চাৰিআলি বীণাপাণি নাট্য সমাজ


Image Description

কলা-সংস্কৃতিত আগবঢ়া অঞ্চলবোৰত দুৰ্গা পূজাত নাটক কৰাটো এসময়ত এক অলিখিত নিয়ম আছিল। বিশ্বনাথ চাৰিআলিও তাৰ ব্যতিক্রম নাছিল।

তেনে চিন্তাৰেই অঞ্চলটোৰ নাট্যপ্রেমী লোকসকল সংগঠিত হৈছিল। ১৯৩১ চনৰ ১ নৱেম্বৰত বয়োজ্যেষ্ঠ ব্যক্তি যজ্ঞেশ্বৰ শৰ্মা বৰঠাকুৰৰ সভাপতিত্বত অমৃতলাল বৰুৱাৰ বাসভৱনত ২৪জন লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত  'চাৰিআলি বীণাপাণি নাট্য সমাজ' নামেৰে এটি নাট্যানুষ্ঠানৰ জন্ম দিয়া হ'ল।

সভাত ভূধৰ শৰ্মা ফুকনক সভাপতি, অমৃতলাল বৰুৱা আৰু ভদ্ৰেশ্বৰ গোস্বামীক সম্পাদক, সিদ্ধেশ্বৰ গোস্বামী আৰু বংশী চৌধাৰীক মঞ্চাধ্যক্ষ আৰু হেমধৰ শৰ্মাক ধনভঁৰালী হিচাপে নিৰ্বাচন কৰা হ'ল।

কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হ'ল যজ্ঞেশ্বৰ শৰ্মা বৰঠাকুৰ, ধৰ্মেশ্বৰ দত্ত, মহোৰাম দাস আৰু লোকনাথ শৰ্মা।

বামগাঁৱৰ সমীপত থকা লোকেল ব'ৰ্ডৰ অধীনস্থ সাপ্তাহিক বজাৰত বাৰোৱাৰী পূজা সমিতিয়ে পতা দুৰ্গা পূজাত বীণাপাণি নাট্য সমাজে অস্থায়ী মঞ্চ সাজি পূজাৰ কেইদিন নাট মঞ্চস্থ কৰিছিল। বজাৰ চৌহদত পূজা আৰু নাটক কৰাত লোকেল ব'ৰ্ডে আপত্তি দৰ্শালে। নাট্য সমাজে নিজাকৈ এখন পূজা সমিতি গঠন কৰি (১৯৩৩) হাটখোলাত অস্থায়ীভাৱে মণ্ডপ আৰু মঞ্চ সাজি পূজা আৰু নাটক সমান্তৰালভাৱে কৰি গ'ল।

বাৰোৱাৰী পূজা সমিতিও ইয়াত চামিল হ'ল। নিজা মাটি-ভেটিৰ চিন্তাই সদস্যসকলক আমনি কৰিবলৈ ধৰিলে। সভাবোৰত বিষয়টো প্ৰায়েই উত্থাপিত হৈছিল৷ সমস্যাটো অনুধাৱন কৰি চাৰিআলি ডাকঘৰত পোষ্ট মাষ্টৰ হিচাপে কৰ্মৰত নাট্যপ্রেমী তথা হৃদয়ৱান ব্যক্তি কৃপানাথ মালাকাৰে চাৰিআলিৰ মাজমজিয়াত থকা তেওঁৰ এবিঘা মাটি দান হিচাপে আগবঢ়ালে।

সেই মাটিৰ গাতে লাগি থকা আন তিনিডোখৰ মাটিৰ গৰাকী মিনাৰাম বৰা, ধীৰনাথ মেধি আৰু দেৱেশ্বৰ দাসেও তেওঁলোকৰ মাটি নাট্য সমাজলৈ দান দিলে। সেই মাটিত সদস্য-শুভাকাংক্ষীৰ দান-বৰঙণিৰে সাজি উলিওৱা প্ৰেক্ষাগৃহ আৰু মঞ্চৰ ক্ৰমাগত উন্নয়ন হৈ থাকিল।

১৯৬৪ চনত পূৰ্বৰ মঞ্চ ভাঙি ঘূৰণ মঞ্চ সাজি উলিওৱা হ'ল। এই মঞ্চ অসমৰ দ্বিতীয়টো ঘূৰণ মঞ্চ। নাট্য সমাজৰ মঞ্চত অসমীয়া মৌলিক আৰু প্ৰয়োজনত বাংলাৰ পৰা অনুবাদ কৰা পৌৰাণিক, বুৰঞ্জীমূলক, সামাজিক, ধেমেলীয়া আৰু ডিটেকটিভ--ভিন্ন স্বাদৰ নাটক মঞ্চস্থ হ'বলৈ ধৰিলে৷

নতুন নাটকে ওচৰৰ গাঁও-ভূঁই আৰু চাহ বাগিচাৰ দৰ্শকক আকৰ্ষণ কৰিলে। সত্তৰৰ দশকলৈকে তেনে পৰিৱেশ বিৰাজমান আছিল। সেই সময়ছোৱাত এদল দক্ষ অভিনেতা,স্মাৰক, সংগীতশিল্পী, নৃত্যশিল্পী, ৰূপকাৰৰ সৃষ্টি হৈছিল৷ নাট্য সমাজৰ অনুপ্ৰেৰণাতে ভালেকেইগৰাকী নাট্যকাৰৰো সৃষ্টি হৈছিল আৰু তেওঁলোকে ৰচনা কৰা নাটকৰ সফল মঞ্চায়ন হৈছিল।

দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ 'নিৰ্মলা' , শেষধৰ হাজৰিকাৰ 'কমলা কুঁৱৰী' , দীননাথ শৰ্মাৰ বুৰঞ্জীমূলক নাটক 'লাচিত বৰফুকন' ,সামাজিক নাটক 'অভিযোগ', দুৰ্গা দত্তৰ 'জোৱাৰ যেতিয়া আহে', থুলেশ্বৰ শইকীয়াৰ 'অন্ধ', তুলসী ফুকনৰ 'ঐকতান', 'তেজ ধুলে উটে, মঙহ ধুলে নুটে', কুমুদ শৰ্মাৰ 'কুঁৱলী আঁতৰি গ'ল', তৰুণ শইকীয়াৰ 'ঘিণাই সাতোলা', 'বিশ্বাসে মিলয় হৰি', ডঃ সুশীল গোস্বামীৰ 'শেষ অংক', ৰাজেন্দ্ৰ নাথ বৰঠাকুৰৰ 'ভোটাই ডেকা' , 'পাণ্ডুলিপি', ডঃ পূৰ্ণকান্ত শৰ্মাৰ 'ৰক্ত কৰৱী'ৰ নাম উল্লেখযোগ্য।

নাট্য সমাজে ১৯৫৪ চনত 'অন্ধ' নাটকৰ জৰিয়তে প্ৰথম সহ-অভিনয়ৰ পাতনি মেলে।অভিনেত্রীসকল আছিল শংখেশ্বৰী দাস, লিলি ভূঞা, নুৰজাহান বেগম,অণু বৰুৱা আৰু বিমল দাস।নটসূৰ্য্য ফণী শৰ্মাই ১৯৫৬ চনত স্থানীয় শিল্পীৰ সহযোগত 'দেৱাসুৰ' নাটকখনি বীণাপাণিত মঞ্চস্থ কৰে। অভিনেত্রী হিচাপে নুৰজাহান বেগম, গিৰিজা হাজৰিকা আৰু বিমল দাসে ইয়াত অংশ লয়।

ফণী শৰ্মাই পুনৰ ১৯৬৫ চনত তেওঁৰ 'কিয়' আৰু 'এমুঠি চাউল' নাটক দুখন স্থানীয় অভিনেতা-অভিনেত্ৰীৰ সহযোগত ইয়াত মঞ্চস্থ কৰে। শিৱপ্ৰসাদ ভট্টাচার্য ('চিৰাজ' খ্যাত) এসময়ত নাট্য সমাজৰ সংগীতাংশৰে জড়িত হৈছিল।নাট্য সমাজে দুগৰাকী সদস্য হৰেন্দ্ৰ নাথ শৰ্মা আৰু ভদ্ৰকান্ত শইকীয়াক সংগীত প্ৰশিক্ষণৰ বাবে জলপানিসহকাৰে  লক্ষ্ণৌ ভাটখাণ্ডেলৈ পঠাইছিল। 

শাৰদীয় বতৰত নাট্যাভিনয়ৰ প্ৰাৰম্ভিক উদ্দেশ্যৰে গঠিত নাট্য সমাজৰ কাম-কাজৰ সম্প্ৰসাৰণ ঘটিল। সাংস্কৃতিক, সামাজিক, শৈক্ষিক, ক্ৰীড়া, আনকি ৰাজনৈতিক ক্ষেত্ৰখনলৈও নাট্য সমাজে পাৰ্য্যমানে বৰঙণি আগবঢ়ালে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জ্যোতিপ্রসাদ আগৰৱালাৰ নেতৃত্বত গঠিত স্বেচ্ছাসেৱক বাহিনীৰ বাবে পাঁচজন যুৱক বিচৰাত সমাজে কমলাকান্ত ভূঞা, ভদ্ৰকান্ত শইকীয়া, বিনীত চন্দ্র বৰুৱা, বিপিন চন্দ্র হাজৰিকা আৰু হেমচন্দ্র ফুকনক পঠাইছিল।

দ্বিতীয় মহাযুদ্ধৰ সময়ত বয়-বস্তুৰ অভাৱ, চৰা দাম আৰু ক'লা বেপাৰীৰ পৰা অঞ্চলবাসীক ৰক্ষা কৰিবলৈ নাট্য সমাজে বীণাপাণি কো-অপাৰেটিভ ষ্ট'ৰ্ছ খুলিছিল । সমবায় মানেই লোকচান--এনে ধাৰণাক যোগ্য প্ৰত্যাহ্বান জনাই সমবায় সমিতিখন আজিও সগৌৰৱে থিয় হৈ আছে -- কেইবাটাও ব্যাৱসায়িক শাখাত বিভক্ত হৈ। 

অঞ্চলটোৰ এগৰাকী বৰেণ্য সাহিত্যিক, স্বাধীনতা আন্দোলনৰ নেতা লক্ষ্মীধৰ শৰ্মাৰ স্মৃতিত নাট্য সমাজে স্থাপন কৰা পুথিভঁৰালটোৱে অঞ্চলটোত বৌদ্ধিক আন্দোলন এটাৰ সূচনা কৰিছিল। পঠনৰ সুবিধাৰ লগতে পুথিভঁৰালৰ জৰিয়তে আলোচনা সভা, বক্তৃতা অনুষ্ঠান পতাৰ উপৰিও হাতেলিখা আলোচনী প্ৰকাশৰো ব্যৱস্থা কৰা হৈছিল।

ক্ৰীড়াৰ প্ৰতি আগ্ৰহী যুৱকসকলক লৈ নাট্য সমাজে এটি ক্ৰীড়া শাখা গঠন কৰিছিল। এই শাখাই ফুটবল, ভলীবল, বেডমিণ্টন আদি খেলৰ ব্যৱস্থা কৰিছিল। নাট্য সমাজৰ নিজাকৈ এটা ফুটবল দল আছিল। ক্ৰীড়া শাখাই প্ৰথমে লক্ষ্মীধৰ মেম'ৰিয়েল কাপ প্ৰতিযোগিতা আৰু পিছলৈ গণেশ মেম'ৰিয়েল শ্বিল্ড, ইছাক মেম'ৰিয়েল কাপ প্ৰতিযোগিতা পাতে।

প্ৰতিযোগিতাত লখিমপুৰৰ পৰা তেজপুৰলৈকে বিভিন্ন দলে অংশগ্রহণ কৰিছিল। নাট্য সমাজে এসময়ত ব'হাগ বিহু উদযাপন কৰি বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, গল্প-কবিতা-ৰচনা প্ৰতিযোগিতা, প্ৰদৰ্শনী আদিৰ আয়োজন কৰিছিল আৰু মুকলি সভা অনুষ্ঠিত কৰিছিল। এনে এখন সভাত এবাৰ বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই অংশগ্রহণ কৰিছিল। 

অঞ্চলটোৰ প্রথমখন হাইস্কুল চাৰিআলি হাইস্কুল (বৰ্তমান উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়) স্থাপনত নাট্য সমাজে নাট্যাভিনয়ৰ ব্যৱস্থা কৰি সাহায্য আগবঢ়াইছিল। জামুগুৰিহাটত কলেজ স্থাপন (ত্যাগবীৰ হেম বৰুৱা কলেজ), বিশ্বনাথ কলেজত বিজ্ঞান শাখা খোলা আদি শিক্ষা-প্ৰসাৰী কৰ্মতো নাট্য সমাজে হাত উজান দিছিল। 

'৭০ৰ দশকলৈকে বীণাপাণিৰ মঞ্চ নাট্য সমাজে নিজাকৈ প্ৰযোজনা কৰা নাটকেৰে জীপাল হৈ আছিল যদিও পৰৱৰ্তী সময়ত সেয়া নিস্তেজ হৈ পৰিল। ছেগা-চোৰোকাকৈহে সেই কৰ্ম চলিবলৈ ধৰিলে। অৱশ্যে অন্য অপেছাদাৰী নাট্যগোষ্ঠীৰ নাট পৰিবেশন, বিভিন্ন অনুষ্ঠানৰ সামাজিক-সাংস্কৃতিক সভা-সমিতি, ৰাজনৈতিক-ব্যাৱসায়িক প্ৰতিষ্ঠানৰ অন্যান্য কাৰ্য্যসূচী ৰূপায়ণৰ সুবিধাজনক স্থান হিচাপে বীণাপাণি নাট্য সমাজৰ প্ৰেক্ষাগৃহ আৰু মঞ্চ ব্যবহৃত হৈ আহিছে আৰু নাট্য সমাজে সেই সুবিধা দি আহিছে।

সম্প্ৰতি নাট্য সমাজৰ মঞ্চ আৰু প্ৰেক্ষাগৃহ অসম চৰকাৰে আগবঢ়োৱা অৰ্থসাহায্যৰে নকৈ নিৰ্মাণ কৰি থকা হৈছে।নাট্য সমাজৰ বৰ্তমানৰ সভাপতি তৰুণ শইকীয়া আৰু সম্পাদক ৰাজেন্দ্ৰ প্ৰসাদ দাস।।

৮৬৩৮৬ ০৩১৩৪