অসমীয়া লিপিৰ সংক্ষিপ্ত সাৰ


Image Description

অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত পোষণ কৰিছে৷ এনে ক্ষেত্ৰত আমি সীমিত জ্ঞানেৰে কোনো ধৰণৰ সিদ্ধান্ত দিয়াৰ ধৃষ্টতা কৰিব নোৱাৰোঁ ৷ বৰঞ্চ কোনো কৌতুহলী মনক অসমীয়া লিপি সম্পৰ্কে আভাস দিয়াৰহে চেষ্টা কৰা হৈছে৷

অসমীয়া লিপি সম্পৰ্কে অধিক জ্ঞান আহৰণৰ কাৰণে কেনে ধৰণৰ উৎস বিচাৰি যাব পাৰে তাৰো উল্লেখ কৰাৰ ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে মাত্ৰ৷

পূব ভাৰতৰ লিপিসমূহ যেনে, অসমীয়া, বাংলা, উড়িয়া, মৈথিলী আৰু নেৱাৰী লিপি আদিৰ পম খেদি গ’লে হয়তো ব্ৰাহ্মীলিপিৰ ওচৰ পাব লাগিব৷ সম্ৰাট অশোকৰ শিলালিপিবোৰত এই প্ৰাচীন ভাৰতীয় লিপিৰ নিদৰ্শন পোৱা যায়৷ পাশ্চাত্য পণ্ডিতসকলে ব্ৰাহ্মীলিপিৰ আগমন ভাৰতৰ বাহিৰৰ পৰা অহা বুলি মত আগবঢ়াইছে৷

উইলিয়াম জ'নছ, বুৰ্ণেল, বেবাৰ আদি ভাষাবিদসকলে ব্ৰাহ্মীলিপিৰ উৎস ফিনিচীয় লিপি বুলি উল্লেখ কৰিছিল৷ সেইদৰে টেলৰ, বুহলাৰ আদিয়ে ব্ৰাহ্মীলিপিৰ উৎস ছেমিটিক বুলি কৈছে৷ আনহাতে মুলাৰ, প্ৰিন্সেপ আদিয়ে ব্ৰাহ্মীলিপিৰ মূল গ্ৰীক লিপি, যি আলেকজেণ্ডাৰৰ যোগেদি ভাৰতত সোমাইছে বুলি অনুমান কৰিছিল৷

কিন্তু ভাৰতীয় পণ্ডিতসকলে ইয়াৰ বিপৰীতে ব্ৰাহ্মীলিপিৰ জন্ম ভাৰততে বুলিলে যুক্তি প্ৰদৰ্শন কৰিছে৷ তেওঁলোকে ব্ৰাহ্মীলিপি আৰু সিন্ধুলিপিৰ মাজত থকা সাদৃশ্যবোৰ উল্লেখ কৰিছিল [ভোলানাথ তিৱাৰী]৷

ব্ৰাহ্মীলিপিৰ কোনটো শৈলীৰ পৰা অসমীয়া লিপিৰ উদ্ভৱ হৈছে তাক লৈ পণ্ডিতসকলৰ মাজত দ্বিমত দেখা যায়৷ ব্ৰাহ্মীলিপিৰ কুটিল শৈলীৰ পৰা অসমীয়া লিপিৰ উদ্ভৱ হোৱা বুলি কোৱা পণ্ডিতসকলে উমাচলত পোৱা পঞ্চম শতিকাৰ শিলালিপিৰ উল্লেখ কৰে৷ কুটিল লিপিৰ ‘ৱ’ আৰু ‘ৰ’, উমাচলৰ লিপিত আৰু অসমীয়া লিপিত পোৱা যায়৷

আনহাতে অসমীয়া লিপিৰ উদ্ভৱ ব্ৰাহ্মীলিপিৰ গুপ্তশৈলীৰ পৰা হোৱা বুলি কোৱাসকলে নগাজৰী খনিকৰ গাঁৱৰ লিপিৰ কথা উল্লেখ কৰে, যাৰ সময়কাল হৈছে পঞ্চম শতিকাৰ আদিভাগ৷ এই লিপিতো ‘ৱ’ আৰু ‘ৰ’ আখৰৰ মিল পোৱা যায়৷ গতিকে পঞ্চম শতিকাতে পুৰণি কামৰূপী লিপিৰ উল্লেখ পোৱা যায়৷

ইয়াৰ পৰৱৰ্তী সময়ত অসমীয়া লিপিৰ উল্লেখযোগ্য প্ৰাপ্ত নিদৰ্শন হৈছে উত্তৰ গুৱাহাটীৰ কানাইবৰশী বোৱা শিলত খোদিত হৈ থকা ত্ৰয়োদশ শতিকাৰ [১২০৫ খ্ৰীষ্টাব্দৰ] লিপি৷ এই লিপিত তুৰষ্কৰ সেনাপতি বখতিয়াৰে কামৰূপ আক্ৰমণ কৰি পৰাজয় বৰণ কৰাৰ কথা লিখিত আছে৷ কানাই বৰশী বোৱা লিপিৰ যোগেদিয়ে পুৰণি অসমীয়া লিপি বা কামৰূপী লিপিয়ে পূৰ্ণতাপ্ৰাপ্তি লাভ কৰে৷

কানাই বৰশী বোৱা লিপিৰ পিছৰ অসমীয়া লিপিক মধ্যযুগীয়া অসমীয়া লিপি বুলি গণ্য কৰা হয়৷ মধ্যযুগীয়া অসমীয়া লিপিক তিনিভাগত ভগাব পাৰি: গড়গঞা, বামুণীয়া আৰু কাইথেলী বা লহকৰী লিপি৷

গড়গাঁৱ আছিল আহোম ৰজাৰ ৰাজধানী৷ আহোমৰ সময়ত ৰচিত বুৰঞ্জী, পুথিপাঁজি, ৰজাঘৰীয়া হিচাপ-পত্ৰ, নকল আদিৰ লিপি আছিল গড়গঞা লিপি৷ সেইদৰে টোলসমূহত লিখা পুথিপাঁজি আৰু নকল আদিৰ লিপি আছিল বামুণীয়া লিপি৷ কায়স্থসকলে ৰচনা কৰা পুথিপাঁজি, নকল আদিৰ লিপি আছিল কাইথেলী লিপি৷ লহকৰী লিপিৰ আখৰৰ গঢ়ৰ লগত ই একে৷

সুকুমাৰ বৰকাথৰ 'হস্তীবিদ্যাৰ্ণৱ' কাইথেলী লিপিত লিখা হৈছিল৷

অসমত মিছনেৰীসকলৰ আগমন আৰু ‘অৰুনোদয়’ৰ যোগেদি আধুনিক অসমীয়া লিপিৰ সূচনা হয়৷ আত্মাৰাম শৰ্মাৰ অসমীয়া বাইবেল বা ধৰ্মপুস্তকখন শ্ৰীৰামপুৰত ছপোৱা হৈছিল৷ ধৰ্মপুস্তকৰ কোনো কোনো ঠাইত বঙলা ‘ৰ’ ব্যৱহাৰ হোৱা দেখা গৈছিল৷ অসমত ছপাযন্ত্ৰৰ প্ৰচলনৰ লগে লগে ছপা আখৰে সাঁচিপতীয়া পুথিৰ আখৰৰ পৰা নতুন গঢ় পায়৷।