মানুহৰ বাবে ঔষধ নে ঔষধৰ বাবে মানুহ


Image Description

(যোৱা সংখ্যাৰ পৰা)
সেইকাৰণে বহু চিকিৎসকে জেনেৰিক ঔষধ নিলিখে, কাৰণ ইয়াত মুঠেই লাভ নাথাকে। যোৱা ২ এপ্ৰিল তাৰিখে মেডিকেল 'ডায়লগছ' নামৰ চিকিৎসা বিজ্ঞান আলোচনীত প্ৰকাশ পোৱা বাতৰিয়ে সকলোকে সচকিত কৰি তুলিছে।

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ঔষধৰ মান নিৰূপণ কৰা সংস্থা চমুকৈ (Central Drugs Standard Control Organization) CDSCOএ ৫৯টা ঔষধৰ প্ৰচলন বন্ধ কৰিছে। এইবোৰ ঔষধে ন্যূনতম ঔষধৰ গুণগত মান ম্পৰ্শ কৰিব পৰা নাই। এইবোৰ ঔষধ ব্যৱহাৰৰ কাৰণে নিৰাপদ নহয় বুলি কোৱা হৈছে। এই তালিকাত আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ, গেষ্ট্ৰিক সমস্যা বা এচিডিটিৰ ঔষধো সন্নিবিষ্ট হৈ আছে।

এই তালিকাখন CDSCOৰ ৱেৱচাইটত উপলব্ধ হৈ আছে, নতুবা গুগলত গৈ Drugs alert বিচাৰিলেই সবিশেষ পোৱা যাব। স্বাস্থ্যৰ লগত খেলা কৰি থকা বহুৰাষ্ট্ৰীয় ক'ম্পেনীবোৰক বাধা দিব নোৱৰা বিষয়টোৱে নানা ধৰণৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।

কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীবোৰো এক চিন্তাৰ বিষয় হৈ পৰিছে। কোনো আইন-কানুন নাই যাৰ মন যায় সিয়ে ফাৰ্মাচী খুলিছে। এখন ফাৰ্মাচী খুলিলে ফাৰ্মাচিষ্ট এজন থাকিবই লাগিব। অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা পাছকৰাৰ সংখ্যাও সীমিত।কিন্তু যি অনুপাতে ফাৰ্মীচি বৃদ্ধি পাব ধৰিছছে ই এক চিন্তনীয় বিষয়।

এই ক্ষেত্ৰত ঔষধ নিয়ন্ত্ৰকৰ ভূমিকাও সন্দেহজনক। কাৰণ ফাৰ্মাচিষ্ট নোহোৱাকৈ ফাৰ্মাচী খুলিবলৈ অনুমতি পোৱাটো ৰহস্যজনক। কোনোবাই ফাৰ্মাচিষ্ট অনুজ্ঞাপত্ৰ আনি বিনিময়ত মাহেকত লাখ লাখ টকা খৰচ কৰি ফাৰ্মাচীৰ ব্যৱসায় চলি আছে।

মন কৰিলে দেখা যায় ফাৰ্মাচীবোৰত চাইনব'ৰ্ডত ফাৰ্মাচী শব্দৰ পৰিৱৰ্ত্তে ক'ৰবাত ড্ৰাগছ হাউছ, ক'ৰবাত মেডিকেল হল ইত্যাদি লিখা থাকে। ইয়াতো নিশ্চয় কিছু ৰহস্য সোমাই আছে।

ঔষধৰ মানুহৰ জীৱনৰ লগত ওতঃপ্ৰোত সম্বন্ধ থাকে। অলপ ভুল ঔষধ দিয়াৰ বাবে কোনোবা ৰোগীৰ প্ৰাণহানি হ'ব পাৰে। এইটো অতি সংবেদনশীল বিষয়। এইবোৰৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই চোকা দৃষ্টি ৰখা ভাল।

এতিয়া আহোঁ জেনেৰিক আৰু ব্ৰেণ্ডেড ঔষধৰ বিষয়ে কিছু কথা। ঔষধ তৈয়াৰ কৰোঁতে তিনিটা গুৰুত্বপূৰ্ণ বিষয় সাঙুৰ খাই থাকে। প্ৰথমটো হল কেঁচামাল, দ্বিতীয়টো হল মুখ্য উপাদান বা বুনিয়াদী উপাদন আৰু তৃতীয়টো হ'ল ব্ৰেণ্ডেড বস্তু। সহজ উদাহৰণেৰে বুজাব খুজিছোঁ। গাখীৰ হ'ল কেঁচামাল, চানা হ'ল মুখ্য উপাদান বা বুনিয়াদী বস্তু আৰু তৃতীয়টো হ'ল সন্দেশ বা ৰশগোল্লা। এইটো ব্ৰেণ্ডেড বস্তু।

ঠিক সেইদেৰ ঔষধৰ ক্ষেত্ৰত উদাহৰণ স্বৰূপে, নয়নতৰা গছ। ই হ'ল কেঁচামাল । ইয়াৰ বুনিয়াদী উপাদান হ'ল ভিংক্ৰিষ্টিন আৰু ব্ৰেণ্ডড উপাদান ভিলবেন । ই কেঞ্চাৰৰ ঔষধ।

ডাক্তৰে নিদান তালিকাত ভিলবেন লিখিব, কিন্তু ইয়াৰ জেনেৰিক নাম ভিংক্ৰিষ্টিন নিলিখে। কাৰণ ইয়াত লাভ মুঠেই নাথাকে। ব্ৰেণ্ডেড ঔষধত মূল্য জেনেৰিক ঔষধতকৈ প্ৰায় ১০ গুণ বেছি থাকে। ৫টা জেনেৰিক ঔষধৰ মূল্য ব্ৰেণ্ডেড ঔষধত হয়গৈ ৫০ টকা। কোনো এটা ক'ম্পেনীয়ে পেটেণ্ট কৰা ঔষধৰ একোটা নিৰ্দ্দিষ্ট সময় থাকে। সেই সময়ে উকলি গ'লে যি কোনো ক'ম্পেনীয়ে এই ঔষধ তৈয়াৰ কৰিব পাৰে।

ঔষধৰ বজাৰ বিচিত্ৰকৰ। প্ৰবল প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হোৱাত ক'ম্পেনীবোৰে মূল উপাদানৰ লগত দুই-এটা উপাদান যোগ কৰি বজাৰত এৰি দিয়ে। আন ক'ম্পেনীয়ে এইটো দেখি অন্য নতুন উপাদান এটা যোগ কৰি সেইটোহে আচল ঔষধ বুলি দাবী কৰে। কিন্তু এই উপৰঞ্চি সন্নিবিষ্ট কৰা উপাদানসমূহৰ কোনো গুণাগুণ নাথাকে মাত্ৰ ৰোগীক আকৰ্ষণ কৰিবৰ বাবে এনে খেল আৰম্ভ কৰা হয়। এইদৰে চলিছে ভাৰতত ঔষধৰ 'ছিণ্ডিকেট' বজাৰ।

ভাৰতবৰ্ষত বুনিয়াদী ঔষধ তৈয়াৰ কৰিবৰ কাৰণে আদৰণীয় সকলো ধৰণৰ কেঁচামাল পোৱা যায় যদিও ই পৰ্য্যাপ্ত পৰিমাণৰ নহয় কাৰণে বিদেশৰ পৰা কেঁচামালৰ সামগ্ৰী আমদানি কৰিবলগীয়া হয়। আৰু এটা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমাৰ মানুহৰ এটা ধাৰণা আছে য়ে ঔষধৰ দাম যিমানেই বেছি সেই ঔষধ সিমানেই গুণকাৰী। এইটো এটা ভ্ৰান্ত ধাৰণা। ডাক্তৰে যদি জেনেৰিক ঔষধ এটা লিখি দিয়ে ৰোগীজনে ফাৰ্মাচীত গৈ যেতিয়া ঔষধটো কিনিব তেতিয়া তাৰ নগণ্য মূল্য দেখি ৰোগীজনে সেই ঔষধৰ প্ৰতি হয়তো অনীহা প্ৰকাশ কৰিব। ইমান কমদামী ঔষধে জানো ইমান ডাঙৰ বেমাৰ ভাল কৰিব পাৰিব!

গতিকে জেনেৰিক আৰু ব্ৰেণ্ডড ঔষধৰ বিষয় ৰাইজক সজাগ কৰিব পাৰিলেহে দুখীয়া বা মধ্যবিত্ত শ্ৰেণীৰ লোকে সকাহ পাব। এনেধৰণৰ গণচেতনামূলক বিষয়লৈ একোটা গণ আন্দোলন সৃষ্টি কৰিব পাৰিলেহে সাধাৰণ ৰাইজ উপকৃত হব। অন্যথা এনে উৰ্দ্ধগামী ঔষধৰ মূল্যই বহুলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।।