তুমি শিকালা মানুহ কৰিলা
[শিক্ষক দিৱস উপলক্ষে]
- ড॰ অৱনী কুমাৰ ভাগৱতী
- /
- September 5, 2021

আকাশলৈ চাইছিলোঁ যদিও
নীলাৰ ভাষা বুজা নাছিলোঁ৷
মাটিত খোজ থৈছিলোঁ যদিও
পলসৰ অৰ্থ বুজা নাছিলোঁ৷
নদীত গা ধুইছিলোঁ যদিও
সোঁতৰ শক্তি বুজা নাছিলোঁ৷
মানুহৰ মাজতে আছিলোঁ যদিও
হৃদয়ৰ গান শুনা নাছিলোঁ৷
ওঁঠত ভাষা গুজি
চকুত ছৱি আঁকি
হৃদয়ত সৃষ্টি-চেতনাৰ বীজ সিঁচি
তুমি আমাক মানুহ কৰিলা৷
আমিযে মানুহ
গছৰ দৰে আমাৰো যে শিপা আছে
পাত আছে–
লতাৰ দৰে আমাৰো যে গতি আছে
প্ৰেম আছে–
জোনাকীৰ দৰে আমাৰো যে পোহৰ আছে
প্ৰাণ আছে–
তুমি তাকেই শিকালা
আমাক মানুহ কৰিলা৷
তুমি যে আচাৰ্য্য
পথৰ প্ৰহৰী
তুমি যে প্ৰেৰণা
জীয়াই থকাৰ
আনকো জীয়াই ৰখাৰ–
তুমি যে অনুভূতি
সুৰ মুকুতিৰ
গীত মুকুতিৰ৷৷