অসমীয়া ভাষা: জন্ম আৰু ঐতিহ্য


Image Description

পৃথিৱীৰ চহকী ভাষা হিচাপে প্ৰসিদ্ধ ভাষা কিছুমান হৈছে- গ্ৰীক, ফৰাছী, জাৰ্মান, লেটিন, ইংৰাজী ইত্যাদি৷

এই তালিকাত অসমীয়া ভাষাৰ নাম সুদুৰপৰাহত৷ কিন্তু উল্লিখিত ভাষাসমূহ যিটো ভাষা পৰিয়ালৰ অন্তৰ্গত সেই একেটা পৰিয়ালৰেই সদস্য হৈছে অসমীয়া ভাষা৷

আনহাতে, অসমীয়া ভাষাৰ ঐতিহ্য বিচাৰ কৰি এই কথা সাব্যস্ত কৰিব পাৰি যে, উল্লিখিত ভাষাবোৰৰ তুলনাত অসমীয়া ভাষাৰ মানদণ্ড কোনো গুণে কম নহয়৷

গ্ৰীক, ফৰাছী, জাৰ্মান, লেটিন, ইংৰাজী আদি ভাষাৰ লেখিয়াকৈ অসমীয়া ভাষাও হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল, ‘ইণ্ড'- ইউৰোপীয়’ৰ অন্তৰ্গত৷

অধিক সংখ্যক ভাষাতাত্বিক পণ্ডিতৰ মত অনুসৰি ইণ্ড'- ইউৰোপীয়ৰ এটা ঠাল খ্ৰীষ্টপূৰ্ব ২৫০০ৰ পৰা ২০০০ চনমানৰ ভিতৰত পূৱ মেছ'প'টেমিয়াৰ মাজেৰে আহি ইৰাণত প্ৰৱেশ কৰিছিল৷ মেছ'প'টেমিয়াত প্ৰৱেশ কৰা কালত এই ঠালটো আচ্ছিৰীয় আৰু বেবিল'নীয় সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল যদিও সেই সভ্যতাৰ সৈতে মিলি নগৈ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল৷

ইৰাণ-ইৰাক বা প্ৰাচীন পাৰস্যত প্ৰৱেশ কৰা এই ঠালটোৱেই হৈছে ইণ্ড'-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্যতম শাখা ইণ্ড'-ইৰাণীয়৷ ইণ্ড'- ইৰাণীয়সকলে নিজকে আৰ্য্য বুলি [আৰ্য্য অৰ্থাৎ সভ্য] গৌৰৱ কৰিছিল৷

ইণ্ড'-ইৰাণীয়ৰ কিছু ফৈদ আফগানিস্থানৰ মাজেৰে আহি খ্ৰীষ্টপূৰ্ব ১৯৫০ চনমানত ভাৰতত প্ৰৱেশ কৰিছিল আৰু ভাৰতত এওঁলোক ভাৰতীয় আৰ্য্যৰূপে পৰিচিত হৈ পৰিছিল৷

ভাৰতীয় আৰ্য্য ভাষাৰ ক্ৰমবিকাশ স্তৰ তিনিটা: প্ৰাচীন ভাৰতীয় আৰ্য্য ভাষা[প্ৰাভাআ], মধ্য ভাৰতীয় আৰ্য্য ভাষা [মভাআ] আৰু নব্য ভাৰতীয় আৰ্য্য ভাষা [নভাআ]৷

বৈদিক আৰু সংস্কৃত ভাষা হৈছে প্ৰাভাআৰ অন্তৰ্গত; পালি প্ৰাকৃত অপ্ৰভ্ৰংশ হৈছে মভাআৰ অন্তৰ্গত আৰু অসমীয়া, বাংলা, উড়িয়া, হিন্দী, পাঞ্জাৱী, মাৰাঠী আদি ভাষাবোৰ হৈছে নভাআ স্তৰৰ অন্তৰ্গত৷

অৰ্থাৎ অসমীয়া ভাষাটো হৈছে নৱ্য ভাৰতীয় আৰ্য্য ভাষাসমূহৰ অন্তৰ্গত অন্যতম এটা ভাষা৷

যিহেতু নভাআৰ সময় নিৰূপণ কৰা হৈছে খ্ৰীষ্টীয় নৱম-দশম শতিকাৰ পৰা বৰ্তমানলৈ; সেয়েহে পোনপোটীয়াকৈ ক’ব পৰা কথাটো হৈছে বাংলা, উড়িয়া, হিন্দী, পাঞ্জাৱী, মাৰাঠী আদি ভাষাসমূহৰ সমসাময়িকভাৱে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল খ্ৰীষ্ট্ৰীয় নৱম-দশম শতিকাত৷

ভাষাৰ জন্ম জীৱ-জন্তু বা উদ্ভিদৰ লেখীয়া নহয়৷ জীৱ-জন্তু বা উদ্ভিদে অতি কম সময়ৰ পৰিসৰত জন্মৰ প্ৰক্ৰিয়া সমাপ্ত কৰি বিকাশৰ পথত আগবঢ়াৰ দৰে ভাষাই কম সময়ৰ পৰিসৰত জন্মৰ প্ৰক্ৰিয়া সমাপ্ত কৰিব নোৱাৰে৷

ইয়াৰ বাবে প্ৰয়োজন হয় শ শ বছৰৰ৷ অসমীয়া ভাষাৰ ক্ষেত্ৰত ক’ব পাৰি ভাৰতীয় আৰ্য্য ভাষাৰ ক্ৰমবিকাশৰ তাত্বিক দিশ বিবেচনা কৰি অসমীয়া ভাষাৰ জন্ম খ্ৰীষ্টীয় নৱম-দশম শতিকাত হোৱা বুলি মন্তব্য দিয়া হয় যদিও, অসমীয়া ভাষাৰ জন্মৰ প্ৰক্ৰিয়া ইয়াৰো চাৰিশ-পাঁচশ বছৰৰ আগৰ পৰা হৈছিল৷

এই যুক্তিৰ সমৰ্থনত [১] চতুৰ্থ-পঞ্চম শতিকাৰ অসমৰ শিলালেখসমূহৰ ভাষা; [২] সপ্তম শতিকাত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপৰ মানুহৰ ভষাৰ বিষয়ে দাঙি ধৰা মন্তব্য ('Their speech differed a little from that of mid India') আৰু [৩] ষষ্ঠ-দ্বাদশ শতিকাৰ কামৰূপৰ হিন্দু ৰজাসকলৰ তামৰ ফলিৰ ভাষা আদিক প্ৰামাণ্য সাক্ষ্য হিচাপে উপস্থাপন কৰিব পাৰি৷

মুঠৰ ওপৰত খ্ৰীষ্টীয় পঞ্চম শতিকামানতে জন্মৰ প্ৰক্ৰিয়া আৰম্ভ হৈ অসমীয়া ভাষাই নৱম-দশম শতিকাত এক স্বতন্ত্ৰ আৰু শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে৷

সেই সময়ছোৱাৰ চৰ্য্যাপদৰ ভাষা আৰু পৰৱৰ্তী প্ৰাক্‌শংকৰী যুগৰ অসমীয়া লিখিত সাহিত্যত অসমীয়া ভাষাৰ স্বতন্ত্ৰ আৰু শক্তিশালী ৰূপৰ পৰিচয় বাৰুকৈয়ে পোৱা যায়৷

(অহা সংখ্যাত সমাপ্ত)

(৪ জুলাইত অসম জাতীয় পৰিষদে উদযাপন কৰা 'ভাষা দিৱস'ত লিখকে আগবঢ়োৱা বক্তব্য)।।