৈতে এংগল্‌ছ আৰু ছেক্সন জাতিৰ লোকৰ ভাষাৰ মিশ্ৰণ ঘটি ব্ৰিটেইনত খ্ৰীষ্টীয় ষষ্ঠ-সপ্তম শতিকাত ‘এংল'-ছেক্সন’ বা প্ৰাচীন ইংৰাজী ভাষাৰ জন্ম হৈছিল৷

অৰ্থাৎ অসমীয়া ভাষাতকৈ প্ৰায় এশ-দুশ বছৰ পাছতহে ইংৰাজী ভাষাৰ জন্মৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷

অসমীয়া লিখিত সাহিত্যৰ পৰম্পৰাও যে ইংৰাজী, বাংলা আদি ভাষাতকৈ প্ৰাচীন সেই কথা ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে৷ অসমীয়া ভাষাৰ ঐতিহ্যক বহন কৰি সবলভাৱে আগুৱাই নিয়াৰ দায়িত্ব প্ৰতিগৰাকী অসমীয়াই কান্ধ পাতি ল’ব লাগিব; তেতিয়াহে বিশ্ব দৰবাৰত জিলিকি উঠিব অসমীয়া জাতি৷।

(সমাপ্ত)