শৰতৰ খোজে খোজে


Image Description

‘শৰতৰ মই মোৰ সমস্ত দুখ সামৰি লওঁ আৰু বাগিচাত সিহঁতক সমাধিস্থ কৰোঁ৷ যেতিয়া এপ্ৰিল আৰু বসন্ত ঋতুই পৃথিৱীক আঁকোৱালি ল’ব আহে, তেতিয়া মোৰ বাগিচাতে সিহঁতবোৰ কেতিয়াও, ক’তো নুফুলা ফুল এজাক হৈ ফুলি উঠে৷ মোৰ প্ৰতিবেশীবোৰে সিহঁতবোৰক চাব আহে৷ আৰু মোক কয়, ‘পুনৰ যেতিয়া শৰত আহিব, বীজৰোপণৰ সময়ত, তুমি আমাক এই ফুলবোৰৰ বীজ নিদিবানে? আমিও আমাৰ বাগিচাত এই ফুলবোৰ ফুলাব খোজোঁ৷’– খালিন জিব্ৰান৷

ধীৰগতিত শৰত আহে৷ দিনবোৰ খুব লাহে লাহে, ধৰিব নোৱাৰাকৈ সলনি হয়; আৰু এদিন হঠাতেই খিৰিকীৰ সিপাৰে দেখা যায় পাতল কুঁৱলীৰ এখন আচ্ছাদন; গধূলি ক’ৰবাৰপৰা বতাহত ভাঁহি আহে শেৱালিৰ সুবাস৷ সুবাসত স্মৃতি থাকে৷ ক’ৰবাত, নিজানত ফুলি ৰোৱা শেৱালিবোৰৰ সুবাস বতাতহ দূৰ দূৰণিলৈ লৈ যায়৷ নিজ ভাৱনাত মগন হৈ বাট বুলি থকা কোনো বাটৰুৱাই সেই সুবাস পাই চক্ খাই উঠে; তাহানিৰ, দেউতাকৰ চাইকেলৰ পিছফালে বহি পূজা চাবলৈ যোৱা দিনবোৰৰ কথা তেওঁৰ চাংকৈ মনত পৰে৷

গছবোৰে ৰঙ সলায়; ৰঙচুৱা, হালধীয়া, কমলা ৰঙৰ সাজ পিন্ধি, এসময়ৰ সেউজীয়া পাতবোৰে বিচ্ছেদৰ দিন গণে৷ অচিৰেই, সৰাপাতৰ দেশ এখনত ধ্যানমগ্ন যোগীৰ দৰে থিয় দি ৰ’ব ৰিক্ত গছবোৰ৷ বতাহে উৰুৱাই অনা কোনো এটি সৰাপাতত, বহু সময়লৈকে ডুলি থাকে কেতিয়াবা, কোনো এটি বিষণ্ণ মুহুৰ্ত্ত৷

স্বচ্ছ নীলা আকাশখনে গভীৰতা আৰু বিশালতাৰ সূত্ৰ নতুনকৈ শিকায়৷ কপাহৰ জোলাৰ দৰে মেঘবোৰে খেলি-মেলি প্ৰতিকৃতিৰ সৃষ্টি কৰি অহৰহ আকাশত ঢপলিয়াই ফুৰে৷ নীলা ৰঙটোও যে কিমান গভীৰ শৰতৰ আকাশে সোঁৱৰাই দিয়ে৷ শৰতে ‘দেৱীপক্ষ’ৰ বাতৰি আনে৷ হৃদয়ত ‘দেৱী’ক থাপি, নাৰীবোৰে অৰ্চনাৰ আখৰা আৰম্ভ কৰে৷ প্ৰতিটো শৰতত, প্ৰতিগৰাকী নাৰীয়েই নতুনকৈ এবাৰ ‘দেৱী’ হৈ পৰে৷

নৈৰ পাৰৰ কহুৱাত শৰতৰ মিঠা মিঠা ভাব লাগি লাগি ৰয়৷ বতাহত হালে-জালে স্মৃতিকাতৰতাৰ ৰাগী; নৈৰ ঢৌৱে ঢৌৱে, মন্থৰ গতিত যেন অজস্ৰ পাৰ হৈ যোৱা দিন৷ শৰতে তাহানিৰ দিনবোৰৰ কথা বাৰুকৈয়ে কয়৷

নীৰৱে শৰৎ আহে নৈৰ পাৰৰ কহুৱাত, মায়াময় জোনাকত, শেৱালিৰ সুবাসত, ৰঙ সলোৱা পাতবোৰত, নিঃশব্দে, এখোজ-দুখোজ দি শৰত আহে৷ শৰত সৌন্দৰ্য্য; আৰু সেইবাবেই শৰত বিষণ্ণ।

‘'বাছখন চলিব আৰম্ভ কৰিছিল; অক্ট'বৰৰ কোনো এটি দিনত মই ঘৰলৈ যাব ওলাইছিলোঁ৷ প্ৰত্যেকেই অক্টোবৰত ঘৰলৈ যায়’। – জেক কেৰুৱাক৷