দুটা কবিতা


Image Description

আই

কল্পনা চৌধুৰী, ৭৫৭৫৯২৮৩৮৩

মন-দাপোণত এয়াচোন মোৰ মৰমী আই
কিবা যেন ক'বা এতিয়াই
যদিও নোকোৱা একো
তথাপিও তাহানিৰ কথাবোৰ
দিয়া সোঁৱৰাই।

জুহালৰ চুঙাটোৱে
তোমাৰ মুখৰ 'ফু'ত
সুমধুৰ মূৰ্চ্ছনাৰে
অন্তৰৰ আৱেগ মিশ্ৰিত সুৰে
সুৰ ঢালি যায়।

ধোঁৱাময় হৈ পৰিল হাইহাল
এলেন্ধুৱা বাটত জোঁটা-পোটা খালে
কেঁচা-খৰিৰ কুণ্ডলী পকোৱা
ধোঁৱাবোৰে।

ধীৰ গতিত বৈ অহা
দুধাৰ নীৰে, ধোঁৱা খোৱা যাতনাৰ কথা
প্ৰকাশিলে
তোমাৰ দুই নয়নে।

গৰকি আহিলোঁ মই
ষাঠিৰ ডেওনা
কিদৰে যতনাই ৰাখিম
মনৰ আইনা?
আশিস বিচাৰোঁ তোমাৰ পৰা----
অটুট থাকিব তেহে----
'নিৰোগ ভাবধাৰা'।।

কিয়?

চিন্ময় চৌধুৰী

প্ৰতিবাদী সত্তা হেৰাই যোৱা
বজ্র কণ্ঠ ৰুদ্ধ হোৱা,
নিস্বাৰ্থ জাতিপ্রেমৰ অভাৱ
নিম্নগামী হোৱা সৎ স্বভাৱ
মাতৃভক্তিৰ অৱক্ষয়
একেবাৰে ভাল কথা নহয়।

হেৰা বন্ধু,
মাতৃভূমিক হৃদয়ত লগোৱা
মাতৃপ্রেমত বিলীন যোৱা
জাতিৰ প্ৰতি দ্বায়বদ্ধ হোৱা
কিয় তুমি বেয়া পোৱা?
কিয়?
কিয়?
কিয়?