ৰঞ্জিত বৰপূজাৰী – অসমীয়া জাতীয় চিন্তাৰ প্ৰথম শ্বহীদ


Image Description

১৯৬৭ চনৰ জুলাই মাহত কটন কলেজত প্ৰাক্‌-বিশ্ববিদ্যালয় শাখাত নামভৰ্ত্তি কৰিছিলো৷ দুদিনমান আছিলো মোৰ দাদাৰ লগত, আসাম ত্ৰিবিউন বিল্ডিঙৰ ওপৰ তলাত থকা দুটা ৰূমৰ এটাত [দাদা আসাম ত্ৰিবিউনৰ কৰ্মচাৰী আছিল]৷ অন্য ৰূমটোত প্ৰথিতযশা সাহিত্যিক স্বৰ্গীয় নিৰোদ চৌধুৰী৷ কটন কলেজৰ দ্বিতীয় ছাত্ৰাবাসত থাকিবলৈ পোৱা বুলি শুনি মোক স্বৰ্গীয় চৌধুৰী ডাঙৰীয়াই জোকাইছিল– ‘হেৰা, তাত উজনিৰ চাহ খেতিয়কৰ ল’ৰাবোৰ থাকে হে, বৰ ফিটফাট৷ সকলোবোৰ প্ৰেমিক প্ৰেমিক লগা বৰ ধুনীয়া ধুনীয়া ল’ৰা৷ তুমি পাৰিবানে তাত?’ মই তেতিয়া কথা পাতিবই নাজানো, কটনত ভৰ্তি হোৱাৰ আগে আগে লংপেণ্ট পিন্ধিবলৈ শিকিছোঁ, একেবাৰে ঘোচ গাঁৱলীয়া ল’ৰা৷ ভয়ে ভয়ে জুলাইৰ প্ৰথমটো সপ্তাহ পাৰ নৌহওঁতেই এদিন আবেলি দ্বিতীয় ছাত্ৰাবাস পালোগৈ৷ কলেজ হোষ্টেল ৰোডৰ ফালে থকা মস্ত ব্লকটোৰ বাৰান্দাতে বস্তু-বাহানি লৈ হাজিৰ হ’লো– তাৰ পৰা আগুৱাব নোৱাৰিলোঁ৷ হোষ্টেলৰ কেইজনমান জ্যেষ্ঠ ছাত্ৰ আগুৱাই আহি দাদাক তাৰ পৰাই পঠাই দিলে আৰু মোৰ দায়িত্ব তেওঁলোকে লোৱা বুলি জনালে৷ পিছতহে বুজি পাইছিলোঁ ‘ৰেগিং’ বোলা বস্তুটোৰ সেয়া আৰম্ভণি৷ বস্তু-বাহানি বাৰান্দাতে থ’বলৈ কৈ মোক তেওঁলোকে সেইটো ব্লকৰে আগফালে সোঁ চুকত থকা প্ৰতিমূৰ্তি এটাৰ ওচৰলৈ লৈ গৈ তাতে সেৱা জনাবলৈ ক’লে৷ ভয়ে ভয়ে মূৰ তুলি চাই দেখিলো, তাত থকা ফলকখনত লিখা আছে ‘শ্বহীদ ৰঞ্জিত বৰপূজাৰী, 8 জুলাই ১৯৬০৷’ এই বিষয়ে মই কিছু শুনিছিলোঁ– আমি নিচেই সৰু থাকোঁতেই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ বাবে হোৱা আন্দোলনত দ্বিতীয় ছাত্ৰাবাসৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰী পুলিচৰ গুলীত ছাত্ৰাবাসৰ বাৰান্দাতে [য’ত তেতিয়া মই ঠিয় হৈ আছিলোঁ] নিহত হৈছিল– পাব্বী নামৰ গুৱাহাটীৰ মহা মহাপ্ৰতাপী পুলিচ অধীক্ষক গৰাকীয়ে নিজেই হেনো কটনৰ ছাত্ৰৰ ওপৰত হোৱা বৰ্বৰ আন্দোলনৰ নেতৃত্ব লৈছিল৷ কমবয়সীয়া ৰঞ্জিত বৰপূজাৰী অসমীয়া ভাষা, অসমীয়া স্বাভিমান, অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে হোৱা আন্দোলনৰ প্ৰথম শ্বহীদ হৈছিল৷

দ্বিতীয় ছাত্ৰাবাসত থকা চাৰিটা বছৰৰ প্ৰতিটো ‘8 জুলাই’ত আমি ৰঞ্জিত বৰপূজাৰীৰ প্ৰতিমূৰ্তিৰ সন্মুখত থিয় দি ভাষা-আন্দোলনৰ স্মৰণ কৰিছিলোঁ৷ ১৯৬০ চনৰ ৩০ জুলাইৰ সংখ্যাত ‘পলিটিকেল এণ্ড ইকনমিক উইক্‌লী’ত প্ৰয়াত পি চি গোস্বামীয়ে [বোধহয় প্ৰভাস চন্দ্ৰ গোস্বামী] লিখা ‘ৰাজনৈতিক কৌশলহীনতাৰ শোকাবহ পৰিণতি’ [Tragedy of Political Tactlessness] শীৰ্ষক প্ৰৱন্ধ বহু বছৰৰ মূৰত পঢ়িবলৈ সৌভাগ্য হৈছিল [Economic and Political Weekly Vol. 12, Issue No. 31, 30 July 1960]৷ সেই প্ৰৱন্ধৰ পৰা তদানীন্তন অসমৰ পৰিৱেশ আৰু ৰঞ্জিত বৰপূজাৰী শ্বহীদ হ’ব লগা কেনেকৈ হ’ল, সেই বিষয়ে কিছু জানিব পাৰিছিলোঁ৷

সেই সময়ত অসমত অসমীয়াভাষী লোকৰ সংখ্যা প্ৰায় ৬৭ ভাগ আছিল [তেতিয়াৰ অসম বৰ অসম আছিল]৷ প্ৰায় ১৯ শতাংশ বাঙালী লোকৰ সৰহখিনিয়েই আছিল বৰাক উপত্যকাত, কিন্তু এইসকল লোকে কোৱা বাঙালী ভাষাটো বাংলাভাষাৰ পৰা সিমানেই বেলেগ আছিল যিমানখিনি বেলেগ আছিল অসমীয়া ভাষাৰ পৰা৷ লামডিং আদি কেইখনমান ৰেলৱে নগৰতো কিছু সংখ্যক বাঙালী লোক আছিল কিন্তু বিভিন্ন কাৰণত তেওঁলোক গৰিষ্ঠ অসমীয়া মানুহখিনিৰ লগত মিলিজুলি আছিল৷ খাচীয়া-জয়ন্তীয়া পাহাৰ আদিত থকা জনজাতীয় মানুহখিনিয়ে নিজৰ ভাষা আৰু দোৱান ব্যৱহাৰ কৰিছিল, কিন্তু তেওঁলোকৰ সংখ্যা অসমৰ মুঠ জনসংখ্যাৰ ৫ শতাংশৰ বেছি নাছিল৷ নগাপাহাৰ আৰু নেফাৰ [এতিয়াৰ অৰুণাচল প্ৰদেশ] লোকসকলেও ‘লিংগুৱাফ্ৰাংকা’ হিচাবে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল৷ স্বতঃসিদ্ধভাৱেই অসমৰ ৰাইজে ১৯৫০ চনৰ পৰাই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাবে গ্ৰহণ কৰাৰ বাবে দাবী জনাই আছিল৷ কিন্তু বিভিন্ন ৰাজনৈতিক অংকত আউল লগাৰ ভয়ত অসম চৰকাৰে বিষয়টো এৰাই চলিছিল৷ ১৯৬০ চনৰ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শেষৰফালে বিৰোধী দলসমূহৰ পৰা বিধানসভাত প্ৰস্তাৱ দাঙি ধৰা হ’ল যে চৰকাৰে অতি শীঘ্ৰে অসমত অসমীয়াক ৰাজ্যভাষা হিচাবে ঘোষণা কৰিব লাগে৷ তেতিয়াৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় বিমলা প্ৰসাদ চলিহাই বিধানসভাত এক অদ্ভূত ঘোষণা কৰিলে যে, অসমীয়া ভাষাক ৰাজ্যভাষা হিচাবে ঘোষণা কৰিব লাগে, এই দাবীটো আহিব লাগে অনা-অসমীয়াসকলৰ পৰা৷ পৰোক্ষভাৱে তেখেতে বুজাই দিলে যে অনা-অসমীয়াসকলক অসন্তুষ্ট কৰি অসমীয়া ভাষাক ৰাজ্যভাষা ঘোষণা কৰিব নোৱাৰে৷ অসমৰ সংকট মুহুৰ্তবোৰত আমাৰ নিজৰ মানুহেই ৰাজ্যখনৰ স্বাৰ্থক সদায় বিশ্বাসঘাতকতা কৰি আহিছে৷ সেইবাবেই ১৯৬০ৰ মাজভাগত অসমৰ ৰাইজ জ্বলি উঠিল, আৰম্ভ হ’ল ভাষা আন্দোলনৰ৷ ৰঞ্জিত বৰপূজাৰী শ্বহীদ হ’ল, সূৰ্য্য বৰা হেৰাই গ’ল আৰু ক’ত যে দুৰ্ঘটনা নঘটিল৷ শেষত যেনিবা ১৯৬১ চনত ৰাজ্যভাষা আইনখন হ’ল, ইচ্ছাকৃতভাৱে তাত বহু সুৰুঙা ৰখা হ’ল আৰু এতিয়া আমি জানো যে ৰাজ্যভাষা আইন আজিও কাৰ্য্যকৰী নহ’ল পূৰ্ণাংগ ৰূপত৷ ১৯৬০ৰ ভাষা আন্দোলনে উত্থাপন কৰা বহু কথা তেনেকৈয়ে ৰৈ গ’ল আৰু সমগ্ৰ পূৰ্বাঞ্চলত অসমীয়া ভাষাই যি গুৰুত্বপূৰ্ণ ভূমিকা এসময়ত লৈ আছিল, সেয়া ক্ৰমে ক্ৰমে অধিক সংকুচিত হৈহে আহিব ধৰিছে৷৷