মহম্মদ আলী জিন্নাৰ অসমক পাকিস্তানৰ অন্তভুৰ্ক্তিৰ পৰিকল্পনাৰ ঐতিহাসিক প্ৰেক্ষাপট


Image Description

অসমক পাকিস্তানৰ অন্তভুৰ্ক্তিৰ মূল পৰিকল্পনাটো প্ৰস্তুত কৰিছিল সৰ্বভাৰতীয় মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই৷ এই পৰিকল্পনা বাস্তৱত ৰূপ দিবলৈ প্ৰচেষ্টা লৈছিল জিন্নাৰ বিশ্বস্ত সেনাপতি অসম প্ৰাদেশিক মুছলিম লীগৰ অন্যতম নেতা ছিলেটৰ ৰাজনৈতিক ব্যক্তিত্ব আব্দুল মতিন চৌধুৰীয়ে৷

দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত ১৯৪৬ চনৰ ১৯ ফেব্ৰুৱাৰীত ভাৰতৰ ভাগ্য সংকট সমাধানৰ বাবে ব্ৰিটিছ প্ৰধান মন্ত্ৰী ক্লিমেণ্ট এটলীৰ ঘোষণা মতে ল'ৰ্ড পি লৰেঞ্চ, ল'ৰ্ড ক্ৰিপ্ছ আৰু ল'ৰ্ড এ ভি আলেকজেণ্ডাৰ-- এই তিনিজন কেবিনেট মন্ত্ৰীক লৈ এটা বিশেষ মিছন গঠন কৰা হয়। মিছন ২৩ মাৰ্চ, ১৯৪৬ তাৰিখে দিল্লীলৈ আহে৷

২৪ মাৰ্চত ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় মুছলিম লীগ, হিন্দু মহাসভা, ভাৰতীয় কমিউনিষ্ট পাৰ্টীসহ বিভিন্ন দলৰ লগত কেবিনেট মিছনৰ বৈঠক বহে৷ মুছলিম লীগৰ পক্ষত ৰখা হ’ল স্বাধীন পাকিস্তানৰ দাবী৷ হিন্দু মহাসভাৰ নেতা শ্যামা প্ৰসাদ মুখাৰ্জী ভাৰত বিভাজনৰ বিৰুদ্ধে ঠিয় হৈ ঐক্যবদ্ধ ভাৰতবৰ্ষৰ পক্ষত মতামত ব্যক্ত কৰে৷

ইয়াৰ পাছত মহম্মদ আলী জিন্নাই ৬ মাৰ্চ ১৯৪৬ত অসমত উপস্থিত হৈ গুৱাহাটীত অনুষ্ঠিত এখন সভাত অভিবাসীয় মুছলমানসকলে ‘লাইন প্ৰথাৰ’ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অধিকাৰ আছে বুলি পোষকতা কৰি কয়:

'... the right to revolt against the unlawful and immoral laws regarding the line system and to defy all obstacles on their way regardless of the consequence and settle down on the available waste lands and thus enrich the resources of the province to the best of their ability.... Pakisthan as consisting of six Muslim provinces of Assam being one of them.'

তাৰ পাছত জিন্নাই ১৯৪৬ চনৰ ২৩ মাৰ্চত ছিলেটত [তেতিয়াৰ অসমৰ এখন জিলা] উপস্থিত হৈ অসমক পাকিস্তানভুক্তিক অনিবাৰ্য্য কৰি জনসাধাৰণক কয়:

'Yours is a beautiful land with very great potentials and future, providence has been kind to you; it is now for men to make the fullest use of it and make this land more beautiful and really great Assam will be one of the very important parts of Pakistan.'

এই ভ্ৰমণ শেষ কৰি জিন্নাই ১২ মে ১৯৪৬ত কেবিনেট মিছনৰ ওচৰত তেওঁলোকৰ দাবীচনদ দাখিল কৰে৷ তেওঁৰ দাবীৰ প্ৰেক্ষাপট ও যৌক্তিকতা প্ৰতিপন্ন কৰি তেওঁ অসমসহ মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশ পাঞ্জাৱ, উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ, সিন্ধু, বেলুচিস্তান আৰু বেংগলক পাকিস্তানৰ গোষ্ঠীভুক্ত ৰাষ্ট্ৰ হিচাবে গণ্য কৰিবলৈ দাবী জনায়; যিহেতু এই প্ৰদেশসমূহৰ ঐতিহাসিক বন্ধন আৰু ভূ-প্ৰকৃতিগত অৱস্থান পাকিস্তান ৰাষ্ট্ৰৰ সপক্ষে৷'

জিন্নাৰ এই দাবীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তৎকালীন অসমৰ প্ৰধান মন্ত্ৰী গোপীনাথ বৰদলৈদেৱে দৃঢ়তাৰে কয়:

'He (Jinnah) as well expect the moon to come down to him but he could never have Assam in his Pakistan.'

অৱশেষত কেবিনেট মিছনে মুছলিম লীগৰ পাকিস্তান গঠনৰ দাবীক অগ্ৰাহ্য কৰি কয়:

'The claim is also indefensible in view of Indian geograptical position and also from administrative, economic and military consideration.'

কেবিনেট মিছনৰ পদক্ষেপ ব্যৰ্থ হোৱাত বিভিন্ন পৰ্য্যায়ত বিশ্লেষণৰ পাছত ১৬ মে তাৰিখে কেবিনেট মিছনে 'Grouping Plan' এটাৰ প্ৰস্তাৱ কৰে৷ এই পৰিকল্পনাত হিন্দু আৰু মুছলিম জনসংখ্যাৰ ভিত্তিত ‘ক’ ‘খ’ আৰু ‘গ’ (A, B, C) এই তিনি বিভাগত সমগ্ৰ দেশখনক সমষ্টিবদ্ধ কৰি হিন্দু অধ্যুষিত মাদ্ৰাজ, বোম্বে, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ আৰু উৰিষ্যাক লৈ গঠিত হ’ল ‘ক’ (A) বিভাগ৷ মুছলিম অধ্যুষিত পাঞ্জাৱ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু সিন্ধু প্ৰদেশক লৈ ‘খ’ (B) আৰু আনুপাতিক হাৰত মুছলমানৰ অলপ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত বেংগল আৰু অসমক ৰখা হ’ল ‘গ’ বিভাগত (C)৷

এই গ্ৰুপিংক লৈ অসম, সুৰমা উপত্যকাত [বৰাক আৰু ছিলেট] তীব্ৰ বিৰোধ দেখা দিয়ে৷ গোপীনাথ বৰদলৈদেৱে স্পষ্টকৈ অসমক পাকিস্তানৰ অন্তভুৰ্ক্তিৰ [‘গ’ বিভাগ] বিৰোধিতা কৰে৷ কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে সুৰমা আৰু বৰাক উপত্যকাৰ কিছু নেতাই এই অন্তভুৰ্ক্তিৰ সপক্ষে মত দিয়ে। কাৰণ গোপীনাথ বৰদলৈদেৱে জিন্নাৰ দাবীৰ পৰিপ্ৰেক্ষিতত এটা সময়ত ভাইছৰয়ক স্পষ্ট ভাষাত জনাইছিল যে:

'Assam would be quite prepared to hand over Sylhet to Eastern Bengal.'

সেই সময়ত ছিলেট অসমৰ এক জিলা আছিল৷ গোপীনাথ বৰদলৈদেৱৰ এই একপক্ষীয় সিদ্ধান্তত সুৰমা উপত্যকাৰ কিছু নেতা ক্ষোভিত হৈছিল৷ কালক্ৰমত ভাৰত বিভাজনৰ সময়ত ছিলেটত গণভোট অৱশ্যম্ভাৱী হৈ পৰিল আৰু প্ৰায় অনৈতিক আৰু বলপূৰ্বক ভোটদান পৰ্বেৰে ছিলেটখন পাকিস্তানৰ অন্তভুৰ্ক্ত কৰা হয়৷

প্ৰসংগত উল্লেখ কৰিব পাৰি যে, বৰ্ণবাদী কংগ্ৰেছ আৰু অসমীয়া বৰ্ণ হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে অধিকাৰ-বঞ্চিত আৰু উপেক্ষিত আহোম জাতি প্ৰাৰম্ভিক পৰ্য্যায়ত ৰাজনৈতিক সংগঠন মুছলিম লীগৰ প্ৰতিয়েই সমৰ্থন প্ৰকাশত বাধ্য হৈছিল৷ তাৎকালীন 'Ahom Association'ৰ নেতা সুৰেন্দ্ৰ নাথ বৰগোহাঞি কংগ্ৰেছৰ সিদ্ধান্তক  'Reckless' আৰু 'Tactless' বুলি গ্ৰুপিক তেওঁৰ সমৰ্থন ব্যক্ত কৰে৷ তেওঁৰ প্ৰত্যাশা আছিল যে এই প্ৰথাৰ মাধ্যমত আহোম আৰু অন্যান্য উপজাতি জনগোষ্ঠীৰ মৰ্য্যাদা স্বীকৃত হ’ব আৰু আহোমসকলৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত থাকিব৷

কিন্তু যেতিয়া মুছলিমৰ আগ্ৰাসী কৌশল ক্ৰমে প্ৰকট হৈ উঠিল, তেতিয়া তেওঁ অধিকাৰ আৰু স্বাতন্ত্ৰ্য সুৰক্ষাৰ চৰ্তসাপেক্ষে কংগ্ৰেছৰ প্ৰতি সমৰ্থন জনায়৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে কেবিনেট মিছনৰ পৰিকল্পনা লৈ অসমীয়া খিলঞ্জীয়া মুছলমানসকলে বিশেষ আগ্ৰহ নেদেখুৱালে৷ তেওঁলোকে এই সাম্প্ৰদায়িক অপচেষ্টাৰ বিৰুদ্ধেই ঠিয় দিলে৷ তেওঁলোকৰ ধাৰণা হৈছিল যে অভিবাসী মুছলমানসকলৰ ওচৰত নতি স্বীকাৰ কৰিলে অসমীয়াৰ ওচৰত তেওঁলোকৰ অস্তিত্ব আৰু স্বাতন্ত্ৰ্যৰ বিলুপ্তি ঘটিব৷

হিন্দু-মুছলমানৰ জনসংখ্যাৰ ভিত্তিত দেশ বিভাজন কৰিবলৈ জিন্নাহ মাৰমুখী হৈ পৰিল আৰু ১৬ আগষ্ট ১৯৪৬ত মুছলিম লীগৰ নেতৃত্বত ‘প্ৰত্যক্ষ সংগ্ৰাম দিৱস’ পালন কৰিবলৈ আহবান জনায়৷ কলিকতা আৰু অসমৰ অভিবাসী অধ্যুষিত অঞ্চলসমূহত পালন হ’ল এই প্ৰত্যক্ষ সংগ্ৰাম দিৱস আৰু তৎকালীন বেংগলৰ প্ৰধান মন্ত্ৰী সোৰাবৰ্দ্দৰ প্ৰত্যক্ষ প্ৰৰোচনাত কলিকাতাত সাম্প্ৰদায়িক সংঘৰ্ষ হয়৷ চৰকাৰী হিচাব মতে এই সংঘৰ্ষত ৪ হাজাৰ লোক নিহত আৰু ১০ হাজাৰ লোক আহত হয়৷

এই ৰাজনৈতিক পৰিস্থিতিত ১৯৪৬ চনৰ ২ ছেপ্তেম্বৰ তাৰিখে জৱাহৰলাল নেহেৰুক প্ৰধান মন্ত্ৰী আৰু লিয়াকৎ আলী খানক উপ-প্ৰধানমন্ত্ৰী কৰি এটি অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়৷ ইয়াৰ পাছত ৬ ডিচেম্বৰ ১৯৪৬ তাৰিখে ব্ৰিটিছ চৰকাৰে বিশেষ শ্ৰেণীৰ ইচ্ছাৰ বিৰুদ্ধে কোনো সাংবিধানিক চাপ সৃষ্টি কৰিব নোৱাৰিব বুলি ঘোষণা কৰে৷

ইয়াৰ পাছতেই জৱাহৰলাল নেহৰুৱে কেবিনেট মিছনৰ পৰিকল্পনাক সম্পূৰ্ণভাৱে অগ্ৰাহ্য কৰে৷ ইমানতেই অসমক পাকিস্তানত অন্তভুৰ্ক্তিৰ মহম্মদ আলী জিন্নাহৰ পৰিকল্পনা ব্যৰ্থ হয়৷।

(এই লিখনিৰ তথ্যসমূহ বিভিন্ন ইতিহাসসম্বলিত গ্ৰন্থ, সমল আদিৰ পৰা যুগুতোৱা হৈছে৷)