কৰবৃদ্ধি! ৰাইজে নিৰ্ণায়ক ভূমিকা ল’বনে!


Image Description

যোৱা ১ এপ্ৰিল তাৰিখে নতুন বিত্তীয় বৰ্ষ সোমোৱাৰ লগে লগেই চৰকাৰে প্ৰতিশ্ৰুতিৰ বিপৰীতে গৈ চিৰাচৰিত আচৰণক চৰিত্ৰাৰ্থ কৰি পুনৰ কৰবৃদ্ধি, মূল্যবৃদ্ধিৰে ৰাইজৰ মূৰত মাধমাৰ শোধোৱাৰ পৰিক্ৰমা আৰম্ভ কৰিছে।

অত্যাৱশ্যকীয়, আপাতকালীন বিশেষ সেৱাসমূহৰ ভিতৰত টোলগেট , চিকিৎসা আদিও অন্তৰ্ভুক্ত থাকে ৷ এনে জৰুৰী সেৱাসমূহৰ জৰিয়তে তাৎক্ষণিক ৰাজহ সংগ্ৰহৰ উপায় সুলভ হয় আৰু তাকে লক্ষ্য কৰি চৰকাৰে টোল কৰ বৃদ্ধি, ঔষধৰ কৰ বৃদ্ধি ইত্যাদিৰ দৰে জনসাধাৰণৰ জীৱন যাপন ব্যাহত কৰিব পৰা তাৎক্ষণিক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ কঁকালৰ জোৰা স্থানান্তৰ কৰিবলৈ বিচাৰিছে, যিটো কেতিয়াও গ্ৰহণযোগ্য নহয়।

যোৱা ১ এপ্ৰিল তাৰিখৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা ৭খনকৈ টোলগে’টত ৫ৰ পৰা ১০ শতাংশ পৰ্য্যন্ত টোল কৰ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বিজেপি চৰকাৰৰ 'ভিজন ডকুমেণ্ট ২০১৬-২০২৫'ত যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ কথা ঘোষণা কৰিছিল, তেতিয়াই দলটোৱে পৰোক্ষভাৱে প্ৰচাৰ চলাইছিল যে যিমানেই উন্নয়নমূলক প্ৰকল্পৰ কাম সম্প্ৰসাৰিত হ’ব সিমানেই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজপথত টোলগে’টৰ সংখ্যা বৃদ্ধি পাব।

ভাৰতীয় ঘাইপথ প্ৰাধিকৰণ ( NHAI ) ১৯৭৭ চনৰ 'দ্য নেচনেল হাইৱে’জ অ’থৰিটী অৱ ইণ্ডিয়া এক্ট, ১৯৭৭' ৰ অধীনত গঠিত এক সংস্থা, যাক ১৯৯৫ চনৰ ১০ ফেব্ৰুৱাৰীত এক স্বতন্ত্ৰ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি দিয়া হৈছিল।

এই প্ৰতিষ্ঠানৰ দুটা মূল কাম হ’ল:

১) চৰকাৰে দায়িত্ব অৰ্পণ কৰা পথৰ নিৰ্মাণ, মেৰামতি আৰু তদাৰক কৰা৷

২) ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ পৰা কৰ সংগ্ৰহ আৰু এই বাহনসমূহৰ চলাচল নিয়ন্ত্ৰণ কৰা। অৰ্থাৎ বিজেপিয়ে ভিজন ডকুমেণ্টত দলটোৱে চৰকাৰ গঠন কৰিলে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথবিলাকৰ উন্নয়নৰ লগতে অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতি ৬০ কিল'মিটাৰ ব্যৱধানত এখনকৈ টোলগে’ট নিৰ্মাণ কৰিব বুলি পৰোক্ষভাৱে ঘোষণা কৰি উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতিৰে ৰাইজক ভোল নিয়ালে।

তাৰেই পৰিপ্ৰেক্ষিতত এতিয়া চৰকাৰে বাধাহীনভাৱে টোলগে’ট নিৰ্মাণ, কৰ বৃদ্ধিৰ দৰে সিদ্ধান্ত হাতত লৈছে।

তদুপৰি ১ এপ্ৰিলৰ পৰাই পেৰাছিটাম'ল, এন্টিবায়’টিক, ফলিক এছিড, এনাস্থেছিয়াসহ ৩৮৪ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্যত নতুনকৈ ১২ শতাংশ পৰ্য্যন্ত কৰ আৰোপ কৰিছে।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলে প্ৰতিমাহে প্ৰতি কিল’ৱাটত অতিৰিক্ত ১০ টকাকৈ মাচুল ভৰিব লাগিব৷ অনলাইন ইউপিআই প্লেটফ'ৰ্ম, যেনে, ফ'ন পে’, গুগল পে’ , পেটিএম ইত্যাদি ধন লেনদেন মাধ্যমৰ ব্যৱহাৰৰ বৰ্ধিত জনপ্ৰিয়তা আৰু বৃহৎ মাত্ৰাত লেনদেন হোৱালৈ লক্ষ্য ৰাখি তাতো এক নিৰ্দিষ্ট পৰ্য্যায়ৰ ধন লেনদেন / অনলাইন ৰিছাৰ্জ জাতীয় সেৱাৰ বাবদ নতুনকৈ কৰ আৰোপ কৰিছে।

চৰকাৰে এফালেদি বিভিন্ন অনুৎপাদনশীল আঁচনিৰে ৰাইজক আঁভুৱা ভাৰি, আনফালেদি কৰ-কাটলৰ মাধ্যমেৰে নিত্যপ্ৰয়োজনীয় সামগ্ৰী-সেৱাৰ মূল্যবৃদ্ধিৰে জনতাৰ পৰা কষ্টোপাৰ্জিত ধন সৰকাই নি আছে ৷

এনে পৰিস্থিতিত ৰাইজে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ নকৰিলে সমগ্ৰ গণতান্ত্ৰিক পৰিবেশ ধুলিসাৎ হৈ পৰাৰ সম্ভাৱনাই অধিক। ন্যায্যপ্ৰাপ্য আৰু গণতান্ত্ৰিক ব্যৱস্থা বাহাল ৰখাৰ ক্ষেত্ৰত শাসকীয়ৰ সকলো প্ৰকাৰৰ ভয়-ভাবুকিক ওফৰাই পেলাই গণতান্ত্ৰিক সংগ্ৰামৰ পোষকতা এতিয়া সময়ে বাৰুকৈয়ে আহ্বান জনাইছে। ৰাইজে অনুভৱ কৰাটো মংগলজনক।।