অভিযোগ নহয় মহা-অভিযোগ


Image Description

চাৰি বছৰৰ আগৰ কথা। কাশ্মীৰত প্ৰায় ডেৰ হাজাৰ জোৱানৰ এটা বিশাল বাহিনী স্থানান্তৰিত হৈছে। কাশ্মীৰ স্পৰ্শকাতৰ অঞ্চল।

জোৱানসকলে হেলিকপ্টাৰ বিচাৰিলে। কেন্দ্ৰীয় চৰকাৰে নিদিলে। স্হলেৰে স্থানান্তৰিত হ'ল। দীঘলীয়া বাট। কূটকৌশল চলিল। কূটাঘাতত ৪০ জন জোৱানৰ মৃত্যু হ'ল। ঠাইখিনি হ'ল পলুৱামা।

আবেলি ৰাজ্যপাল সত্যপাল মালিকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ক'লে যে কেন্দ্ৰই হেলিকপ্টাৰ যোগান ধৰা হ'লে ৪০ জন জোৱানৰ মৃত্যু নহ'লহেঁতেন। মোডীৰ উত্তৰটো আছিল: 'তুম চুপ ৰ'হো।' হয়, মোডীয়ে এইটো ভাষাই ব্যৱহাৰ কৰিছিল। দুয়ো ইজন সিজনৰ বহু পৰিচিত।

মালিক এতিয়া প্ৰাক্তন ৰাজ্যপাল। চাৰি বছৰৰ মূৰত মালিকে ঘটনাটো সদৰি কৰে। মালিকে বোধহয় বিবেক দংশনত ভুগিছিল। নোকোৱাকৈ থাকিব নোৱাৰিলে। কৃষক আন্দোলনৰ সময়তো মালিকে স্পষ্ট ভাষাত মোডীক সমালোচনা কৰিছিল। তেতিয়া মেঘালয়ৰ ৰাজ্যপাল আছিল!

মালিকৰ কথাখিনি দেশজুৰি আলোচনাৰ মূল বিষয় হৈছে। প্ৰধান মন্ত্ৰী মোডী নীৰৱে আছে। দেশবাসী হতভম্ব হৈছে। মালিকে ইমান পতিয়নযোগ্যভাৱে কৈছে যে মোডীৰ নীৰৱতাত আচৰিত হ'বলগীয়া একো নাই!

'চুপ' শব্দটোৱেই সকলো কৈছে! দেশবাসীয়ে তেনেকৈ ভাবিবলৈ বাধ্য হৈছে। অৰ্থাৎ, প্ৰধান মন্ত্ৰী মোডীৰ দোষৰ বাবেই ৪০ জনে প্ৰাণ হেৰুৱাইছিল।

অভিযোগৰ পৰিসৰ আৰু বাঢ়িছে। কূটাঘাতৰ বিষয়টো মোডীয়ে নিৰ্বাচনৰ বিষয় কৰি পেলালে। মানুহে মোডীক বিশ্বাস কৰিলে। বিজেপিৰ আকৌ জয় হ'ল।

সেইবাবেই আৰু প্ৰশ্ন উত্থাপিত হৈছে। গোটেই ঘটনাটো মোডীৰ পৰিকল্পনা নেকি? ক্ষমতা পাবলৈ ৪০ জন জোৱানৰ জীৱন বিসৰ্জ্জন দিয়া হৈছিল নেকি?

উত্তৰ লাগিব। জোৱানৰ পৰিয়ালে দাবী কৰিছে। দেশবাসীক পতিয়নযোগ্য উত্তৰ লাগিব। এদিন উত্তৰ ওলাব। লাগে মাথোঁন এটা কটকটীয়া অনুসন্ধান।।