স্মৃতি, সময় আৰু আনি আৰনও


Image Description

আনি আৰনও [ফৰাচী উচ্ছাৰণ আনি এখনও]ৰ সাহিত্য সৃষ্টিৰ অসাধাৰণ প্ৰতিভা আৰু শৈলীক এই বৰ্ষত নবেল বঁটাৰে ভূষিত কৰা হৈছে৷

আনৰওৰ কিতাপসমূহ চুটি আৰু তেওঁৰ সাহিত্যত অনাহক শব্দৰ খেলা নাই৷ কম শব্দতে তেওঁ নিজৰ ক’বলগীয়াখিনি পোনপটীয়াকৈ পেলায় আৰু তেওঁৰ ব্যক্তব্যই পাঠকৰ হৃদয় চুই যায়৷ সাহিত্য সৃষ্টিৰ এই খেলখনত আৰনওৰ অস্ত্ৰ হৈছে স্মৃতি৷

আৰনওৰ প্ৰায়বোৰ কিতাপৰেই উৎস হৈছে তেওঁৰ স্মৃতি৷ স্মৃতিৰ লগত তেওঁ শব্দৰে এখন সূক্ষ্ম আৰু হৃদয়স্পৰ্শী ছবি আঁকে; এই ছবি হৈ পৰে সময়, জাতি, দেশ আৰু ধৰ্মৰ প্ৰাচীৰ ভাঙি বিশ্বৰ প্ৰতিজন পাঠকৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰিব পৰাৰ ক্ষমতা থকা এখন অসাধাৰণ ছবি৷

আৰনওৰ কিতাপবোৰ আচলতে উপন্যাস নহয়, স্মৃতিৰ টুকুৰা কিছুমানহে৷ বহুতেই আৰনওৰ কিতাপসমূহক তেওঁৰ আত্মজীৱনীৰ একো একোটা টুকুৰা বুলি কয়৷ এই ক্ষেত্ৰত নাম ল’ব পাৰি তেওঁৰ বহুপাঠিত উপন্যাস ‘হেপিনিং’ৰ৷ ১৯৬৩ চনত আনি আৰনও গৰ্ভৱতী হৈ পৰিছিল৷ তেওঁৰ বয়স আছিল ২৩ বছৰ আৰু তেওঁ আছিল অবিবাহিত৷ ক’লেজৰ চোকা শিক্ষাৰ্থী হিচাপে আৰনওৰ সপোন আৰু আকাংক্ষা সীমাহীন আছিল। কিন্তু অনাকাংশিত গৰ্ভধাৰণে তেওঁক লাজ আৰু ভয়ৰ এন্ধাৰৰ পিনে ঠেলি লৈ যাবলৈ ধৰিলে৷

ফ্ৰান্সত সেই সময়ত গৰ্ভপাত নীতিবহিৰ্ভূত আছিল৷ এই অনৈতিক কাম কৰা নাৰীক সমাজে হেয়ৰ চকুৰে চাইছিল৷ আৰনওৰ মানসিক অৱস্থাও দিনে দিনে বেয়াৰ ফালে ঢাল খালে৷ অহৰহ তেওঁ ভবি থাকিবলৈ ধৰিলে ডাক্তৰৰ ওচৰ নচপাকৈ কেনেকৈ তেওঁ গৰ্ভত থকা ভ্ৰুণটোক আঁতৰাব পাৰে৷

সেই দিনবোৰৰ কথা সুৱঁৰি তেওঁ লিখিছে, ‘দুশ্চিন্তাই মোক আৱৰি ধৰিছিল৷ বাকী সকলো কথা অৰ্থহীন হৈ পৰিছিল৷’ এই গৰ্ভধাৰণে কেনেকৈ তেওঁক এগৰাকী ‘বেয়া’ নাৰী হিচাবে প্ৰমাণিত কৰিব, কেনেকৈ তেওঁৰ পঢ়াৰ সপোন, চাকৰিৰ সপোন ভাঙি চুৰমাৰ কৰিব, কেনেকৈ তেওঁ অৱশেষত এটি ‘ৱৰ্কিং ক্লাছ প্ৰডাক্ট'ত পৰিণত হ’ব– এনেবোৰ চিন্তাই আৰনওক দিকভ্ৰান্ত কৰি তুলিলে৷

ক’লেজৰ বাথৰূমত নিজে গৰ্ভপাত কৰাবলৈ চেষ্টা কৰি আনি প্ৰায় মৃত্যুৰ দুৱাৰদলি পালে৷ হস্পিটেলত চিকিৎসকবোৰৰ ককৰ্থনাৰ সন্মুখীন হ’ল৷ এজন চিকিৎসকে ইমান বেয়াকৈ গালি পাৰিলে যে আৰনওৰ অনুভৱ হ’ল, ‘তেওঁ চাগে মোক মৰিবলৈ এৰি দিব৷’

আনিৰ স্মৃতিৰ এই সৰু টুকুৰাটোৱে হৈ পৰিল এখন আলোড়নকাৰী, চিন্তা উদ্ৰেককাৰী উপন্যাস৷ এই উপন্যাসৰ, এই ঘটনাৰ কোনো সময় নাই, সমাজ বা দেশ নাই৷ আনি আৰনওৰ এই উপন্যাসে যুগ যুগ ধৰি, প্ৰতিটো সময়ৰ প্ৰতিখন সমাজৰ নাৰীৰ বিবেক আৰু হৃদয়ৰ তাড়নাৰ কথা কয়৷ অবিবাহিত অৱস্থাত গৰ্ভধাৰণ কৰা প্ৰতিগৰাকী নাৰীৰ মনস্তুত্বৰ প্ৰতিফলন ঘটিছে আনি আৰনওৰ উপন্যাস ‘হেপিনিং’ত৷

কেৱল ৯৩ পৃষ্ঠাৰ এই উপন্যাসখনে দেখুৱাই দিয়ে লিখক, মানুহ আৰু এগৰাকী নাৰী হিচাপে আনি আৰনও কিমান প্ৰতিভাশালী আৰু কিমান সাহসী৷।