ডিগ্ৰী বিতৰ্ক


Image Description

সকলোৱে কয় এইয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। ইয়াৰ অৰ্থ হ'ল যে সমাজৰ, গতিকে একোখন দেশৰ, উন্নয়ন নিশ্চিত কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই।

উন্নয়নত মানুহৰ জীৱিকাৰ পথ প্ৰশস্ত হয়, আয় বাঢ়ে, সুখ-সমৃদ্ধিৰ সামাজিক জোখ-মাখ বৃদ্ধি হয়। একোখন দেশৰ পৰিচালনা বিশ্বত স্বীকৃত হয়।

বিজ্ঞানৰ গতি লেহেমীয়া হয়। চিন্তাৰ নতুনত্বই অপেক্ষা কৰিবলগীয়া হয়। পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হয়। প্ৰযুক্তিবিদ্যা আগবাঢ়িছে দোপত দোপে।

কম্পিউটাৰে সমগ্ৰ সমাজ পৰিচালনা সলনি কৰিছে। ব্যাৱসায়িক ধ্যান-ধাৰণা সলনি কৰিছে। উন্নয়নৰ মাত্ৰা অহৰহ উৰ্ধমুখী। মঙ্গল গ্ৰহলৈ মানুহ যোৱাৰ পৰিকল্পনা চলিছে।

ইয়াৰ লগত জড়িত হৈ আছে নানান উদ্ভাৱন আৰু প্ৰয়োগ। উদ্ভাৱনে উৎপাদন বঢ়াইছে। চিকিৎসা উন্নত হৈছে। মানুহৰ আয়ুস বাঢ়িছে। কৰ্মশক্তি অফুৰন্ত ৰূপত প্ৰকাশ পাইছে।

ৰ'ব'ট যেন এতিয়া পুৰণি গল্প। সূক্ষ্ম ড্ৰ'ন এটাই ম'হৰ আকাৰ আৰু আকৃতিত উৰি আহি দেহৰ তেজৰ নমুনা আপুনি গম নোপোৱাকৈ লৈ লেব'ৰেটৰী পাবগৈ! আপুনি ভাবিব পাৰিব লাগিব।

কৃত্ৰিম বুদ্ধিমত্তাই খলকনি লগাইছে। জলবায়ুৰ পৰিৱৰ্তন এতিয়া ভৱিষ্যতৰ বিষয় নহয়। বিষয়াই দিয়া টোকা পঢ়িলেই মন্ত্ৰীয়ে দেশ পৰিচালনাৰ বাবে এনেবোৰ বিষয়ত সিদ্ধান্ত ল'ব নোৱাৰে।

নিজে পঢ়িবলৈ, কি পঢ়িব ঠিক কৰিবলৈ, নিজে সিদ্ধান্ত লোৱাৰ জোখাৰে উপযুক্ত হ'বলৈ অৰ্হতাৰ প্ৰয়োজন।

দেশত এতিয়া ৰজাৰ শাসন নাই। ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ।

ভাৰতবাসীৰ হৈ, ভাৰতবাসীৰ দ্বাৰা আৰু ভাৰতবাসীৰ বাবে ৰচিত সাংবিধানিক মুৰব্বীৰ কেনে নূন্যতম অৰ্হতাৰ প্ৰয়োজন সেইয়া বিতৰ্কৰ বিষয় হ'ব নোৱাৰে।।