কাৰবিসকলৰ উত্থান আৰু বিকাশ: এক ৰূপ-ৰেখা


Image Description

ইয়াৰ বাহিৰে কাৰবিসকলৰ কোনো উল্লেখযোগ্য যুদ্ধ-বিগ্ৰহৰ তথ্য পোৱা নাযায়৷ ইয়াৰ বিপৰীতে য’তেই অসুবিধাৰ সন্মুখীন হৈছে নিৰাপদ স্থানলৈ কাৰবিসকলে প্ৰত্যাৱৰ্তন কৰিছে৷

ইফালে আহোমসকলৰ দুই বিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মনোমালিন্যৰ বাবে ১৮১৬ চনত অসমলৈ ব্ৰহ্মদেশৰ [বৰ্তমান ম্যানমাৰ] পৰা মানসকল আহিছিল আৰু এই মানসকলক বদন চন্দ্ৰ বৰফুকনেই অসমলৈ মাতি আনিছিল৷ সেই সময়তো মানৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ থলুৱা জনগোষ্ঠীবোৰ বিভিন্ন ঠাইলৈ পলায়ন কৰিছিল৷ ইয়াৰ পৰা কাৰবি জনগোষ্ঠীয়েও নিশ্চয় হাত সাৰিব পৰা নাছিল৷

সেয়ে কাৰবিসকলো উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত তথা বাংলাদেশৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজিত হোৱাৰ থল থাকিব পাৰে নিৰাপত্তাজনিত কাৰণত৷ এইখিনিতে অৱশ্যে উল্লেখ কৰিব পাৰি যে ছাৰ এডৱাৰ্ড এলবাৰ্ট গ্যেইটৰ ‘A History of Assam' গ্ৰন্থত উল্লেখ আছে:

‘In July 1765, it was found necessary to undertake punitive operations against the Mikirs. Two forces were sent against them. The one entered the hills at the back of Chapanala, while the other ascended the Kopili and Jamuna rivers to take the offending villages in the rear. The result was most satisfactory. The two forces, having effected a junction in the hills, defeated the Mikirs, then came in with tribute, and begged for forgiveness.’

এইটোৱেই কাৰবিসকলৰ বিৰুদ্ধে আহোমৰ একমাত্ৰ অভিযানৰূপে গণ্য হৈছে৷ সেয়ে কাৰবিসকলে যুদ্ধ-বিগ্ৰহ সততে এৰাই চলিছিল বুলি অনুমান কৰিব পাৰি৷

পৰৱৰ্তী সময়ত দেখা গ’ল কাৰবিসকলে ৰংখাং অঞ্চলৰ ছ’চেঙত স্থায়ী ৰাজধানী পাতি ৰাজকাৰ্য্য চলাবলৈ আৰম্ভ কৰিলে৷ ৰংহাং ৰংবঙক চাৰি ভাগত ভাগ কৰি লয় শাসনৰ সুবিধাৰ্থে: ৰংহাং আৰটু– ৰংহাং লিন্দক, ৰংকেচ’ আৰটু– টেৰণ লিন্দক, ৰংপি আৰটু– ৰংপি লিন্দক আৰু কিলিং আৰটু– কিলিং লিন্দক৷

আনফালে, নদীসমূহক ভিত্তি কৰিয়েই যিহেতু পুৰণি দিনত সভ্যতা-সংস্কৃতি গঢ় লয়, সেয়ে কাৰবিসকলৰো কপিলী নদী আৰু উপনদী বৰাপানী নদীয়েই সকলো দিশৰ পৰা তেওঁলোকৰ আয়ুসৰেখা বুলিব পাৰি৷ কাৰবিসকলৰ সামাজিক জীৱনৰ চিত্ৰও দেখিবলৈ পোৱা যায়– জিৰকেদাম আৰু ৰূকাছেন গীতৰ মাজত৷

কাৰবিসকলৰ বৌদ্ধিক উত্তৰণত মিছনেৰীসকলৰ অৱদান এৰাই চলিব নোৱাৰি৷ পশ্চিম কাৰবি আংলঙৰ টিকা পাহাৰতেই মিছনেৰীসকলে প্ৰথমে খোজ পেলাইছিল৷ জননায়ক ছেমছনছিং ইংতিৰ পিতৃ থেংকুৰছিং ইংতিক লগত লৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে কাৰবিসকলৰ শিক্ষা আৰু সামাজিক পৰিৱেশ উন্নত কৰা ইত্যাদিবোৰ কামত মনোনিৱেশ কৰিছিল৷

১৯২৫ চনত অসম চৰকাৰৰ ছপাশালৰ পৰা প্ৰকাশ পোৱা কাৰবি অভিধান A Dictionary of the Mikir Languageৰ প্ৰণেতা G D Walkar, 'The Mikirs' গ্ৰন্থখন সম্পাদনা কৰা Sir Charles Lyall and Edward Stack আদি ইউৰোপীয় পণ্ডিতসকলে এই দিশত উল্লেখযোগ্য কাম কৰি গৈছে৷

আজি একবিংশ শতিকাত কাৰবিসকলৰ বিভিন্ন দিশত আলোকপাত কৰি অনুভৱ হৈছে জনগোষ্ঠীটোৱে সমৃদ্ধ জাতীয় চেতনাৰে আগবাঢ়ি গৈছে বিভিন্ন ক্ষেত্ৰত৷ ৰাজনৈতিক চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈ জনগোষ্ঠীটোক ভৌগোলিক আৰু ৰাজনৈতিক পৰিসীমাৰে পৰিৱেষ্টিত কৰাৰ বাবে এচাম নেতাই অহৰহ ত্যাগ স্বীকাৰ কৰি গৈছে৷

প্ৰথম ৰাজনৈতিক মঞ্চ কাৰবি আদৰবাৰ প্ৰতিষ্ঠা কৰি সিঁচৰতি হৈ থকা কাৰবি জনগোষ্ঠীৰ বাবে এখন জিলা গঠনৰ প্ৰস্তুতি পূৰ্ণোদ্যমে আৰম্ভ হয়৷ জননেতা ছেমছনছিং ইংতি, খৰছিং তেৰাং, ছং বে’, হাৰছিং ইংতি হাবে, মণিৰাম ইংলেং, বীৰেন টেৰণ, ছাৰছিং টেৰণ হাবে, ছিংকাং তেৰাং, জন কাথাৰ, বাছা কাথাৰ, ডেভিডলং ইংহি আদি নেতাসকলে সকলো দিশৰ পৰা কৰা চেষ্টাৰ ফলত ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে এখন পূৰ্ণাংগ জিলা গঠন সম্ভৱ হৈ উঠিল৷

জিলাখন গঠন হোৱাত কাৰবি জনগোষ্ঠীয়ে আত্মসন্মান আৰু আত্মমৰ্য্যাদা আৰু স্বাভিমানেৰে জীৱন নিৰ্বাহ কৰাৰ বিৰল সুযোগ লাভ কৰে৷ ইফালে ১৯৮৬ চনৰ ১৭ মে’ তাৰিখে ‘অট’নমাছ ষ্টেট ডিমাণ্ড কমিটি’ চমুকৈ এএছডিচি গঠন হয়৷ সমান্তৰালভাৱে একে বছৰতে ২৫ মে’ তাৰিখে ‘কাৰবি আংলং অট’নমাছ ষ্টেষ্ট ডিমাণ্ড কমিটি’ চমুকৈ কাছডিকম গঠন হয়৷ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪ [ক] ধাৰাৰ অধীনত অসমৰ ভিতৰতে এখন স্বায়ত্তশাসিত ৰাজ্য গঠন দাবী জোৰদাৰ ৰূপত আৰম্ভ হ’ল৷

এচাম উচ্চশিক্ষিত কাৰবি নেতাৰ লগতে ডিমাছা নেতাসকলেও স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত নামি পৰিল৷ অৱশ্যে, ১৯৬১-৬২ চনত এপিএইচএলচি নামৰ সংগঠনেও পাৰ্বত্য ৰাজ্য দাবী তুলিছিল৷ সংশ্লিষ্ট চৰকাৰসমূহে স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দিশত আজিকোপতি সঁহাৰি জনোৱা নাই৷ অৱশ্যে, তাৰ মাজতে আন্দোলনৰ নেতৃবৃন্দৰ সৈতে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ ১ এপ্ৰিল, ১৯৯৫ চনত ‘বুজাবুজি চুক্তি’ স্বাক্ষৰিত হয়৷

এই বুজাবুজি চুক্তিৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কিছু কৰা হয়৷ আনহাতে নব্বৈ দশকৰ আৰম্ভণিতে কেএনভি আৰু কেপিএফৰ দৰে উগ্ৰপন্থী গোটৰ জন্ম হয় এখন স্ব-শাসিত ৰাজ্য গঠনৰ দাবীৰে৷ পিছলৈ আন কেইবাটাও উগ্ৰপন্থী গোটৰ সৃষ্টি হয় যদিও সকলোৱে সম্প্ৰতি শান্তি চুক্তিত স্বাক্ষৰ কৰি অস্ত্ৰ সম্বৰণ কৰিছে৷

কাৰবি জনগোষ্ঠীক আধুনিক চিন্তা-চেতনাৰে আগুৱাই নিয়াৰ বাবে এচামৰ ত্যাগ আৰু চেষ্টা লাগিব৷ বিশেষভাৱে চহকী সাহিত্য-সংস্কৃতিৰ ৰূপ-ৰেখা পৰিশীলিত ৰূপত উপস্থাপনত ব্ৰতী হ’ব লাগিব৷ ইতিমধ্যে কাৰবিসকলৰ চহকী গীত-মাত, কিম্বদন্তী, সাধু তথা বিভিন্ন ৰীতি-নীতি সম্পৰ্কে ইংৰাজী ভাষাত এচাম লেখকে লিখিবলৈ আৰম্ভ কৰিছে।

অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ তুলনাত ক্ৰমান্বয়ে কাৰবি ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা, চৰ্চাই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে৷ আশা কৰিম, কাৰবি জনগোষ্ঠী অনাগত দিনত বিশ্ব দৰবাৰত উজ্বলি উঠিব আৰু উত্তৰিত হৈ উঠিব সকলো দিশত৷।