অসমীয়া সাহিত্যত
জীৱনী সাহিত্যৰ দীনতা


Image Description

অসমীয়া সাহিত্যত সাৰ্থক আৰু যথাৰ্থ জীৱনীৰ অভাৱ বৰ্তমানলৈকে পূৰণ নহ'ল বুলি ক'লেও ভুল কোৱা নহয়।আজিলৈকে যিমানকেইখন জীৱনী ৰচিত হ'ল, তাৰ বেছিভাগেই হয় উপন্যাসধৰ্মী নহয় পুৰণি চৰিত পুথিৰ আৰ্হিত ৰচিত জীৱনৰ গুণানুকীৰ্তন মাত্ৰ।

কিন্তু মানুহ মাত্ৰেইতো সৰ্ব গুণনিধি নহয়; মানুহৰ জীৱন দোষ-গুণ,সবলতা-দুৰ্বলতাৰে সমষ্টি মাথোন।

অসমীয়া সাহিত্যৰ এই বিশেষ দিশটোৰ দুৰ্বলতাৰ কাৰণো অৱশ্যে নথকা নহয়। প্ৰথম কথা, অসমীয়া জাতিৰ এটা চাৰিত্ৰিক দোষ হৈছে আমি প্ৰয়োজনতকৈ অধিক আৱেগ-প্ৰৱণ, পৰিশ্ৰমবিমুখী আৰু একনিষ্ঠতাহীন। লগতে আছে এজন মানুহৰ জীৱনী লিখিবলৈ যিমান গৱেষণালব্ধ অধ্যয়নৰ প্ৰয়োজন তাৰ অভাৱ ইত্যাদি।

এজন ব্যক্তিৰ বিষয়ে ৰচিত নিখুঁত জীৱনীত প্ৰতিফলিত হ'ব লাগিব তেওঁৰ তদানীন্তন সমাজখনকে আদি কৰি নায়কৰ মনৰ আশা, আকাংক্ষা, তেওঁৰ মনোজগতৰ সংঘাত, তেওঁৰ চিন্তাধাৰা,জীৱনত সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিত নায়কজনৰ দৃষ্টিকোণৰ আত্মনিৰ্লিপ্ত বিৱৰণ অৰ্থাৎ নায়কৰ জীৱনৰ হুবহু চিত্ৰাংকন।

কিন্তু এই আটাইখিনি সামৰাৰ লগতে ই হ'ব লাগিব ৰসাল আৰু মনোগ্ৰাহীও। এক কথাত ক'বলৈ গ'লে প্ৰকৃত জীৱনীকাৰজন হ'ব লাগিব প্ৰভূত সাহিত্যিক প্ৰতিভাৰ অধিকাৰী ও কথা শিল্পী।

জীৱনীকাৰৰ ৰচনাত প্ৰতিফলিত হ'ব লাগিব লেখকৰ বস্তুনিষ্ঠ আৰু মনোবৈজ্ঞানিক বিশ্লেষণ। তাৰ বাবে জীৱনীকাৰজনৰ থাকিব লাগিব প্ৰচুৰ সমাজতত্ব আৰু মনস্তত্ত্বৰ জ্ঞান।

যিহেতু এজন ব্যক্তিৰ জীৱনীয়েই হৈছে তেওঁৰ জীৱনৰ আৰু তদানীন্তন সময়ৰ সমাজখনৰ এখন দলিল স্বৰূপ;গতিকে ই হ'ব লাগিব নায়কজনৰ জীৱনৰ বিষয়ে প্ৰচুৰ তথ্যসম্বলিত। আনকি তেওঁ বিভিন্ন সময়ত বিভিন্নজনলৈ লেখা ব্যক্তিগত চিঠি-পত্ৰও বাদ পৰিব নালাগিব।কিয়নো চিঠি-পত্ৰত ব্যক্তি এজনৰ মন আৰু দৃষ্টিভংগীৰ প্ৰতিফলন ঘটে।

জীৱনী আৰু আত্মজীৱনী কিন্তু একে সাহিত্যকৰ্ম নহয়। আত্মজীৱনী হ'ল ব্যক্তি এজনৰ এনে এবিধ জন্ম বৃত্তান্ত ,য'ত ব্যক্তিজনে তেওঁৰ জীৱনৰ কিছুমান বিশেষ সময়ৰ স্মৃতিবোৰ তেওঁৰ নিজস্ব দৃষ্টিভংগীৰে ৰোমন্থন কৰি লিপিবদ্ধ কৰে। অৰ্থাৎ আত্মজীৱনী হ'ল জীৱনৰ আৰু মনৰ নিৰ্দিষ্ট এক অৱস্থাত কৰা আত্মপ্ৰকাশ আৰু আত্মবিচাৰ।

আত্মজীৱনীত লেখকজন নিজৰ ক্ষেত্ৰত কেতিয়াও নিৰপেক্ষ হোৱাটো সম্ভৱপৰ নহয়।কিয়নো তেওঁৰ প্ৰকাশভংগীয়ে ব্যক্তিগত জীৱনৰ লগত জড়িত আন এজনক আঘাট দিব পাৰে। আত্মজীৱনী হ'ল সম্পূৰ্ণভাৱে আত্মনিষ্ঠ সৃষ্টি।

কিন্তু জীৱনীত ব্যক্তি একোজনৰ জীৱনৰ প্ৰতিফলন ঘটে দ্বিতীয় এজনৰ দৃষ্টিভংগীৰে। গতিকে জীৱনী ৰচনাৰ ক্ষেত্ৰত জীৱনীকাৰজনৰ বিশ্লেষণ আৰু দৃষ্টিভংগী নিৰপেক্ষ হোৱাটো উচিত। লগতে ই সম্ভৱপৰো যদিহে জীৱনীকাৰজন বীৰপূজা আৰু আদৰ্শাত্মক মনোভাৱৰ দ্বাৰা নায়কৰ প্ৰতি পক্ষপাতদুষ্ট হৈ নপৰে। জীৱনীকাৰজন হ'ব লাগিব নিৰ্ভীক, স্পষ্টবাদী আৰু সত্যসন্ধানী।

পশ্চিমীয়া সাহিত্য জীৱনী সাহিত্যত তুলনামূলকভাৱে যথেষ্ট চহকী। ইয়াৰ মূলতে আছে জীৱনীকাৰসকলৰ উৎসাহ, উদ্যম, পৰিশ্ৰম ক্ষমতা আৰু একনিষ্ঠতা।একো একোটা গুৰুত্বপূৰ্ণ তথ্য উদ্ঘাটন অথবা ফটো , চিঠি আদি সংগ্ৰহৰ বাবে সাত সাগৰ তেৰ নদী পাৰ হৈ যাবলৈকো তেওঁলোকে কুণ্ঠাবোধ নকৰে।

আত্মবিশ্বাস, নিৰ্ভীকতা আৰু কঠোৰ পৰিশ্ৰমশীলতা তেওঁলোকৰ জাতীয় চৰিত্ৰ হোৱা বাবেই হয়তো পশ্চিমৰ বেছিসংখ্যক ব্যক্তিবিশেষৰ জীৱন চৰিত পোহৰলৈ আহিছে। সেইসমূহ অসমীয়ালৈ অনুবাদ কৰি আমাৰ অসমীয়া জীৱনী সাহিত্যৰ ক্ষেত্ৰখনলৈও আমি অৱদান আগবঢ়াব পাৰোঁ। কিন্তু আমাৰ অসমতো এনে বহু গুণী জ্ঞানী ব্যক্তি আছে যি সকলৰ জীৱন আজিও অন্ধকাৰৰ অটল গৰ্ভত বন্দী হৈ হয়তো নীৰৱে চকুলো টুকিছে।

বিজ্ঞানভিত্তিক অধ্যয়ন আৰু গৱেষণালব্ধ প্ৰচেষ্টাৰে অসমৰ মানুহে পাহৰি যোৱা সেই সাধাৰণৰ মাজৰ অসাধাৰণ অসম সন্তানসকলৰ জীৱনবোৰক পোহৰলৈ আনি জীৱনী সাহিত্যক চহকী কৰাৰ লগতে তেখেতসকলৰ প্ৰতি ন্যায় বিচাৰ কৰিব আমি নোৱাৰোনে??