উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৭
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

(যোৱা সংখ্যাৰ পিছৰ পৰা)

৫ অক্টোবৰ, ১৯৭২ ৰ অসম বন্ধ সৰ্বাত্মক ৰূপত সফল হ'ল। অসমৰ জাতীয়তাবাদী চিন্তাধাৰাৰ ক্ষেত্ৰত বোধহয় প্ৰথম অসম বন্ধ। অবিভক্ত দৰং জিলাতো জনসাধাৰণ আৰু ছাত্ৰসকল পুৱাই ওলাই আহিল পথলৈ আৰু বন্ধ পূৰামাত্ৰাই সফল হ'ল। সন্ধিয়ালৈ আমি জানিব পাৰিলোঁ যে মঙলদৈৰ পৰা খাৰুপেটীয়ালৈ বন্ধ পাভলনৰ তদাৰক কৰিবলৈ যোৱা ছাত্ৰৰ দল এটাৰ ওপৰত বন্ধবিৰোধী অনা-অসমীয়াৰ দল এটাই আক্ৰমণ চলায়। মঙলদৈৰ স্কুলীয়া ছাত্ৰ মোজাম্মিল হক এই আক্ৰমণত গুৰুতৰভাৱে আহত হয়। তেতিয়া গাড়ী মটৰ এম্বুলেঞ্চৰ অভাৱ। ৰাতিটো মঙলদৈতে ৰাখি পিছদিনা পুৱাই মোজাম্মিলক পাণবজাৰৰ মহেন্দ্ৰমোহন চৌধুৰী হস্পিটেললৈ অনা হয় (তেতিয়া এই নামটো আছিল নে নাই মনত পৰা নাই, বোধহয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ো তেতিয়া তাতেই আছিল)। প্ৰসন্ন চৌধুৰী আৰু আমি বহুতবোৰ হস্পিতাল পালোগৈ। চেমনীয়া মোজাম্মিলৰ মূমুৰ্ষু অৱস্থা। আমাৰ আটাইৰে চকুপানী ওলাল। এই সৰু ল'ৰাটোক ইমাননো প্ৰহাৰ কৰিব লাগেনে!

আৰু এটা বেয়া খবৰ আমাৰ বাবে বাট চাই আছিল। ৫ অক্ট'বৰৰ বন্ধ পালনৰ ব্যৱস্থা কৰিবলৈ আছুৰ সহকাৰী সাধাৰণ সম্পাদক অনিল বৰাৰ নেতৃত্বত ছাত্ৰৰ এটা দল হোজাইলৈ গৈছিল। বোধহয় অসম আৰু অসমীয়া বিৰোধী শক্তি আগৰে পৰা তাতে সষ্টম হৈ আছিল। ছাত্ৰৰ দলটোক বেয়াকৈ আক্ৰমণ কৰিলে দুৰ্বৃত্তৰ দলটোৱে আৰু এনে আক্ৰমণৰ বাবে সাজু হৈ নথকা নগাঁৱৰ ছাত্ৰদলটো সিঁচৰতি হৈ পৰিল। নিজৰ প্ৰাণ বচাবলৈ কোন কেনি গ'ল ঠিক নাথাকিল। ৫ অক্ট'বৰৰ ৰাতি খবৰ ওলাল যে অনিল বৰাৰ একো শুংসূত্ৰ নাই। আমি অতিকৈ ব্যথিত হ'লোঁ। সদ্যসমাপ্ত আছুৰ অধিবেশনত অনিল বৰাৰ গঠনমূলক ভূমিকাই আমাক আটাইকে মোহিত কৰিছিল। সেইজন অনিল বৰা কেনি নোহোৱা হ'ল।

পৰৱৰ্তী কাৰ্য্যসূচীৰ বিষয়ে আমাৰ মাজত আলোচনা হৈছে। অসম চৰকাৰৰ ৰণচণ্ডী মূৰ্তি। ২৩ ছেপ্টেম্বৰৰ বিধানসভাৰ প্ৰস্তাৱ কেতিয়াও প্ৰত্যাহাৰ নহয়। অত্যাচাৰ-নিৰ্যাতনৰ বাবে কুখ্যাত কে পি এছ গীলক গুৱাহাটীৰ পুলিচ অধীক্ষক হিচাবে বহুৱাই লৈছে শৰৎ সিংহ-হিতেশ্বৰ শইকীয়াৰ চৰকাৰে আৰু আছুৰ আন্দোলন কঠোৰ হাতেৰে দমন কৰা হ'ব বুলি হুমকি জাৰি ৰাখিছে।

প্ৰসন্ন ব্যস্ত মোজাম্মিলৰ লগত। দিনে-ৰাতিয়ে হস্পিতেলত। কিন্তু মোজাম্মিলক বচাব পৰা নগ'ল, ৭ তাৰিখে (৭ অক্ট’বৰ, ১৯৭২) দুপৰীয়া মোজাম্মিল ঢুকাল আৰু সৎকাৰৰ বাবে মঙলদৈলৈ নিয়া হ'ল। অনিল বৰাৰ কোনো খবৰ ওলোৱা নাই। আছুৰ পৰা দাবী জনোৱা হ'ল অনিল বৰাক অতি শীঘ্ৰে বিচাৰি উলিয়াব লাগে। পুলিচে হোজাই-লামডিং আৰু ওচৰ-পাজৰৰ ঠাইসমূহত তালাচী চলালে, কিন্তু কোনো সন্ধান পোৱা নগ'ল।

৮ অক্ট'বৰত (১৯৭২) স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত পিজিএছইউ, আইন মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু আছুৰ যুটীয়া বৈঠক বহিল। প্ৰসন্ন চৌধুৰী দুখত একেবাৰে ম্ৰিয়মান - কোনো কথা নকয়, তললৈ মূৰ কৰি চকী এখনত বহি আছে। আচলতে সকলোৰে অৱস্থা একে।

মোজাম্মিলৰ কৰুণ মৃত্যু আৰু অনিল বৰাৰ নিঃসন্ধানৰ বাবে কোনো সাজু নাছিল। প্ৰকৃততে এনেকৈ শ্বহীদ হোৱা ঘটনা বোধহয় তেতিয়াই প্ৰথম হৈছিল। কাৰো মুখত মাত নাই। কাঁহ পৰি জীন যোৱা অৱস্থা। আমি বৰ চিন্তিত হ'লোঁ। কি কৰা যায়। তেতিয়া অৱশ্যে জুম খাই পৰা সাংবাদিক, ফট' সাংবাদিক, টিভি কেমেৰামেনৰ জাক নাছিল। নহ'লে অৱস্থা বিষম হ'লহেঁতেন।

হঠাৎ আমাৰ সুবুদ্ধিৰ উদয় হ'ল। আমি আলাবৈৰ ৰণৰ বিপৰ্য্যয়ৰ কথা আলোচনা কৰিবলৈ ধৰিলোঁ। লাচিতে ঠিকেই কৌশল ৰচনা কৰি কোঠৰ পৰা ওলাই গৈ ৰামসিংহৰ মোগলবাহিনীক আক্ৰমণ কৰা নাছিল। লাচিতৰ লগতে পৰামৰ্শদাতা হিচাবে থকা প্ৰধান মন্ত্ৰী আতন বুঢ়াগোহাঁঞি ডাঙৰীয়াৰো একেই পৰামৰ্শ আছিল। কিন্তু ৰংপুৰত স্বৰ্গদেউ চক্ৰধ্বজ সিংহ অধৈৰ্য্য হৈ পৰিছিল। কোঠৰ পৰা ওলাই গৈ হ'লেও মোগলক কঁচুকটা দিব লাগে। স্বৰ্গদেউৰ আদেশ মানিবই লাগিব। সেইবাবে উপায়বিহীন হৈ বচা বচা কিছুমান সৈনিকক কোঠৰ পৰা ওলাই গৈ মোগল চাউনী আক্ৰমণ কৰিবলৈ আদেশ দিলে। ফলে বিপৰীত হ'ল।

মুকলিতে পাই লাচিতৰ বাচকবনীয়া যুঁজাৰুখিনিৰ ওপৰত ৰামসিংহৰ বৰটোপ চলিল, বন্দুক'বাৰুদ ফুটিল আৰু বহু অসমীয়া সৈনিকৰ প্ৰাণহানি হ'ল। লাচিত শোকত ভাগি পৰিল - উহ স্বৰ্গদেউ ঈশ্বৰে মোক কিয় এই হুকুম দিলে! আতন বুঢ়াগোহাঁঞি ডাঙৰীয়াই হেনো তেতিয়া লাচিতৰ বুজনি দিছিল - বাৰীৰ ভিতৰৰ পুখুৰী এটা সিঁচিলেও আঠ - দহজন মানুহক শিঙিয়ে বিন্ধে, এইখন যুঁজহে, মানুহ মৰিবই। মোৰ মনত আছে সেইদিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত হোৱা সভাত অসমৰ ইতিহাসৰ লাচিত-আতন সংবাদৰ দৰে সেই চিৰস্মৰণীয় বিৱৰণে মৃতসঞ্জীৱনীৰ কাম কৰিছিল। যিটো বাস্তৱ, যাক অস্বীকাৰ কৰা নাযায়, তাক গ্ৰহণ কৰি আগলৈ যোৱাটোৱেই উচিত আৰু আটাইয়ে এই কথা মানি লৈ পৰবৰ্তী কাৰ্য্যসূচীৰ ওপৰত আলোচনাত ব্যস্ত হৈ পৰিছিল।

১০ বা ১১ তাৰিখে (১৯৭২ ৰ অক্ট’বৰ মাহৰ সঠিক তাৰিখটো পাহৰিছোঁ) অনিল বৰাৰ সন্ধান ওলাল। হোজাইৰ নীলবাগান অঞ্চলত পুতি থোৱা অৱস্থাৰ পৰা অনিল বৰাৰ মৃতদেহ খান্দি উলিওৱা হ'ল। আছুৰ সহকাৰী সাধাৰণ সম্পাদক শ্বহীদ হৈ ঘূৰি আহিল। এই ঘটনাৰ পিছত অসমৰ সৰ্বত্ৰ সাংঘাটিক উত্তেজনাৰ সৃষ্টি হ'ল। অসমীয়া আৰু বঙালীৰ মাজত চেপা উত্তেজনা। আমাৰ ভয় হ'ল। বিধানসভাৰ সৰ্বনাশী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত হোৱা আন্দোলন এটা অসমীয়া - বঙালীৰ সংঘৰ্ষলৈ ৰূপান্তৰিত হয় বুলি। সকলো ঠাইতে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে - কেৱল বাট চাই আছে আছুৱে কি সিদ্ধান্ত দিয়ে তালৈ।

গুৱাহাটীৰ গণ্যমান্য লোকসকল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়লৈ আহিল, মহিলাসকল আহিল, সকলোৱে আছুক ক'লে অতি সাৱধানতাৰে বাট বুলিবলৈ।

বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিভাগৰ এখন ভেন আছিল - পৰীক্ষাৰ বহী আৰু প্ৰশ্নকাকত কলেজসমূহলৈ নিয়াৰ বাবে। তাৰ বাহিৰে ব্যৱহাৰ কৰিব পৰা গাড়ী নাছিল। ড্ৰাইভাৰ ৰামৰেখা, গুৱাহাটীতে থকা অসমীয়া বিহাৰী, অতিশয় বিশ্বস্ত আৰু নিপুণ ড্ৰাইভাৰ। আমি উপাচাৰ্য্য ৰাজখোৱা ছাৰক ক'লোঁ - বিশ্ববিদ্যালয়ৰ কাম নথকা সময়ত ভেনখন আমাক ব্যৱহাৰ কৰিবলৈ দিব লাগে। তেখেতে একো নক'লে - আমি ধৰি ল'লোঁ ছাৰৰ আপত্তি নাই। গতিকে তেতিয়াৰ পৰা ৰামৰেখাৰ গাড়ীখন আবেলিৰ পৰা ৰাতিলৈ আমাৰ লগত থাকে। প্ৰধান কাম দৈনিক অসম আৰু আসাম ত্ৰিবিউনলৈ গৈ আছুৰ বিবৃতি দি অহা।

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত প্ৰতিদিন আবেলি আমি আছুৰ বিবৃতি লিখোঁ, অসমীয়াত মই লিখোঁ, অমৰেন্দ্ৰ শৰ্মা অথবা উৎপলা হাজৰিকাই ইংৰাজীলৈ তৰ্জমা কৰে, সকলোবোৰ হাতে লিখা, টাইপৰ সুবিধা নাই। লিখি হোৱাৰ পিছত প্ৰসন্নই চহী কৰে আৰু সন্ধিয়া পৰত ৰামৰেখাক লৈ ভেনত উঠি জালুকবাৰীৰ পৰা চান্দমাৰীৰ ত্ৰিবিউন বিল্ডিঙলৈ যাওঁ আৰু সম্পাদক কীৰ্তিনাথ হাজৰিকা আৰু সতীশচন্দ্ৰ কাকতি ডাঙৰীয়াক লগ ধৰি বিবৃতি দি আহোঁ। কেতিয়াবা আকাশবাণীৰ চান্দমাৰী কাৰ্য্যালয়লৈ গৈ তাতো বিবৃতি দি আহোঁ আৰু কেতিয়াবা পিটিআইৰ কাৰ্য্যালয়তো এটা প্ৰতিলিপি দিওঁ।

অনিল বৰাৰ দুঃসংবাদটো পোৱাৰ পিছদিনা দৈনিক অসমলৈ যাওঁতে সম্পাদক কীৰ্তিনাথ হাজৰিকাই ক'লে - অকমান বহক (তেখেতে আটাইকে "আপুনি" বুলিয়েই কৈছিল)। কম কথা কোৱা মানুহজনে সেইদিনা কৈছিল - অসমৰ বিভিন্ন ঠাইৰ পৰা আমি খবৰ পাইছো, পৰিস্থিতি ভাল নহয়, আন্দোলনটোক সাম্প্ৰদায়িক ৰূপ দিব খোজা হৈছে, চৰকাৰীভাৱেও এই প্ৰচেষ্টা হৈছে, সেইবাবে আপোনালোকে বৰ সাৱধানে আন্দোলনৰ কাৰ্য্যসূচী ল'ব - যাতে মূল দাবীৰ পৰা আঁতৰি নাযায়, ইত্যাদি।

ঘূৰি আহি সকলো কথা আলোচনা কৰিলোঁ, প্ৰসন্ন আৰু আনসকলৰ লগত। আমি স্থিৰ কৰিলোঁ যে ভাষিক উত্তেজনা সৃষ্টি কৰিব পৰা কোনো বিবৃতি আছুৰ পৰা দিয়া নহঁব আৰু আন্দোলনৰ কাৰ্য্যসূচী যুগুত কৰোঁতে অতিশয় সাৱধানতা অৱলম্বন কৰা হ'ব।

(আগলৈ...)