দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অটুট থাকক!


Image Description

দুগ্ধপোষ্য শিশু এটিয়েও হয়তো ভাৰতত জন্মগ্ৰহণ কৰাক লৈ কোনোবা এটি মুহূৰ্তত, ক্ষণত গৌৰৱ অনুভৱ কৰে, দেশৰ সাগৰসম বিশালতা, বিচিত্ৰতা আৰু ইয়াৰ মাজত লুকাই থকা ঐক্যধাৰাৰ কথা ভাবি।

বিশ্বৰ ১৯৭খন দেশৰ ভিতৰতে আমাৰ দেশ ভাৰতবৰ্ষৰ এই গুণে, এই চৰিত্ৰই দেশখনক অন্যবোৰতকৈ পৃথক কৰি ৰাখিছে।দেশৰ জনগোষ্ঠীয় বিন্যাস, ধৰ্মীয় বিন্যাস, ভাষিক বিন্যাস আদিৰ কথা দ’কৈ ভাবিলে আচৰিত হ’বলগীয়া হয় ৷ তৎসত্ত্বেও 'বিভিন্নতাৰ মাজত একতা'ৰ এই দোলডাল হয়তো আন কোনো দেশতেই দৃশ্যমান নহয়।

ইমান বিবিধতা, ধৰ্মীয় ভিন্নতা ইত্যাদিৰ মাজতো ভাৰতৰ আন এক মহান চৰিত্ৰ হ’ল দেশৰ ধৰ্মনিৰপেক্ষতা। যিখন দেশত প্ৰতি দহ কিল’মিটাৰ ব্যৱধানতেই জনসাধাৰণৰ আচাৰ-নীতি, বেশ-ভূষা, ধৰ্ম আদি সলনি হৈ পৰে, তেনে এক ঘন ধৰ্মীয় জনগাঁথনি বিন্যাসে দেশৰ এই ধৰ্মনিৰপেক্ষ চৰিত্ৰ বাহাল থকাত কিদৰে ভূমিকা গ্ৰহণ কৰে সেয়া ভাবিলে সঁচাকৈয়ে আচৰিত হ’বলগীয়া হয়।

তথাপি এই অনৈক্যৰ মাজৰ একতাৰ ধাৰা ভাৰতদেশে যুগ যুগান্তৰৰ পৰা অব্যাহত ৰাখিছে। তাৰ মূলতেই আছে দেশৰ নাগৰিকৰ বদান্যতা, গ্ৰহণযোগ্য মনোভাব।

কিন্তু সম্প্ৰতি, দেশৰ এই মহান বৈশিষ্ট্য, চৰিত্ৰক একপ্ৰকাৰে মষিমূৰ কৰিবলৈ চেষ্টা চলোৱা হৈছে। ধৰ্মান্ধ চৰিত্ৰক এক বিশেষ ৰাজনৈতিক গোষ্ঠীয়ে চৰিত্ৰাৰ্থ কৰিবলৈ, মনেসজা এক ধৰ্মীয়( হিন্দুত্ববাদ) পৌৰাণিক ধাৰাক সাৰোগত কৰি ৰাজনৈতিক গোষ্ঠীটোৱে দেশৰ 'অনৈক্যৰ মাজত একতা'ৰ দৰে বিশাল চৰিত্ৰক উগ্ৰধৰ্মীয়বাদী কানিৰে জনসাধাৰণৰ মন-মগজুত ধৰ্মীয় বিভেদকামী চিন্তাৰ সঞ্চাৰ ঘটোৱাৰ প্ৰচেষ্টা চলাইছে।বহুলাংশে তেওঁলোক সফলো হৈছে।

পাঠ্যপুথিৰ পৰা দেশৰ ইতিহাস উহ্যকৰণ, 'জয় শ্ৰীৰাম' ধ্বনি-উচ্চাৰণেৰে মানৱহত্যা, ধৰ্মীয় মেৰুকৰণমুখী বক্তব্য, পৌৰাণিক কীৰ্তিচিহ্নৰ ধ্বংসৰ প্ৰস্তাৱ, গোমাংস, গোৰক্ষা জাতীয় কূটনীতি আদিৰ দৰে কেতবোৰ ধৰ্মীয় সংবেদনশীল পদক্ষেপ, কাৰ্য্যসূচী, পৰিকল্পনাৰ জৰিয়তে দেশৰ সামগ্ৰিক ধৰ্মনিৰপেক্ষ চৰিত্ৰক ধুলিসাৎ কৰাৰ তেওঁলোকে কুচকাৱাজ চলাইছে।

অতি আচৰিত ধৰণে এচাম সচেতন, প্ৰাজ্ঞ, জ্ঞানী, বুদ্ধিজীৱীসদৃশ ব্যক্তিয়ে মুক্তমনে এইসমূহৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। এনে প্ৰেক্ষাপটত দেশৰ এই মহান চাৰিত্ৰিক বৈশিষ্ট্যৰাজি বা পোনে পোনে ক’বলৈ গ’লে ধৰ্মীয় সুষমা কিদৰে বিৰাজি থাকিব, সেয়া চিন্তনীয় সেই বিশেষ ৰাজনৈতিকগোষ্ঠীৰ এনে কুমানসিকতাক অৱৰোধ কৰাৰ একমাত্ৰ এটাই বিকল্প আছে-- দেশৰ জনগণ।

ৰাইজ জাগিলেহে দেশৰ এই সুষমা, ধৰ্মনিৰপেক্ষতা ৰক্ষা পৰিব।দেশৰ এই মহান চৰিত্ৰক, দেশৰ জনমুখী সংবিধানৰ ওপৰত প্ৰত্যয় ৰাখি, ভাৰতৰ বিশাল গ্ৰহণযোগ্য চৰিত্ৰৰ ওপৰত আস্থা ৰাখি দেশৰ মান ৰক্ষাৰ্থে যৌথ গণ আন্দোলন, স্বৈৰতান্ত্ৰিক আগ্ৰাসনৰ বিৰোধিতা, ৰাজনৈতিক সচেতনতা, ইতিহাস অধ্যয়ন, যুক্তিবাদী চিন্তা আদিৰ পোষকতাইহে দেশৰ ধৰ্মীয়নিৰপেক্ষ চৰিত্ৰৰ লগতে আন আন বৈশিষ্ট্যৰাজিক ৰক্ষা কৰিব পাৰিব।

উল্লেখযোগ্য যে হত্যা কৰা লোকজন মুছলমান সম্প্ৰদায়ৰ হ’ল বুলিয়েই হত্যাকাৰীয়ে 'জয় শ্ৰীৰাম' ধ্বনি উচ্চাৰণসহ লোকজনক হত্যা কৰিব সেয়া বৰ বিষম প্ৰসংগ।

গতিকে বৰ নিকৃষ্টমানৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এজাক কলুষ বতাহে দেশৰ সামগ্ৰিক ৰাজনৈতিক পৰিবেশক বিনষ্ট কৰিবলৈ ধৰিছে। ৰাইজে যথাসম্ভৱ সচেতন হোৱাটো অতিশয় মংগলজনক।।