গো-সংৰক্ষণ, খাদ্যাভ্যাস আৰু বিবেকানন্দ


Image Description

হিন্দী বলয়ৰ গো-মাতৃকেন্দ্ৰিক সাম্প্ৰদায়িক ৰাজনীতিৰ ক'লা ডাৱৰে অসমকো আৱৰিব ধৰিছে। ইতিমধ্যে গো-সংৰক্ষণ বিধেয়ক ২০২১ আইনত পৰিণত হৈছে। নিৰীহ জীৱ বুলি জনাজাত গৰু আজি উত্তপ্ত বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। ই যাতে ভৱিষ্যতে জীৱশ্ৰেষ্ঠ মানুহৰ ‌হত্যা-হিংসাৰ কাৰণ হৈ নুঠে সেইপিনে সকলোৱে নিশ্চয় চকু ৰাখিব লাগিব।

আজি আমাৰ শাসকবৰ্গই গৰুৰ চিন্তাত বিনিদ্ৰ ৰজনী যাপন কৰিছে।অথচ ৰুটি-ৰুজিৰ অভাৱ , আকাশচুম্বী মূল্যবৃদ্ধি আৰু মহামাৰীত মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এই প্ৰসংগতে এটি পুৰণি কাহিনী মনলৈ আহিছে।

তেতিয়া দেশত চলিছে বৃটিছ ৰাজ। স্বামী বিবেকানন্দ তেতিয়া জীৱিত। উত্তৰ ভাৰতত দেখা দিছে ভয়ংকৰ দুৰ্ভিক্ষই। সেই দুৰ্ভিক্ষত মৃত্যু হয় কেইবা লাখ মানুহৰ। আনহাতে তেনেকুৱা সময়ত উত্তৰ ভাৰতত চলিছিল গো-ৰক্ষাৰ আন্দোলন।গো-সংৰক্ষণ সমিতিৰ এটি সজাঁতী দলে সমৰ্থন আৰু আৰ্থিক সাহায্য বিচাৰি দ্বাৰস্থ হয় স্বামী বিবেকানন্দৰ। স্বামীজীৰ লগত গো-সংৰক্ষণ সমিতিৰ কথোপকথন আছিল এনে ধৰণৰ:

'স্বামীজী: আপোনালোকে বৰঙণি কিয় বিচাৰিছে?

সজাঁতী দল : গো-মাতৃক কচাইৰ পৰা ৰক্ষা কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তত গোশালা খুলিবলৈ।

স্বামীজী : উত্তৰ ভাৰতত ভয়ংকৰ দুৰ্ভিক্ষ হৈছে।চৰকাৰী তথ্য মতেই ৯ লাখ মানুহ মৰিছে।এই দুৰ্ভিক্ষপীড়িত অসহায় মানুহবিলাকক ৰক্ষা কৰিবলৈ আপোনালোকে কি কৰিছে?

সজাঁতী দল : আমি একো কৰা নাই।

স্বামীজী কিয় কৰা নাই?

সজাঁতী দল :আমাৰ সংগঠনটো কেৱল মাত্ৰ গো-মাতৃক ৰক্ষা কৰিবলৈহে। তদুপৰি দুৰ্ভিক্ষপীড়িত ৰাইজে তেওঁলোকৰ কৰ্মফলহে ভোগ কৰিছে। তেওঁলোকক সহায় কৰি কি হ'ব?

স্বামীজী : যদি সেইটোৱেই হয়, তেন্তে গো-মাতৃসকলো কচাইৰ হাতত প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ কৰ্মফলত।ইয়াত আমাৰ কৰিবলগীয়া একো নাই।

সজাঁতী দল : কিন্তু, স্বামীজী, শাস্ত্ৰ মতে গৰু আমাৰ মাতৃ।

স্বামীজী : সেইটোতো মই বিলক্ষণ উপলব্ধি কৰিছোঁ। নহ'লেনো আৰু কোনে এনে কীৰ্তিমান সন্তানসকলক জন্ম দিব পাৰে?' গোৰক্ষা সমিতিৰ অমানৱীয় দৃষ্টিভংগীৰ প্ৰতি স্বামীজীৰ এনে তীব্ৰ কটাক্ষকো বুজিব নোৱাৰি সজাঁতী দলটোৱে যেতিয়া পুনৰ বৰঙণিৰ বাবে আবেদন জনায় তেতিয়া বিবেকানন্দই কয়, 'মই এগৰাকী কপৰ্দকহীন সন্ন্যাসী। মই কেনেকৈ আৰ্থিক সাহায্য আগবঢ়াব পাৰোঁ? কিন্তু যদি কেতিয়াবা মোৰ হাতত টকা-পইচা আহে, তেন্তে মই প্ৰথমতে সেয়া মানুহৰ সেৱাত ব্যয় কৰিম।' এই ঘটনাৰ পিছত সুদীৰ্ঘকাল বাগৰি গৈছে। কিন্তু আমাৰ দেশৰ গো-মাতৃৰ সন্তানবিলাকৰ মনোজগতত‌ কোনো পৰিৱৰ্তন অহা নাই। আমেৰিকা-ইউৰোপত থকা সময়ত স্বামীজীয়ে সৰ্ববিধ আমিষ খাদ্য গ্ৰহণ কৰিছিল।ইয়াক লৈ তেওঁৰ অনুগামীৰ বহুতে তেওঁক সমালোচনা কৰি চিঠি লিখে।এনে এখন চিঠিৰ উত্তৰত স্বামীজীয়ে তেওঁৰ এনে অনুগামীক ভৰ্ৎসনা কৰি আৰু নিজৰ খাদ্যাভ্যাস সমৰ্থন কৰি লিখে,'ভাৰতবাসীয়ে যদি বিচাৰে যে মই কেৱল মাত্ৰ হিন্দু খাদ্য খাব লাগে, তেন্তে তেওঁলোকে যেন মোক এগৰাকী ৰান্ধনী আৰু যথেষ্ট ধন যোগান ধৰে। মই কাৰোবাৰ আদেশত নচলোঁ। মই মোৰ জীৱনৰ উদ্দেশ্য জানো ।মোৰ কোনো ধৰণৰ সংকীৰ্ণতা নাই। মই যিমানখিনি ভাৰতীয় সিমানখিনি বিশ্বমানৱ।কোনখন দেশৰনো বিশেষ অধিকাৰ আছে মোৰ ওপৰত? মই কি কোনো এটা জাতিৰ ক্ৰীতদাস?তোমালোকে ক'ব বিচৰা নেকি যে মই জাতিভেদেৰে জৰ্জৰ, কু-সংস্কাৰাচ্ছন্ন, নিষ্ঠুৰ,ভণ্ড আৰু কাপুৰুষ শিক্ষিত হিন্দুৰ মাজতেই জীৱন-যাপন কৰিবলৈ আৰু মৰিবলৈ জন্ম লৈছো?'

(সূত্ৰ : আলাচিংগা নামৰ এগৰাকী তামিল শিষ্যলৈ লণ্ডনৰ পৰা ১৮ নৱেম্বৰ,১৮৯৫ত বিবেকানন্দই লিখা পত্ৰ)

বিবেকানন্দক 'আৰাধ্য পুৰুষ 'হিচাপে ঘোষণা কৰা আজিৰ শাসকবৰ্গই স্বামীজীৰ ওপৰোক্ত মতামত সম্পৰ্কে মত দিলে ভাল হয়।