অসমীয়া ভাষা সম্পৰ্কে


Image Description

বিষ্ণুপ্ৰসাদ ৰাভা

... 'গতিকে অসমীয়া ভাষাৰ বৰ্তমান বিশেষত্ব গঢ়িছে খৰাছীসকলে৷ কাৰণ আগেয়ে ৰে’ল-জাহাজ নাছিল, গতিকে তেতিয়া যি কোনো ভাষা-কৃষ্টি বা সভ্যতা অসমীয়াৰ অন্তঃস্থলত আহিব লগা হ’লে খৰাছী জাতিৰ মাজেদি জঙা বা জুমাই ৰসৰ দৰে নিগৰি নিগৰি ওলাই আহি মাজ পাওঁতে ই নতুন ৰূপ লৈছিল৷ অসমৰ সুকীয়া অসমীয়া কৃষ্টি থকা অঞ্চলৰ পশ্চিমবাহৰ বা দুৱাৰ ৰক্ষা কৰি আছে লালুং, ৰামছ, ডিমাছা খছাৰীসকলে, আৰু পূৱ-দুৱাৰৰ ফাটোৱাল দুৱৰীৰূপে আছে বৰাহী, মৰাণ, দেউৰী, চুতীয়া, সোণোৱাল আদি হালালী ৰাজ্যৰ খছাৰীসকলে, উত্তৰে হিমালয় পৰ্বতশাৰী আছেই৷ গতিকে অসমৰ অসমীয়া ভাষা, কৃষ্টি, সভ্যতা, বেছিভাগ অৱদান খছাৰীসকলৰ হ’বই লাগিব আৰু হয়ো৷ বহুতে ক’ব পাৰে, খছাৰীৰ নিজৰ মাতৃভাষা আছে৷ বোলো দেও, সিটো ঘৰুৱা ভাষা৷ কিন্তু এইটো পাহৰিলা নে যে খছাৰীসকল এসময়ত শাসক জাতি [dominant] আছিল। গতিকে শাসনৰ সুচলৰ কাৰণে সিহঁতে আৰু এটা ভাষা গঢ়ি লৈছিল; সেই কাৰণে খছাৰীসকল অতীজতে যেনে দো-ভাষাভাষী [bi-linguous] আছিল এতিয়াও সেয়েই৷ গতিকে কামৰূপীয়া ভাষা তথা প্ৰাচীন অসমীয়া ভাষাৰ গঢ় দিওঁতা, খছাৰীসকলো৷’...

ড০ নগেন শইকীয়া

... 'দ্বাদশ-ত্ৰয়োদশ শতিকাৰ পৰা হাতেৰে ঢুকি পোৱা অজস্ৰ সমলে কৈ আছে সৌমাৰপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ, কামপীঠৰ ৰজাসকলৰ ৰাজ্যশাসনৰ ভাষা আৰু ব্যাৱহাৰিক ভাষা আছিল আজিৰ অসমীয়া ভাষাৰ তেতিয়াৰ ৰূপ৷ এই ৰজাসকলৰ পৃষ্ঠপোষকতাতে কন্দলীৰ ৰামায়ণ, হৰিহৰ বিপ্ৰ-ৰুদ্ৰ কন্দলীৰ ৰচনা, শংকৰদেৱ-মাধৱদেৱৰ ৰচনা, বুৰঞ্জীসমূহ, হস্তীপুথিৰ দৰে চিত্ৰিত পুথি আদি মধ্যযুগৰ অসমীয়া ভাষাৰ সস্পদসমূহ বৰ্ধিত হ’ল৷ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ পৰা উদ্ভূত ভাষা কোৱা যিসকল লোক পুৰণি অসমৰ উল্লিখিত ৰজাসমূহৰ ৰাজ্যৰ অধিবাসী আছিল সেইসকলৰ আৰু ইণ্ড'-ইউৰোপীয় ভাষাৰ লগত সম্পৰ্ক থকা মুষ্টিমেয়সকলৰো মাতৃভাষা হৈ উঠিল এতিয়া অসমীয়া ভাষাৰূপে চিহ্নিত তেতিয়াৰ ভাষাটি৷ অসমৰ ঠাইৰ নাম, নদীৰ নাম, লোক-উৎসৱ লোকাচাৰ আদিৰ বিচাৰেই প্ৰমাণ কৰে কেনেকৈ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ লগত সম্পৰ্ক থকা লোকসকলে নিজৰ অৱদানেৰে অসমীয়া ভাষা আৰু সংস্কৃতিক তেওঁবিলাকৰ বাবে গঢ়ি তুলিলে৷ যিসকল লোক স্বতন্ত্ৰ ৰাজ্যত থাকিল তেওঁবিলাকৰ মাজত আৰু যিসকল চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ পৰা উদ্ভূত ভাষা কোৱা লোক পিছত প্ৰব্ৰজন কৰি আহিল, তেওঁবিলাকৰ মাজতহে নিজৰ ভিতৰত কথিত ৰূপত সেই সেই ভাষা চলি থাকিল; বহল ব্যাৱহাৰিক প্ৰয়োজনৰ বাবে অৱশ্যে অসমীয়া ভাষাই তেওঁবিলাকৰ ভাষা হৈ থাকিল৷

নিৰপেক্ষ, ঐতিহাসিক বিশ্লেষণে দেখুৱাব যে অসমীয়া ভাষাটো অসমৰ বাহিৰৰ পৰা আহি থিতাপি লোৱা ভাষাতো নহয়েই, ই অসমৰ মাটিত হোৱা, অসমৰ থলুৱা মানুহৰ দ্বাৰা সৃষ্টি কৰি লোৱা থলুৱা ভাষা৷ এতেকে ইয়াক আৰ্য্যকুলজ ভাষা বুলি একেকোবেই চাপ মাৰি দিয়া কেনো প্ৰকাৰে সম্ভৱ নহয়৷ যিসকলে এনেকৈ চাপ মাৰিব খোজে তেওঁবিলাকে ঐতিহাসিক সত্যৰ বিকৃতি ঘটাই বিভ্ৰান্তিৰ সৃষ্টি কৰি অসমৰ থলুৱা জনসাধাৰণৰ বাবে ভাষিক আত্মহননৰ পথ মুকলি কৰি দিব খোজে৷ মন কৰিবলগীয়া কথা যে অসমীয়া ভাষা কোৱা এটা বিশেষ সম্প্ৰদায় নাই; অসমীয়া ভাষা অসমৰ প্ৰায় সকলো সম্প্ৰদায়ৰ নিজৰ ভাষা৷ ... ...

আমাৰ ইয়াত পাৰ্বত্য অঞ্চলক এই সাংস্কৃতিক বিৱৰ্তনৰ ঢৌৱে সতকাই স্পৰ্শ কৰিব নোৱাৰিছিল বাবে আমাৰ বিভিন্ন গোটৰ জীৱন যাত্ৰাৰ পদ্ধতিৰ মাজত নিজস্ব ৰীতি-নীতিৰ সাঁচ বহুত দিনলৈকে আছিল; এতিয়াও উত্তৰ-পূৰ্বাঞ্চলৰ অনেক ভিতৰুৱা ঠাইত আছে৷ কিন্তু এইটোও মন কৰিবলগীয়া কথা যে ভৈয়ামত গঢ় লোৱা অসমীয়া ভাষা আৰু সংস্কৃতিৰ মাজত এইসকলৰ ভাষিক আৰু সংস্কৃতিৰ উপাদানো মিহলি হৈ আছে৷ তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত অসমীয়া ভাষাৰ স্থানীয় ৰূপেই উমৈহতীয়া ভাব-প্ৰকাশৰ মাধ্যম হৈ আহিছে৷

... ... এইষাৰ কথা ক’বই লাগিব যে অসমীয়া ভাষাটো কোনো এটা বিশেষ সম্প্ৰদায়ে কঢ়িয়াই অনা ভাষা নহয়; ই প্ৰয়োজনত সৃষ্টি হোৱা উমৈহতীয়া থলুৱা ভাষা৷ এইষাৰো ক’ব লাগিব যে, অসমীয়া ভাষা যিসকলৰ আজি মাতৃভাষা, সেইসকল বিভিন্ন নৃ-গোষ্ঠীৰ পৰা হোৱা বিভিন্ন সম্প্ৰদায়ৰ লোক৷ নৃ-গোষ্ঠীগত বিচাৰেৰে অসমীয়া ভাষাক কোনোবা এটা ঠালত পেলোৱা সম্ভৱ নহয়৷' ...

উৎস

অসমীয়া আৰু অসমৰ

ভাষা-উপভাষা

ড০ উপেন ৰাভা হাকাচাম

(নিজা সংগ্ৰহ)