সম্পাদকীয়
অতি প্ৰয়োজনীয় কথাবোৰ কোনে দাঙি ধৰিব?

যোৱা কিছুদিন ধৰি ছপা আৰু দৃশ্য-শ্ৰব্য মাধ্যমৰ বাতৰি পৰিবেশনসমূহ লক্ষ্য কৰি এনে এটা ভাব হৈছে যে যিবোৰ কথা মাধ্যমসমূহে জনসাধাৰণৰ ওচৰলৈ সহজ ভাষাত বুজিব পৰাকৈ লৈ যাব লাগিছিল, সেইবোৰ পৰ্দাৰ সিপাৰে ৰখা হৈছে।

আৰু কিছুমান সাময়িক অথচ কম গুৰুত্বপূৰ্ণ বিষয়ক লৈ আমাৰ সংবাদ মাধ্যম ব্যস্ত হৈ আছে। উপুৰ্যুপৰি যিবোৰ খবৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰি চৰকাৰক সেইবোৰ বিষযত বক্তব্য ৰাখিবলৈ বাধ্য কৰিব লাগিছিল, সেইবোৰ এবাৰ বা দুবাৰ প্ৰচাৰ কৰি সংবাদ মাধ্যম আঁতৰি গৈছিল আন কিছুমান চমক সৃষ্টিকাৰী বাতৰিৰ ওচৰলৈ।

বহু গুৰুত্বপূৰ্ণ খবৰ যিবোৰ উত্তৰ দিয়াটো চৰকাৰৰ বাবে উচিত আছিল, সেইবোৰ খবৰত যেন আপেক্ষিকভাৱে কম গুৰুত্ব দিয়া হৈছে। উল্লেখ কৰিয়েই শেষ।

আদানি কেলেংকাৰী সম্পৰ্কত চৰকাৰ নীৰৱ আছে। আদানিৰ সম্পত্তিলৈ হঠাৎ ২০ হাজাৰ কোটী টকা কৰ পৰা আহিল, এই প্ৰশ্ন প্ৰথম প্ৰথম শ্ৰীৰাহুল গান্ধীয়ে উত্থাপন কৰিছে যদিও ই এক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। হঠাৎ হাজাৰ হাজাৰ কোটী টকাৰ মালিক আদানি কেনেকৈ হল, তাৰ কোনো উ্ত্তৰ নাই।

কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে এতিয়া পোনপটীয়াকৈ কৈছে যে আদানি সাম্ৰাজ্যৰ হঠাতে বাঢ়ি অহা হাজাৰ হাজাৰ কোটী টকা আহিছে মোডী অথবা ভাজপা দলৰ পৰা। এই অতি গুৰুত্বপূৰ্ণ অভিযোগৰ ক্ষেত্ৰতো চৰকাৰ নীৰৱ। সংবাদ মাধ্যমত এই সম্পৰ্কে কোনো বিশেষ চৰ্চা নাই। উৎসৱ পাৰ্বনতে মাধ্যম ব্যস্ত। গুৰুত্বপূৰ্ণ কথাবোৰ যেন অতি কৌশলেৰে জনসাধাৰণৰ পৰা দূৰত ৰখা হৈছে।

ভাজপাৰ এগৰাকী জ্যেষ্ঠ নেতা শ্ৰীসত্যপাল মালিকৰ কেন্দ্ৰীয় চৰকাৰে চাৰিখনকৈ ৰাজ্যৰ ৰাজ্যপাল পাতিছিল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ফালৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ কাশ্মীৰৰো ৰাজ্যপাল পাতিছিল। এইজনা ভাজপাৰে জ্যেষ্ঠ নেতাই যিবোৰ কথা কৈছে, সেইবোৰৰ উত্তৰ নিদি ভাৰত চৰকাৰে তেখেতৰ পিছত ছিটিকি লগাইছে।

আগতে কাশ্মীৰৰ পুলবামাত সন্ত্ৰাসবাদীয়ে ৪০জনকৈ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱানক হত্যা কৰা ঘটনাক লৈ পাকিস্তান বিৰোধী প্ৰচাৰেৰে প্ৰধান মন্ত্ৰী আৰু ভাজপা দলে যি নিৰ্বাচনী প্ৰচাৰৰ সুবিধা লৈছিল, এতিয়া সত্যপাল মালিকে জোলোঙাৰ মেকুৰী এৰি দি কৈছে যে এই সমগ্ৰ ঘটনাটো যেন ভাজপাৰ নিৰ্বাচনী প্ৰচাৰৰ সুবিধাৰ বাবেহে কৰা হৈছিল।

এহেজাৰেৰা অধিক নিৰাপত্তা বাহিনীৰ লোকক স্থানান্তৰৰ বাবে বিচৰা হেলিকপ্তাৰ বা উৰাজাহাজ কেন্দ্ৰীয় চৰকাৰে নিদিলে, তেওঁলোকক পথেৰে যাবলৈ দিয়া হ'ল। পথটো আছিল এনেকুৱা যাৰ সংলগ্ন পথবিলাকৰ কোনো পহৰাৰ ব্যৱস্থা নাছিল (অৰ্থাৎ সন্ত্ৰাসবাদীৰ বাবে মুকলি ৰখা হৈছিল)। বহু টন আৰডিঅক্স লৈ সন্ত্ৰাসবাদীৰ ট্ৰাকবোৰ হেনো মুকলি কৈ ঘূৰি ফুৰি আছিল। অৰ্থাৎ এহেজাৰ জোৱানৰ কিছু মৰিলেও মৰক ধৰণে এৰি দিয়া হৈছিল।

ৰাজ্যপালগৰাকীৰ মতে পাকিস্তান বিৰোধী আৱেগৰ ঢৌ এটা সৃষ্টিৰ বাবেই এনেকৈ এহেজাৰ নিৰাপত্তাৰক্ষীক নিশ্চিত বিপদৰ মুখত এৰি দিয়া হৈছিল।

এইবিলাক কথাই সংবাদ মাধ্যমত যেনেদৰে গুৰুত্ব পাব লাগিছিল তাৰ এশভাগৰ এভাগো পোৱা নাই। স্বাভাৱিকতে ইয়াৰ অন্তৰালত কূট ৰাজনীতিৰ বাহিৰে একো নাই। অৱশ্যে এনেকুৱা এক বাকৰুদ্ধকাৰী পৰিৱেশ বেছিদিনলৈ নাথাকে বুলি আমাৰ দৃঢ়বিশ্বাস।

ইছুবোৰ এটা এটাকৈ পোহৰলৈ আহিছে। এইবোৰৰ পৰা কাৰো পৰিত্ৰাণ নাই।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description