নিমাতীঘাট ২০২১
- যতীন্দ্ৰ শইকীয়া
- /
- February 27, 2022

ৰাতিপুৱাৰ কোমল বেলিটো লৈ সৰিয়হডৰা বহি আছিল
কাষত থিয় হৈ চাংঘৰটো
অদূৰত অলেখ কাহিনীৰ ঘাট নিমাতীঘাট
সোঁতৰ বিপৰীতে উজাওঁ নে ভটিয়াওঁ
'মিথ'বোৰ কঢ়িয়াই
ভূতভূতি নাওঁ
হঠাতে নীলা কামিজটো উৰি উৰি
এজাক চৰাই হল
ঐনিতমৰ এটা কেঁচা সুৰত
এচমকা আকাশ
নিমাতীঘাট কোনে কয় তুমি নিমাত
তোমাৰ খং ,ক্ষোভ ,বিষাদ, আর্তনাদত
মুখৰ ভৰ দুপৰীয়াৰ আকাশ
স্পৰ্শকাতৰ নৈপৰীয়া বতাহ
কঁহুৱানিডৰাই নিজানত জুমি জুমি চায়
ভগা কলিজাৰ ৰং
বন্ধু তিনিজনৰ আপংৰ বাতিত
জীয়া জীৱনৰ সুৰ
কোৰ্হাল এৰি সন্ধিয়াৰ তৰাজাকে
নিমাতীঘাটত থুপ পাতিছে
'পেক আপ' কৰিবলৈ সময় নাছিল
আকাশখনৰ এক বিশাল বিন্দুত
কেমেৰাটো
এজন প্ৰাচীন পৰ্য্যটকৰ দৰে
ৰৈ থাকিল ।।