উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৫
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

[যোৱা সংখ্যাৰ পিছৰ পৰা]

মাধ্যম আন্দোলনৰ প্ৰথম পৰ্য্যায়ৰ সমাপ্তি হ’ল ১২ জুন ১৯৭২ত৷ জুলাই মাহত স্নাতকোত্তৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ল আৰু আমি আটায়ে পৰীক্ষাৰ বাবে ব্যস্ত হৈ পৰিলোঁ৷ কিন্তু আমি আটায়ে জানিছিলো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১২ জুনৰ সিদ্ধান্তৰ বিৰুদ্ধে কাছাৰ আৰু লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰো বাংলাভাষী সংগঠিত হৈছে৷ আটাইতকৈ ডাঙৰ কথা আছিল অসম চৰকাৰখনো সিদ্ধান্তটোৰ বিৰুদ্ধে আছিল আৰু কেৱল ভোটৰ স্বাৰ্থত বাংলাভাষীক কেনেকৈ সন্তুষ্ট কৰি ৰাখিব পাৰি তাৰ সন্ধানত আছিল৷

শ্ৰদ্ধেয় শৰৎ চন্দ্ৰ সিংহ ১৯৭২ৰ জানুৱীৰ মাহত অসমৰ মুখ্য মন্ত্ৰী হৈছিল৷ আচলতে ‘হৈছিল’ নহয়, তেতিয়াৰ মুখ্য মন্ত্ৰী স্বৰ্গীয় বিষ্ণুৰাম মেধিক আঁতৰাই প্ৰধান মন্ত্ৰী আৰু কংগ্ৰেছৰ প্ৰধান ইন্দিৰা গান্ধীয়ে শৰৎ চন্দ্ৰ সিংহক মুখ্য মন্ত্ৰী পাতিছিল৷ সেই বছৰতে হোৱা ৰাজ্য বিধান সভাৰ নিৰ্বাচনত সিংহৰ নেতৃত্বত কংগ্ৰেছে বিপুল সংখ্যাগৰিষ্ঠতাৰে অসম নিজৰ হাততে ৰাখিছিল৷ প্ৰথমবাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হৈ অহা স্বৰ্গীয় হিতেশ্বৰ শইকীয়াক সিংহই অসমৰ গৃহ মন্ত্ৰীৰ দায়িত্ব দিছিল৷

সেই সময়ত সিংহ আৰু শইকীয়াই কৰা কিছুমান উক্তিৰ পৰা স্পষ্ট হৈছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ সিদ্ধান্ত নস্যাৎ কৰিবলৈ তেওঁলোকে কিবা এটা কৰিব৷ সেই সময়ত বৰাক-ব্ৰহ্মপুত্ৰৰ বাঙালীৰ [বিশেষকৈ হিন্দু বাঙালীৰ] সমৰ্থন নহ’লেই নহয় কংগ্ৰেছ দলৰ৷ আমি সেইবাবে শংকিত হৈ আছিলোঁ৷

পৰীক্ষা হৈ যোৱাৰ পিছত সকলোবোৰ ঘৰাঘৰি গ’ল ।কাৰণ লগে লগেই গৰমৰ বন্ধ৷ কিন্তু অসম চৰকাৰে কি কৰে ঠিক নাই সেই ভাবি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্যসকলক চৌহদতে থাকিবলৈ আহ্বান জনোৱা হ’ল৷ প্ৰসন্ন চৌধুৰী, অমৰেন্দ্ৰ শৰ্মা, শৈলেন দাস আৰু আমি কেইবাজনো চৌহদতে ৰৈ গ’লোঁ৷ মেছবোৰো বন্ধ৷ সেইবাবে ২ নম্বৰ ছাত্ৰাবাসৰ ৰান্ধনী এজনক বুজাই-পৰাই অমৰেন্দ্ৰ শৰ্মাই তাতেই দুপৰীয়া আৰু ৰাতিৰ খোৱাৰ ব্যৱস্থা কৰিলে৷ ভাত-দাইল আৰু আলু সিদ্ধ, কেতিয়াবা কণী৷ গৰমৰ বন্ধটো আমি তেনেকৈয়ে কটালোঁ [আগষ্ট ১৯৭২] । চৰকাৰে কেতিয়া কি কৰে ঠিক নাই৷ ছেপ্তেম্বৰত ছাত্ৰ-ছাত্ৰীসকল চৌহদলৈ ঘূৰি আহিল আৰু আমিও সাধাৰণ কাম-কাজ আৰম্ভ কৰিলোঁ৷

ছেপ্তেম্বৰতে অঘটন ঘটিল৷ ২৩ ছেপ্তেম্বৰ তাৰিখে অসম বিধান সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে যে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাই উচ্চ শিক্ষাৰ মাধ্যম হ’ব– কিন্তু বৰাক উপত্যকাত সুকীয়া এখন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷ কাৰো বুজিবলৈ বাকী নাথাকিলে যে বৰাক উপত্যকাত প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনৰ মাধ্যম হ’ব বাংলা ভাষা– হয়তো ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাংলাভাষী অঞ্চলত থকা মহাবিদ্যালয়বোৰো সেইখন বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব৷ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক সুকীয়া সুকীয়াকৈ বিবেচনা কৰি অসম বিধান সভাই ৰাজ্যখন দুভাগ কৰিবলৈ ওলোৱাৰ দৰে হ’ল৷

অসম বিধান সভাই এনেকুৱা এক বিশ্বাসঘাতকী সিদ্ধান্ত ল’ব বুলি আমি ভবা নাছিলোঁ৷ ২৩ ছেপ্তেম্বৰ ১৯৭২ আছিল অসমৰ ইতিহাসৰ এক ‘ক’লা’ দিন৷ আমাৰ ১২৬ জন বিধায়কে বিনাপ্ৰতিবাদে এটা সৰ্বনাশী সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই দিনটোতে৷

সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে৷ স্নাতকোত্তৰ ছাত্ৰ সন্থাই ২৪ ছেপ্তেম্বৰত আটাইকে জনাই দিলে যে বিধান সভাৰ সিদ্ধান্ত কেতিয়াও মানি লোৱা নহয়৷ সদৌ অসম ছাত্ৰ সন্থাইও বিবৃতি দিলে৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দপদপাই উঠিল৷সেই দিনকেইটাত প্ৰস্তুতি চলি আছিল সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন পাতি নতুন আৰু পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰাৰ বাবে৷ জালুকবাৰীৰ অসম ইঞ্জিনিয়াৰিং কলেজত ২৯ ছেপ্তেম্বৰত [১৯৭২] অধিৱেশন৷ ছাত্ৰ সন্থাৰ ভিতৰুৱা ৰাজনীতি আৰম্ভ হৈ গৈছে৷ কোন সভাপতি হ’ব, কোন সাধাৰণ সম্পাদক হ’ব৷ আমি বিচাৰিছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ হাততে থাকিলে পৰবৰ্তী পৰ্য্যায়ৰ আন্দোলন চলোৱা সহজ হ’ব৷ [আগলৈ]