ৰাজনৈতিক আধ্যাত্মিকতা


Image Description

মানুহ চেতনাসম্পন্ন প্ৰাণী৷ চেতনাৰ জন্ম দিয়ে মানুহৰ চিন্তাই৷ চিন্তা হ’ল মানুহৰ মগজুত সংঘটিত প্ৰক্ৰিয়াৰ বহিঃপ্ৰকাশ৷ ভাষাৰ মাধ্যমত মানুহৰ চিন্তাৰ বহিঃপ্ৰকাশ ঘটে৷ অৱশ্যে এইটোও এতিয়া প্ৰতীয়মান হৈছে যে এজন ব্যক্তিয়ে অযুত চিন্তাৰ সামান্য, আছলতে অতি সামান্য, অংশ এটাহে প্ৰকাশ কৰে৷

মানুহৰ ইন্দ্ৰিয় পাচোঁটাঃ চকু, কাণ, নাক, জিভা আৰু ছালখন৷ চকুৱে চাৰিওফালৰ ছবিবোৰ দেখে৷ কাণেৰে শব্দবোৰ সংগ্ৰহ কৰে৷ নাকেৰে গোন্ধ লয়৷ জিভাই সোৱাদ বা জুতি লয়৷ ছালে স্পৰ্শৰ জৰিয়তে অনুভূতি জগায়৷ ছবি- শব্দ-গোন্ধ-সোৱাদ-স্পৰ্শানুভূতি সকলো মগজুলৈ যায়৷ মগজুৰ এটা বিশেষ অঞ্চলত কথাবোৰ জমা হৈ থাকে৷ বিশেষ অঞ্চলটোৰ নাম স্মৃতি অঞ্চল৷ দেহৰ ক্ষুদ্ৰতম অংশটো হ’ল একোটা কোষ৷ ইন্দ্ৰিয়ই পঠিওৱা তথ্য বা খবৰবোৰ স্মৃতি কোষবোৰত জমা হৈ থাকে৷

প্ৰতিটো খবৰ একোটা অনুভৱ, একোটা অনুভূতি, একোটা উপলব্ধি, বা একোটা অভিজ্ঞতা ৷ সকলোৰে সমূহীয়া ৰূপটো হ’ল একোটা চিন্তা৷ ইন্দ্ৰিয়কেইটাৰ জৰিয়তে নতুন খবৰ অহৰহ মগজুত জমা হয়৷ মানুহে নতুন অনুভৱ এটা পুৰণিৰ আলমতে বিচাৰ কৰে৷ নতুন সোৱাদ এটা স্মৃতিত জমা হৈ থকা সোৱাদৰ আধাৰতে বিশ্লেষণ কৰে৷ এটা নতুন চিন্তাৰ প্ৰকাশ ঘটে৷ মগজুটোৰ কামজ-কাজ অতি জটিল৷ ইয়াৰ ব্যাখ্যা অতি দূৰহ কাম। আমি মাঁথো শেষ ফলাফলটোহে জানো৷ মগজুৰ প্ৰতিটো বিচাৰ-বিশ্লেষণত এটা চিন্তাৰ জন্ম হয় । ‘আকাশখন দেখিবলৈ ধুনীয়া লাগিছে’---- মগজুৰ বিচাৰ জন্ম দিয়া এটা চিন্তা।

চিন্তাৰ সমাহাৰেই এজন ব্যক্তিৰ পৰিচয়৷ শংকৰদেৱৰ বৰগীত, ভাওনা সকলো মহাপুৰুষজনাৰ চিন্তাৰ ফলশ্ৰুতি৷ শংকৰদেৱৰ সকলো সৃষ্টিৰ সমাহাৰে মহান পৰুষ এজনৰ পৰিচয় দাঙি ধৰিছে৷ সৃষ্টিৰাজিয়েই শংকৰদেৱক গুৰুৰ আসনত আমাৰ মাজত জীয়াই ৰাখিছে৷ নিউটনৰ চিন্তাখিনিয়ে আৱিস্কাৰৰ ৰূপ ল’লে৷ প্ৰতিটো চিন্তাৰ মূহুৰ্ত হৈ ৰ’ল নিউটনৰ সাক্ষী। ভূপেন হাজৰিকাই ‘মানুহে মানুহৰ বাবে’চিন্তা কৰা সময়খিনিত গানটোৱেই হাজৰিকাদেৱৰ পৰিচয়৷

চিন্তাই অস্তিত্বৰ পৰিচয় দিয়ে৷ প্ৰকৃততে একোজন ব্যক্তিৰ চিন্তাতেই ব্যক্তিজনৰ অস্তিত্ব থাকে৷ ইয়াকে এবিধ দৰ্শন হিচাবে প্ৰতিষ্ঠা কৰিছিল ডেকাৰ্টে নামৰ এজন গণিতজ্ঞই ৷ চিন্তাৰ বিষয়ে উৎকৃষ্ট চিন্তা দাঙি ধৰিছিল ডেকাৰ্টেয়ে৷ ডেকাৰ্টেৰ বিখ্যাত বাক্যটো হ’ল ‘মই চিন্তা কৰো, সেইবাবেই মই’, (‘I think, therefore, I am’) পৰৱৰ্তী সময়ত বাক্যটোক আনদৰেও দাঙি ধৰা হৈছেঃ ‘মই চিন্তা কৰোঁ, সেইবাবেই মোৰ অস্তিত্ব আছে৷'(‘I think, therefore, I exist') ‘মই’বোলাজন অস্তিত্ব থকা ব্যক্তিজন ৷

দৰ্শনে মানুহৰ জ্ঞান বিশ্লেষণ কৰে৷ ওপৰৰ এই বাক্যটোৱে দৰ্শনৰ এটা ধাৰা প্ৰৱৰ্তন কৰিছিল৷ ই হ’ল অস্তিত্ববাদ৷ চিন্তাই ব্যক্তি জনৰ অস্তিত্ব৷ চিন্তা কৰা ব্যক্তিজন অস্তিত্বশীল৷ কাফকা, ছাৰ্টৰে আৰু আন বহুকেইজন বিশ্বপৰিচিত দাৰ্শনিক অস্তিত্ববাদৰ গৱেষক আছিল৷ অস্তিত্ববাদ সন্দেহাতীতভাৱে দৰ্শনৰ এটা উল্লেখযোগ্য ধাৰা৷ ই আমাৰ জ্ঞান বিশ্লেষণৰ এটা সূক্ষ্ম পদ্ধতি৷

অসমীয়াত এষাৰ বাক্য আছে : ‘ধানে প্ৰতি কণটো, মানুহে প্ৰতি মনটো৷’প্ৰতিজন ব্যক্তিৰে একোটা মন আছে৷ মনটোৱেই ব্যক্তিজনক বুজায়৷ একোটা মন একোজনৰ পৰিচয়৷ মনটোৱেও ব্যক্তিজনৰ অস্তিত্বক বুজায়৷ আমি উল্লেখ কৰিছোঁ যে বহিৰ্জগতৰ পৰা পোৱা তথ্যবোৰ মগজুৱে কৰা বিশ্লেষণৰ প্ৰকাশ হ’ল চিন্তাবোৰ৷ আচলতে,চিন্তাবোৰেই মনটো৷ চিন্তাৰ গৰাকী বা মনৰ গৰাকী সমাৰ্থক হয়৷

আমি আলোচনা কৰি অহা কথাখিনিৰ সাৰ অংশ এনেকুৱাঃ ইন্দ্ৰিয়বোৰে অহৰহ মগজুক তথ্য যোগায়৷ নতুন নতুন স্মৃতিকোষ জড়িত হয়৷ মগজুৱে অনবৰতে তথ্যবোৰ বিশ্লেষণ কৰে৷ বিশ্লেষণৰ ফলবোৰে ব্যক্তিজনৰ চিন্তাক বা মনটোক গঢ়ে ৷ ভাষাৰে প্ৰকাশিত চিন্তাবোৰে বা মনটোৱে ব্যক্তিজনৰ পৰিচয় দিয়ে৷ চিন্তাবোৰে বা মনটোৱে লগতে বুজায় যে ব্যক্তিজন অস্তিত্বশীল৷

আধ্যাত্মিক ধাৰণাটোৰ তিনিটা ভাগ আছেঃ মন, আত্মা আৰু ধৰ্ম৷ প্ৰতিটোৱেই আকৌ একোটা ধাৰণা বা বিশ্বাস৷ মনৰ বিষয়ে আমাৰ এটা যুক্তিসংগত সম্যক ধাৰণা হ’ল, মানুহৰ মনটো এটা অতি সূক্ষ্ম, জটিল আৰু বহু উপাদান জড়িত মগজুৰ প্ৰক্ৰিয়াৰ ফলশ্ৰুতি৷ মগজুৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ ওপৰত বিজ্ঞানে আলোকপাত কৰি আহিছে৷ চিন্তা বা মনটোৰ ব্যাখ্যা বিজ্ঞানে বহুখিনি সামৰি লৈছে৷ নিঃসন্দেহে আৰু বহু যোজন যাবলৈ বাকী আছে৷ এইটোও নিঃসন্দেহে ক’ব পাৰি যে চিন্তাৰ উৎপত্তি বিজ্ঞানৰ বিষয়বস্তু হৈ পৰিছে৷ ই এতিয়া অনুমানৰ বিষয় নহয়৷

কিন্তু আত্মা কি বিজ্ঞানে নাজানে৷ ই এটা লৌকিক বিশ্বাস যেন লাগে৷ এইটো উল্লেখযোগ্য যে মৰণোত্তৰ অৱস্থিতিত আত্মাৰ প্ৰসংগটো সাধাৰণতে উত্থাপিত হয়৷ মৃত্যুৰ পিছত ব্যক্তিজনৰ স্মৃতিক ধৰি ৰাখিবলৈ অতি উপযোগী বিশ্বাস হ’ল আত্মা৷ প্লেটোৱে কোৱা কথাবোৰ ৰৈ গ’ল৷ তাৰ বাহিৰে কোনো অৱশিষ্ট ৰৈ নগ’ল৷ অম্বিকাগিৰি ৰায়চৌধুৰীৰ লেখাবোৰহে আমি পঢ়ো৷ ৰায়চৌধুৰীদেৱৰ আত্মাৰ কথা ক’তো আলোচিত নহয়৷

এতিয়ালৈকে আত্মাৰ কোনো বিজ্ঞানসন্মত স্থিতি নাই৷ আত্মা এটা বিশুদ্ধ কল্পনাপ্ৰসূত বিশ্বাসৰ বাহিৰে একো নহয়৷ আধ্যাত্মিক বিশ্বাস হিচাবেও ইয়াৰ ভেটি দুৰ্বল৷ আধ্যাত্মিকতাৰ উপাদান হিচাবে ধৰ্মৰ বিষয়টোলৈ পিছত আহিম৷

আধ্যাত্মিকতাৰ এটা বিজ্ঞানসন্মত অংশ হিচাবে আমি মানুহৰ চিন্তা বা মনক চিহ্নিত কৰিব পাৰিছোঁ৷ মনৰ পৰিসীমা বুলি একো নাথাকে৷ প্ৰতিনিয়ত কম-বেছি পৰিমানে সক্ৰিয় মগজুৱে চিন্তা বা মনটো উদ্ভাসিত কৰে৷ মনৰ অনেক স্বৰূপ মানুহে প্ৰকাশ কৰে৷ অসূয়া-হিংসা আদি চিন্তাৰ উৰ্দ্ধত আনৰ মংগলসাধন মনটোৰ গৰাকীজনক সমাজে আধ্যাত্মিক ব্যক্তি আখ্যা দিয়ে৷ ইয়াৰ বিপৰীতে, আনৰ অনিষ্টকাৰী মনটোৱে কেতিয়াও আধ্যাত্মিক বুলি স্বীকৃতি নাপায়৷ আধ্যাত্মিক মনটোত সাৰ্বজনীনতা বাৰুকৈয়ে পৰিস্ফুট হয়৷ আধ্যাত্মিক মন এটা সদায়ে সত্যৰ সন্ধানৰত হয়৷ সদায়ে সত্যৰ পক্ষত থাকে৷ ঔচিত্যৰ ধ্যান-ধাৰণা তেনে মনৰ বৈশিষ্ট্য হয়৷

আধ্যাত্মিক মন একোটাৰ বিচৰণভূমি বহু ধৰণৰ হ’ব পাৰে৷ সামাজিক জীৱনক সমূহীয়া চেতনাৰে পৰিচালনা কৰা বিষয়টো হ’ল ৰাজনীতি৷ প্ৰতিজন ব্যক্তি সমাজ পৰিচালনাৰ লগত জড়িত হৈ পৰে৷ প্ৰতিজন ব্যক্তিৰ সত্তাটোত কম-বেছি পৰিমাণে ৰাজনৈতিক চিন্তা থাকে৷ আমি সকলোৱে উপলব্ধি কৰোঁ যে প্ৰতিজন ব্যক্তিৰ একোটা ৰাজনৈতিক মন থাকে৷

আমি এতিয়া আমাৰ আলোচনাৰ মূল প্ৰসংগটোলৈ আহোঁ৷

ৰাজনৈতিক মন একোটা আধ্যাত্মিক হ’ব পাৰে নে নোৱাৰে? অৰ্থাৎ ৰাজনৈতিক আধ্যাত্মিকতা সমাজ পৰিচালনাৰ প্ৰাসংগিক, যুক্তিযুক্ত ভাবধাৰা হ’ব পাৰে নে নোৱাৰে? ৰাজনৈতিক আধ্যাত্মিকতাই একোজন ব্যক্তিৰ ৰাজনৈতিক জীৱনক সন্মানজনক স্বীকৃতি দিবলৈ সক্ষম হয় নে নহয়?

অসমখনক ‘মই’ভালপাওঁ৷ অসমক ভালপোৱা অসমৰ মানুহখিনিক মই ভালপাওঁ৷ ঠাইখনৰ আৰু মানুহখিনিৰ বাবে ৰাজনৈতিক ধাৰা এটাৰো অংশীদাৰ মই হব বিচাৰোঁ৷ ‘মই নিজৰ আইক ভালপাওঁ, কিন্তু আনৰ আইক ঘিণ নকৰোঁ৷’ সেইবাবেই মোৰ চিন্তাত অসমখন প্ৰথমেই আহে৷ অসমখন সদায়ে মোৰ লগত থাকে৷ মোৰ বিশ্বাস যে চিৰদিন মোৰ লগতে থাকিব৷ মোৰ আইক চেৰাই গৈ মই মোৰ দেশখনক ভাল পাব নোৱাৰোঁ৷ সেইবাবেই মোৰ আইৰ প্ৰতি কৰা কোনো অন্যায় মই মানি নলওঁ৷ মোৰ পৰিচয় তুচ্ছ৷ মোৰ আইৰ পৰিচয় সৰ্বোকৃষ্ট৷ অসমখনক আৰু অসমক ভালপোৱা মানুখিনিক ভালপোৱাতে আছে মোৰ মনটোৰ পৰিচয় আৰু আছে মোৰ অস্তিত্ব৷ মোৰ মনটো স্বাভিমানী, কিন্তু পৰোপকাৰী৷ আপোচহীন, কিন্তু সহনশীল৷ তেনে এটা মন আধ্যাত্মিক মনৰ শাৰীতে পৰে৷ প্ৰতিজন শুভচিন্তকে নিজৰ ঠাইখিনিক, নিজৰ অঞ্চলটোক আপোন কৰি লয়৷ সেই অৰ্থত প্ৰতিজন চেতনাসম্পন্ন ব্যক্তি আঞ্চলিকতাবাদী৷ ঠাইখিনিক আৰু মানুহখিনিক কেন্দ্ৰ কৰি গঢ় লোৱা মোৰ ৰাজনৈতিক আধ্যাত্মিকতাক দ্ব্যৰ্থহীন ভাষাতে আঞ্চলিকতাবাদ বুলিব পাৰি৷ এনে বিচাৰত যুক্তিৰ এই ক্ৰম অনুসৰি ‘মই’ ৰাজনৈতিক আধ্যাত্মিকতাৰে পুষ্ট এজন নিভাঁজ আঞ্চলিকতাদী৷ [‘মই’জন আপুনিও হ’ব পাৰে৷]

স্বাধীনতাৰ পিছত আমাৰ দেশখনৰ পুনৰ গঠন হৈছিল৷ ৰাজ্যসমূহ গঠন হৈছিল ভাষাৰ ভিত্তিত৷ অসমখন গঠনৰ আধাৰ আছিল অসমীয়া ভাষা৷ অসমীয়া অসমৰ ৰাজ্যভাষা হ’ল৷ সেই সময়ত মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ অসমৰ অংশ আছিল৷ অসমীয়া সৰ্বাধিকৰ মাতৃভাষা আছিল, আৰু লগতে গোটেই অঞ্চলটোৰ সৰ্বাধিকৰ সংযোগী ভাষা আছিল৷

প্ৰশাসনীয় ব্যৱস্থাটোত, ৰাজনৈতিক দৃষ্টিকোণৰপৰাও, জনসাধাৰণৰ ওচৰ চাপিবলৈ, জনসাধাৰণৰ হকে কাম কৰিবলৈ মানুহেও নিয়ম-কানুনবোৰ বুজিবলৈ সাৰ্বাধিকৰ মাতৃভাষাটো আৰু সাৰ্বাধিকৰ সংযোগী ভাষাটো গণ সংযোগৰ শ্রেষ্ঠ মাধ্যম৷ এইটো স্বতঃসিদ্ধভাৱে ওলাই পৰে যে এজন নিভাঁজ অঞ্চলিকতাবাদীয়ে ৰাজনৈতিক কাম–কাজৰ বাবে অঞ্চলটোৰ সাৰ্বাধিকৰ মাতৃভাষা আৰু সাৰ্বাধিকৰ সংযোগী ভাষাটোকে সাৱটি ল’ব লাগিব৷

একেটা সুৰতে, ভাতৃত্ববোধ টনকিয়াল কৰিবলৈ, অসমক ভালপোৱা মানুখিনিয়েও ভিন্ন মাতৃভাষাকো আকোঁৱালি ল’ব লাগিব৷ ৰাজ্য ভাষা আৰু ৰাজ্যিক সংযোগী ভাষা জাতীয়তাবাদৰে যাত্ৰাৰ পাথেয় হ’ব লাগিব৷ আমি যেন লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথাষাৰ সৰোগত কৰি মনত ৰাখোঁঃ ‘স্বদেশ আৰু স্বজাতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা৷’ শেষত, ধৰ্মৰ বিষয়টোলৈ আহিব বিচাৰোঁ৷ ধৰ্ম এটা বিশ্বাস, চিন্তাৰ পৰাই উদ্ভূত এটা বিশ্বাস৷ মূলতঃ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হিচাবে কোনো এটা শক্তিৰ ওপৰত আমাৰ বিশ্বাসে ধৰ্মৰ ৰূপ লয়৷ উপাসনাৰ জৰিয়তে মানুহে বিস্বাস ব্যক্ত কৰে৷ কোনোৱে প্ৰাচীন শিল্পীৰ কল্পনাই শিলত খোদিত মূৰ্তিত আলৌকিক শক্তিক বিচাৰি পায়, কোনোৱাই প্ৰকৃতিৰ মাজতে সৃষ্টিকৰ্তাক বিচাৰি গছ-জীৱজন্তুৰ উপাসনা কৰে আৰু কোনোৱে হয়তো মহান ৰচয়িতাৰ বাণীসমূহৰ মাজতে ঐশ্বৰিক শক্তিৰ সন্ধান কৰে৷ যেন উপাসনাৰ জৰিয়তে কোনো বিশ্বজনীন সত্তাৰ লগত বিলীন হ’ব বিচাৰে৷

গভীৰ উপাসনাই ব্যক্তিক আধ্যাত্মিক কৰি তোলে৷ নিভাঁজ উপাসনা একান্ত ব্যক্তিগত বিষয় হৈ পৰে৷ তেনে ব্যক্তি দয়াশীল আৰু প্ৰশান্ত মনেৰে আলোকিত হৈ উঠে৷ সেয়েহে সমাজ পৰিচালনাৰ লগত ধৰ্মবিষয়ক কোনো কথাৰে সম্পৰ্ক থাকিব নোৱাৰে৷ সমাজ পৰিচালনাৰ লগত সাৰ্বজনীন ঐশ্বৰিক সত্তাৰ সন্ধানত তিলমানো সম্পৰ্ক থাকিব নোৱাৰে৷ সেইবাবেই আমাৰ সংবিধানে যি কোনো ধৰ্ম আৰু উপাসনা পদ্ধতিক অবাধ স্বাধীনতা দিছে৷ দেশৰ সংবিধানে ধৰ্ম বিষয়টোক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিছে৷ পৰোপকাৰিতা যি কোনো আধ্যাত্মিক ক্ষেত্ৰখনৰ মূল অলংকাৰ৷ সেইবাবেই পৃথিৱীৰ সকলো গণতান্ত্ৰিক দেশতে আধ্যাত্মিক চিন্তা-চৰ্চাৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ কৰা হোৱা নাই৷

ৰাজনীতিৰ লগত ধাৰ্মিক আধ্যাত্মিকতাক সাঙুৰিলে বিশ্বাস আৰু উপাসনাৰ ঐশ্বৰ্য্যশালী চৰিত্ৰটোত চেকা পৰে৷ আধ্যাত্মিকতা নিভাঁজ হৈ নাথাকে৷ ই কলুষিত হয়৷ ম্লান হৈ পৰে৷ বিজ্ঞানজগতৰ শ্ৰেষ্ঠ মনীষী, দাৰ্শনিক এলবাৰ্ট আনিষ্টাইনে ধৰ্মৰ বিষয়ে মহত্বপূৰ্ণ মন্তব্য দি কৈছিল:

‘নিজৰ সত্তাৰ সম্পূৰ্ণ সম্ভাৱনা আৰু নিজৰ সকলো সজগুণ আৰু
সততাৰ সৰ্বাত্মক বিকাশ সাধন হোৱাকৈ জীয়াই থকাটোৱেই হৈছে প্ৰকৃত ধৰ্ম৷ সকলো ধৰ্মপুথিৰো মূল মন্ত্ৰ এইটোৱেই৷

গণতান্ত্ৰিক ব্যৱস্থাপনাৰ ৰাজনীতিত ধৰ্মক টানিলে-আজুৰিলে ই অপৰাধ হৈ পৰে৷ দেশৰ সংবিধানে তাকে দোহাৰিছে৷ ৰাজনীতিৰ লগত ধৰ্মক সাঙুৰি পেলোৱা ব্যক্তিৰ কোনো উপাসনা আধ্যাত্মিকতাৰ শাৰীত নপৰে৷৷