উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৬
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

[যোৱা সংখ্যাৰ পিছৰ পৰা]

অসমৰ বিভিন্ন জিলাৰ পৰা ছাত্ৰ সন্থাৰ নেতা আৰু প্ৰধান কৰ্মীসকল গোট খালেহি অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰেক্ষাগৃহত৷ ২৯ ছেপ্তেম্বৰ ১৯৭২৷ দিনটোৰ বিভিন্ন কাৰ্য্যসূচীৰ পিছত সন্ধিয়াৰ পৰা আৰম্ভ হ’ল ২৩ ছেপ্তেম্বৰত অসম বিধান সভাই গ্ৰহণ কৰা পশ্চাদঘাতী সিদ্ধান্তৰ ওপৰত আলোচনা আৰু ছাত্ৰ সন্থাই কি কাৰ্য্যসূচী গ্ৰহণ কৰিব তাৰ ওপৰত দীঘলীয়া চৰ্চা৷

বিধান সভাৰ প্ৰস্তাৱক সকলোৱে একমুখে বিৰোধিতা কৰিলে আৰু অতি শীঘ্ৰে এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰা হ’ল৷ শিক্ষাৰ মাধ্যমসম্পৰ্কীয় মূল প্ৰস্তাৱটোৰ ওপৰত আলোচনা হৈ আছে৷ আমি কেইজনমানে সভাগৃহত বহি প্ৰস্তাৱটোৰ খচৰা প্ৰস্তুত কৰি আছোঁ৷ সকলো একমত অসমত উচ্চ শিক্ষাৰ মাধ্যম অসমীয়াই হ’ব লাগিব৷

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সহকাৰী সাধাৰণ সম্পাদক প্ৰফুল্ল ডেকা আমাৰ কাষতে বহি আছিল, ক’লে প্ৰস্তাৱটোত ‘অসমৰ ভৌগলিক চাৰিসীমাৰ ভিতৰত অসমীয়াই একমাত্ৰ উচ্চ শিক্ষাৰ মাধ্যম হ’ব’ বুলি স্পষ্টকৈ থাকিব লাগে৷ এই ‘ভৌগলিক চাৰিসীমা’ৰ কথাটো আটাইৰে পছন্দ হ’ল আৰু পিছত মঞ্চত ঠিয় হৈ যেতিয়া প্ৰস্তাৱটো পঢ়ি দিলোঁ, আটাইয়ে সমৰ্থন জনালে৷

সদৌ অসম ছাত্ৰ সন্থাৰ পৰা স্পষ্টভাৱে কোৱা হ’ল যে অসমৰ চাৰিসীমাৰ ভিতৰত অসমীয়াই একমাত্ৰ মাধ্যম হ’ব, তাৰ বাহিৰে আন কোনো মাধ্যম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজে গ্ৰহণ নকৰে৷ লগতে এইকথাও কোৱা হ’ল আঞ্চলিক ভাষাক উচ্চ শিক্ষাৰ মাধ্যম কৰাটো কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু অসমত ইয়াক কাৰ্য্যকৰী কৰিবলৈ যাওঁতে আন কোনো সিদ্ধান্তই ছাত্ৰ সন্থাই নামানে৷ অসমত অসমীয়া ভাষা, অসমৰ ভৌগলিক চাৰিসীমাৰ ভিতৰত অসমীয়া ভাষা নহ’লে অসমীয়া ভাষা ক’ত থাকিব৷

দৃঢ়তাৰে ছাত্ৰ সন্থাই এই কথা উত্থাপন কৰিলে৷ মঞ্চত দিয়া ছাত্ৰ নেতাসকলৰ ভাষণত উজ্বলি উঠিল নগাঁও কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু পুৰণা নগাঁও জিলাৰ এগৰাকী শক্তিশালী ছাত্ৰ নেতা অনিল বৰা৷

বেছি সমস্যা নোহোৱাকৈ আমি আশা কৰা ধৰণেই ছাত্ৰ সন্তাৰ নতুন কাৰ্য্যনিৰ্বাহক গঠন হ’ল সেই নিশাই৷ সভাপতি হ’ল গুৱাহাটী বিশ্ববিদ্যালয় আইন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীপুলকেশ বৰুৱা, সাধাৰণ সম্পাদক শ্ৰীপ্ৰসন্ন নাৰায়ণ চৌধুৰী আৰু সহকাৰী সাধাৰণ সম্পাদক শ্ৰীঅনিল বৰা৷ কাৰ্য্যনিৰ্বাহকৰ সকলোৰে নাম মনত পৰা নাই, কিন্তু আজিৰ দৰে তেতিয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বা উপদেষ্টা পদবোৰ নাছিল৷

৩০ ছেপ্তেম্বৰতো অধিৱেশনৰ কিছু কিছু কাম আছিল৷ সেই দিনাই নতুন কাৰ্য্যনিৰ্বাহকে দায়িত্ব গ্ৰহণ কৰিলে আৰু ২৩ ছেপ্তেম্বৰৰ অসম বিধান সভাৰ সৰ্বনাশী সিদ্ধান্তটো প্ৰত্যাহাৰ নহয় মানে এক সৰ্বাত্মক আন্দোলন অসমৰ এমূৰৰ পৰা সিমূৰলৈ গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এয়াই আছিল ১৯৭২ৰ মাধ্যম আন্দোলনৰ আৰম্ভণি৷

৩ অক্ট’বৰ [১৯৭২]ত আছুৰ কাৰ্য্যনিৰ্বাহক বহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত আৰু আন্দোলনৰ কাৰ্য্যসূচী সম্বন্ধে আলোচনা হ’ল৷ বহু আলোচনাৰ পিছত ৫ অক্টে'বৰত ‘অসম বন্ধ’ ঘোষণা কৰা হ’ল৷ মাজত মাথোঁ এদিন সময়, সেইবাবে কোনো কোনোৱে আপত্তি কৰিছিল যে বন্ধৰ আয়োজন কৰিবলৈ অসুবিধা হ’ব৷ কিন্তু বিধান সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল ২৩ ছেপ্তেম্বৰত, ইতিমধ্যেই বহুখিনি পলম হৈ গৈছে৷ গতিকে আটায়ে ৫ অক্ট'বৰৰ 'অসম বন্ধ'ৰ সিদ্ধান্ত মানি ল’লে৷

তেতিয়া টেলিভিছন নাই, ম'বাইল নাই, এখন ঠাইৰ পৰা আন এখন ঠাইৰ মানুহলৈ [অসমৰ ভিতৰতে] ফ'ন কৰিবলৈ হ’লে ট্ৰাংক কল বুক কৰিব লাগে– কেতিয়াবা দুদিনৰ পিছতহে লাইন পোৱা যায়৷ যোগাযোগৰ বাবে একমাত্ৰ ব্যৱস্থা প'ষ্ট কাৰ্ড বা ইনলেণ্ড লেটাৰ বা হালধীয়া খামৰ চিঠি– ডাকঘৰৰ জৰিয়তে ৷ আৰু এনেকুৱা চিঠিবোৰ কেতিয়া পাব তাৰো কোনো ভৰসা নাই৷

আকাশবাণী চৰকাৰী অনুষ্ঠান– ছাত্ৰ সন্থাৰ বিবৃতি দিবও পাৰে নিদিবও পাৰে৷ দিলেও কাটিকুটি অকমাণমানহে দিব৷ সেইবাবে আমাৰ একমাত্ৰ ভৰসা আছিল কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনত প্ৰকাশ পোৱা ‘দৈনিক অসম’ আৰু সতীশ চন্দ্ৰ কাকতিৰ সম্পাদনাৰ ‘আসাম ট্ৰিবিউন’৷ এই দুইখন বাতৰিকাকতেই ছাত্ৰ সন্থা আৰু ৰাইজৰ মাজত একমাত্ৰ যোগাযোগ আছিল৷ এতিয়াৰ দৰে তেতিয়াও ‘আসাম ট্ৰিবিউন’ কিছু সংৰক্ষণশীল আছিল–জুখিমাখি, সম্পাদিত ৰূপতহে ছাত্ৰ সন্থাৰ কথাবোৰ প্ৰকাশ কৰিছিল৷ কিন্তু ‘দৈনিক অসম’ আছিল ব্যতিক্ৰম, যেন অসমীয়া জাতীয়তাবাদৰ এক অংকুৰ৷

১৯৭২ত ‘দৈনিক অসম’ নথকা হ’লে আমি নিৰূপায়-নিঃসহায় হ’লোঁহেঁতেন৷ ছাত্ৰ সন্থাৰ প্ৰতিটো খবৰ পিছদিনাখন ৰাতিপুৱাই জনসাধাৰণৰ ওচৰলৈ লৈ গৈছিল 'দৈনিক অসমে'৷

৩ অক্টে'বৰৰ ৰাতিয়েই ছাত্ৰ সন্থাৰ নেতাসকল ট্ৰেইনযোগে বা আই কিবা ব্যৱস্থা কৰি নিজ নিজ জিলালৈ ৰাওনা হৈছিল৷ তেতিয়া ৰাতিৰ বাছ [নাইট চুপাৰ]ৰ ব্যৱস্থা নাছিল আৰু গুৱাহাটীলৈ গাড়ী ভাড়া কৰি আনিব পৰা সামৰ্থ্যও অতি কম মানুহৰ আছিল৷ গাড়ীও তেতিয়া এম্বেছাদৰ আৰু ফিয়েট, এই দুখনেই৷ ডিব্ৰুগড়, তিনিচুকীয়াৰ কেইবাজনো ছাত্ৰ নেতাই নিজৰ পৰিয়ালৰ এম্বেছাদৰ গাড়ী লৈ আহিছিল, গতিকে তেওঁলোকৰ অসুবিধা নহ’ল৷

হাতত মাঁথো ৪ অক্ট’বৰ দিনটো৷ আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত বহি বিভিন্ন ঠাইৰ ছাত্ৰনেতাসকললৈ টেলিগ্ৰাম লিখিলোঁ [Assam Bandh 5 October] আৰু দুপৰীয়া এজনে গৈ পাণবজাৰৰ টেলিগ্ৰাফ অফিছৰ পৰা আটাইবোৰ পঠাই আহিল৷ টেলিগ্ৰামৰো ভৰসা নাই– একেদিনাই বা অন্ততঃ পিছদিনাই পাবলগা টেলিগ্ৰাম কেতিয়াবা এসপ্তাহ বা দহদিনৰ পিছতো নাপায়গৈ৷ তথাপি ৰাতিপুৱাই ‘দৈনিক অসম’ত বন্ধৰ বাতৰি ওলাই গৈছে– গতিকে আমি একপ্ৰকাৰ নিশ্চিন্ত৷

তেতিয়া 'অসম বন্ধ' এক বিৰল ব্যৱস্থা। ৫ অক্ট'বৰৰ আগতে ‘অসম বন্ধ’ হৈছিল নে নাই, কাকো মনত নাছিল৷ কিজানি ১৯৭২ৰ ৫ অক্ট’বৰৰ 'অসম বন্ধ'ই প্ৰথম সৰ্বাত্মক বন্ধৰ আহ্বান আছিল৷ ৪ অক্ট’বৰৰ সন্ধিয়া ৬.৪৫ বজাত আকাশবাণীৰ আঞ্চলিক বাতৰিয়ে আমাক হতচকিত কৰিলে৷ অসমৰ এখন অতি প্ৰভাৱশালী জিলা ছাত্ৰ সন্থা দৰং জিলা ছাত্ৰ সন্থাই [তেতিয়াৰ অবিভক্ত দৰং জিলা, ওদালগুৰি, মঙ্গলদৈৰ পৰা তেজপুৰ হৈ বিশ্বনাথলৈকে] ৫ অক্ট’বৰৰ অসম বন্ধত সহযোগিতা নকৰে৷ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীবৃন্দাবন গোস্বামীয়ে বিবৃতি দিছে যে অতি কম সময়ত বন্ধৰ আহ্বান দিয়া বাবে বন্ধ উদ্‌যাপনৰ লগত সহযোগিতা কৰাটো সম্ভৱ নহয়৷

গৃহ মন্ত্ৰী হিতেশ্বৰ শইকীয়াই ইয়াৰ বাবে দৰং জিলা ছাত্ৰ সন্থাক ধন্যবাদ দিছে [স্বৰ্গীয় হিতেশ্বৰ শইকীয়াৰ অলেখ কূটকৌশল, ঘৰ ভঙা ৰাজনীতিৰ কিজানি সেয়াই আৰম্ভণি আছিল]৷ আকাশবাণীয়ে এই বাতৰি বাৰে বাৰে বজাবলৈ ধৰিলে৷ কি কৰা যায়, মহা বিপাঙত পৰিলোঁ৷

অবিভক্ত দৰঙত যদি 'অসম বন্ধ' নহয়, বৰ ডাঙৰ অঘটন হ’ব৷ কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত থকা মঙলদৈ, তেজপুৰ, বিশ্বনাথৰ বহু ছাত্ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয় পালেহি৷ তেওঁলোকৰ কথা হ’ল দৰঙতো বন্ধ হ’বই– স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সকলোৱে নিজৰ নিজৰ ঘৰলৈ আৰু বন্ধু-বান্ধৱলৈ টেলিফ'ন কল বুক কৰিলে, গোটেই ৰাতি তেওঁলোক টেলিফ'নত ব্যস্ত থাকিল৷

যেতিয়াই কল আহিল আটাইকে অনুৰোধ কৰিলে পুৱাই ওলাই যাব লাগে বন্ধ কাৰ্য্যকৰী কৰিবলৈ৷ মা-দেউতা, বাই-ভনী, ভাই-বন্ধু যাকেই ফ'নত পালে– কাতৰ অনুৰোধ- বন্ধ হ’ব লাগিব দৰঙতো৷ ইংৰাজী বিভাগৰ ছাত্ৰ বিবেক বৰাৰ [পিছৰ বছৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱা প্ৰণৱ বৰাৰ জ্যেষ্ঠ ভাতৃ] ফ'ন কৰোঁতে কৰোঁতে মাত ভাগিল৷ মাজনিশাৰ পিছত তেওঁলোকে প্ৰসন্ন চৌধুৰীক ক’লে একো চিন্তা কৰিব নালাগে– অহাকালি সমগ্ৰ দৰং জিলাতে আছুৰ জয়ধবজা উৰিব, বন্ধ সকলোতে হ’ব৷ আৱেগে আমাৰ সকলোকে আবৰি ধৰিলে৷

৪ অক্ট'বৰত গোটেই নিশা আমি বহুবিলাক স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়তে থাকিলোঁ৷ চকীত বহি আৰু মহৰ কামোৰ খাই৷ ৫ অক্ট'বৰৰ পুৱা ৬ বজাৰ পৰা বন্ধ আৰম্ভ হ’ল৷ আকাশবাণীৰ পুৱা ৭ বজাৰ বাতৰিত [নতুন দিল্লীৰ পৰা প্ৰখ্যাত বাতৰি পঢ়োঁতা লিলি দাস মালিক] ভাল খবৰ আহিল– অসমত বন্ধ পালন হৈছে সৰ্বত্ৰ [বৰাক উপত্যকাৰ বাহিৰে]৷ আমি আটায়ে আশ্বস্ত হ’লোঁ৷ প্ৰথমবাৰৰ বাবে অসমৰ ৰাইজ একত্ৰিত হ’ল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি নিৰ্ভেজাল মৰম প্ৰকাশ কৰিলে৷ ইয়াতকৈ আৰু কি লাগে!

কিন্তু আবেলিলৈ বেয়া খবৰ আহিল৷ এটা নহয়, দুটা বেয়া খবৰ৷ এনেকুৱা খবৰৰ বাবে আমি কোনো সাজু নাছিলোঁ৷ [আগলৈ]