তিনিটা কবিতা
- ছামছিং হাঞ্চে
- /
- September 11th, 2022

(১)
জীৱনলিপি
ওৰেটো জীৱনত
কিমান বিলাই দিলোঁ
প্ৰতিদান কিমান পালোঁ,
কি বিচাৰিছিলোঁ
আৰু কিনো পালোঁ,
মোৰ ওচৰত তাৰ
কোনো স্মৃতিয়েই নাই৷
সত্যক দোহাই দি
জীৱনী পাতবোৰ
যদি লুটিয়াই চাওঁ
দৃঢ়তাৰে কওঁ,
ময়েই জিকিছোঁ৷
তথাপিতো,
তুমিতো ক’বাই
ময়ো হৰা নাই...।।
(২)
ৰামধেনু
সোণ চেকুৰা মোৰ!
নিচেই ওচৰতেই আছিলা
যদিও
তোমাৰ দুচকুৰ ভাষাৰে
ক’ব খোজা কথাবোৰ
একোকে নুবুজিলোঁ৷
তোমাৰ শ্বাস-প্ৰশ্বাসৰ
উত্তপ্ত অনুভৱ
মোৰ অন্তৰত এতিয়াও বিদ্যমান৷
তোমাৰ হাঁহি মাতে [নে বিলাপ?]
আৰু তোমাৰ সেই সুৰৰ প্ৰতিধবনিবোৰ
দিগন্তত ঠেকা খাই
আজিও
মোৰ ওচৰলৈকে পুনৰ উভতিবলৈ
বিচাৰে৷
কিন্তু এতিয়া
তোমাৰ অৱস্থিতিচোন
পূব দিগন্ততহে৷।
(৩)
সময়
ভাত-ঘুমটি ভঙা
মাজনিশা–
দূৰৈৰ কোনোবা বননিৰ পৰা ভাঁহি অহা
‘বতৰ যায় ঐ, বতৰ যায় ঐ’
বুলি ইনাই-বিনাই
ৰৈনো ৰৈ কেতেকী পখীৰ মাত৷
মইনাজনীৰ মাক– অলপ উঠাচোন,
বিপদ-আপদলৈ বুলিয়েই
সযতনে সাঁচি থোৱা
আগতীয়া ধানৰ সঁচ
অলপমান আছেনে বাৰু?
ভৱিষ্যতৰ ভৰ-বাৰিষাত
নৰিয়াপাটীত যদি পৰোঁ
অন্ততঃ মঙল চোৱাবলৈ
আৰু
যদিহে পূজা-পাতলৰ প্ৰয়োজন হয়,
পূজাৰ বেদীত
নৈবেদ্যৰ চাউলমুঠিৰ কাৰণে
অন্ততঃ আমিও
এতিয়াই যুঁজিব লাগিব৷।