গ্ৰেটা থুনবাৰ্গৰ বিক্ৰম আৰু সাধুকথা


Image Description

গ্ৰেটা থুনবাৰ্গে আঠ বছৰ বয়সত ক’ৰবাত শুনিলে যে আমাৰ পৃথিৱীখন লাহে লাহে গৰম হৈ আহিছে৷ ভালকৈ বুজি পাবলৈ ছোৱালীজনীয়ে অলপ পঢ়া-শুনা কৰিলে৷ যিমানে বুজি পালে সিমানে তাইৰ হতাশা আহিল৷ এঘাৰ বছৰ বয়সৰ পৰা তাই এক ধৰণৰ হতাশাজনিত ৰোগত ভুগিবলৈ ধৰিলে৷ তাইৰ ৰোগ ধৰা পৰাৰ দুমাহৰ ভিতৰত দুমাহত দহ কেজি ওজন কমিল৷ চিকিৎসা আৰম্ভ হ’ল যদিও কামত নাহিল৷ থুনবাৰ্গে কমকৈ কথা কোৱা হ’ল, মানুহৰ লগত সংযোগ কমাই দিলে আৰু খোৱা-বোৱা একেবাৰে সীমাবদ্ধ কৰিলে৷

থুনবাৰ্গৰ এই হতাশাৰ চাৰি বছৰ পিছত কথাবোৰৰ নাটকীয় পৰিৱৰ্তন আহিল মাক-বাপেকক গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰক হ’ব পৰা সকলো ঘৰুৱা সামগ্ৰী ব্যৱহাৰ সীমিত কৰিবলৈ বাধ্য কৰিলে৷

২০১৮ চনত আগ মাহ৷ তেতিয়া থুনবাৰ্গ পোন্ধৰ বছৰীয়া৷ নৱম মানৰ ছাত্ৰী৷ চুইডেনৰ ৰাজধানী ষ্টকহ'মৰ পাৰ্লিয়ামেণ্টৰ সন্মুখত এখন বেনাৰ লৈ থিয় দিলে৷ চুইচ ভাষাত লিখা৷ গোটেই বিশ্বত খবৰটো বিয়পি গ’ল– ‘School strike for climate' বেনাৰ লৈ স্কুলীয়া ছাত্ৰীৰ প্ৰতিবাদ৷

থুনবাৰ্গৰ মাক এগৰাকী কণ্ঠ শিল্পী । সংগীত পৰিৱেশনৰ বাবে দেশ-বিদেশ ভ্ৰমণ কৰি ফুৰে৷ কিন্তু থুনবাৰ্গে চৰ্ত দিলে যে কাৰ্বন নিৰ্গমনকাৰী উৰাজাহাজত তেওঁ উঠিব নোৱাৰিব৷ মাক-বাপেকে থুনবাৰ্গৰ আচৰণ, কাম এইবোৰ সমূলি ভাল পোৱা নাছিল৷ প'ষ্টাৰ লৈ প্ৰতিবাদ সমৰ্থন কৰা নাছিল৷ কিন্তু ছোৱালীজনীৰ সুখৰ বাবে, তাইৰ হতাশাবোধ ৰোধ কৰিবলৈ অনিচ্ছা সত্বেও অনুমতি দিব বাধ্য হৈছিল৷

পাৰ্লিয়ামেণ্টৰ সমুখত প্ৰতিদিনে ‘School strike for climate’ প'ষ্টাৰে শিক্ষাৰ্থীসকলৰ মাজত প্ৰৱল আলোড়নৰ সৃষ্টি কৰিলে৷ কমদিনৰ ভিতৰতে বহু শিক্ষাৰ্থীয়ে এই প্ৰতিবাদত যোগ দিলে৷ কেইবাখনো চহৰত ই বিয়পি গ’ল৷

২০১৮ চনৰ ২০ আগষ্টৰ পৰা ৯ ছেপ্তেম্বৰলৈ নৱম মানত পঢ়া থুনবাৰ্গে বিদ্যালয়লৈ নোযোৱাৰ সিদ্ধান্ত ল’লে৷ ৯ ছেপ্তেম্বৰত চুইডেনৰ সাধাৰণ নিৰ্বাচনত৷ তেওঁ দাবী তুলিলে যে চৰকাৰে ‘কাৰ্বন’ নিৰ্গমন ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ সেই তিনি সপ্তাহ তেওঁ প্ৰতিদিনেই স্কুলৰ সময়খিনি ‘School strike for climate' প'ষ্টাৰখন লৈ ধৰ্ণাত বহিল৷ ২০১৮ চনৰ অক্ট’বৰ মাহলৈ ইউৰোপৰ প্ৰায় ২৭০খন চহৰৰ ছাত্ৰ-ছাত্ৰীয়ে থুনবাৰ্গৰ প'ষ্টাৰিং আন্দোলনত ভাগ ল’লে৷

বিভিন্ন দেশত থুনবাৰ্গৰ আন্দোলনে স্বীকৃতি পোৱাৰ সময়তে ২০১৯ চনত ৰাষ্ট্ৰসংঘই তেওঁক জলবায়ুৰ পৰিৱৰ্তন সম্পৰ্কীয় আলোচনাত ভাগ ল’বলৈ মাতিলে৷ থুনবাৰ্গে পৃথিৱীৰ বিভিন্ন দেশৰ নেতাসকলৰ আগত অগ্নিবৰষা ভাষণ দিলে৷ বিষ্ময় বালিকা থুনবাৰ্গ বিশ্ব পৰিৱেশ আন্দোলনৰ নেত্ৰী হৈ পৰিল৷ বিখ্যাত 'গাৰ্ডিয়ান' কাকতে বৰ বৰ হৰফেৰে লিখিলে ‘Greta Effect’। ‘ফ'ৰ্বছ' আলোচনীয়ে পৃথিৱীৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত তেওঁক স্থান দিলে৷ ২০১৯ চনৰ পৰা ২০২১ চনলৈ শান্তিৰ ন'বেল বটাৰ বাবে ক্ৰমাগত তিনিবাৰ মনোনয়ন পালে৷

এতিয়া পৰিৱেশ আন্দোলনৰ সমুখ সমৰত আছে গ্ৰেটা ৷ পৃথিৱীখন সুন্দৰকৈ ৰাখিবলৈয়ে যেন তেওঁৰ জন্ম হৈছে৷ আমি তেওঁৰ হাতত ধৰিয়ে পৃথিৱীখনৰ বাসোপযোগী কৰি ৰখাৰ পথ পাবলৈ চেষ্টা কৰোঁহক৷ পৃথিৱীৰ ভিন্ন দেশৰ অসংখ্যজন গ্ৰেটাৰ সহযোগী হৈছে। আমি পিছ পৰিছোঁ।

প্ৰতি শুকুৰবাৰে বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰে: FridayForFuture, schoolstrikeforclimate, আদি অনেক বেনাৰত। বিশেষজ্ঞৰ এটা ডাঙৰ দলে গ্ৰেটাক সকলো তথ্য-পাতিৰে সহায় কৰে। ই এটা বিশ্ব আন্দোলন হৈ উঠিছে। অসমৰ ঠুনুকা পৰিৱেশতন্ত্ৰৰ বাবে বিষয়টো অতি প্ৰাসংগিক। প্ৰদূষণৰ কোনো সীমাৰেখা নাই। গোটেই পৃথিৱী আক্ৰান্ত হৈছে।