মে-ডাম-মে-ফী: তাই-আহোমৰ এক পবিত্ৰ অনুষ্ঠান


Image Description

“যি জাতিয়ে পূর্বপুৰুষলৈ ঘূৰি নাচায় সেই জাতিয়ে সোণসেৰীয়া ভৱিষ্যতৰ সপোন ৰচনা কৰিব নোৱাৰে।

এডমাণ্ড বাৰ্ক

তাই-আহোমসকল এটা শৌৰ্য্য-বীর্য্যশালী প্রৱল-প্রতাপী জাতি। তাই লোককথাসমূহত তেওঁলোকক স্বৰ্গাধিপতি লেংডনৰ বংশধৰ বুলি কোৱা হয়। কোৱা হয় যে খুন্‌লাইক মুংটেউ আৰু মুংটাম দেশত ৰাজত্ব কৰিবলৈ সৰগৰ পৰা মৰ্ত্যলৈ পঠিয়াওঁতে লেংডনে এই বুলি উপদেশ দিছিল,

'তোমালোকে সদায় বিজ্ঞতাৰে কাম কৰিবাঁ। তোমালোক মহান খেংখামৰ বংশধৰ। মই তোমালোকক ধৰাৰ বুকুলৈ নমাই পঠিয়াবলৈ ওলাইছোঁ। তোমালোকে সদায় ন্যায়ৰ পথত চলিবাঁ আৰু সুচাৰুৰূপে দেশ শাসন কৰিবাঁ।'

তাই-আহোমসকলে অতীতৰে পৰা মে-ডাম-মে-ফী অনুষ্ঠিত কৰি আহিছে। এই মে-ডাম-মে ফী তাই-আহোম ভাষাৰ শব্দ। ‘মে’ শব্দৰ অর্থ ‘তৰ্পণ কৰা’, ‘ডাম’ শব্দৰ অর্থ ‘মৃতক’, ‘ফী’ৰ অৰ্থ হৈছে মৃত্যুৰ পাছত হোৱা দেৱতা।

গতিকে মে-ডাম-মে-ফী হৈছে উপৰিপুৰুষৰ প্ৰতি তৰ্পণ কৰা অথবা তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰা অনুষ্ঠান। জনবিশ্বাস মতে উপৰিপুৰুষক মৃত্যুৰ দেৱতাসকলৰ সহায় থাকিলে, 'ইকৰা পাতে নেকাটে, চীনাজোকে নেখায়, যমেও থাকে ডৰায়।'

উল্লেখযোগ্য যে এই পুলিন-পুথাওসকলৰ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে এই অনুষ্ঠানৰদ্বাৰা গোটেই ৰাজ্যখনৰ সকলো লোকৰে মংগল কামনা কৰা হয়।

ঘৰৰ মৃতক-দেৱতাৰ উপৰিও তাই-আহোমসকলে অতি পবিত্রভাৱে আঠগৰাকী ইস্ত-দেৱতাৰ উদ্দেশ্যি মাইহাং স্থাপন কৰি পূজা অৰ্পণ কৰে। এই আঠগৰাকী দেৱ-দেৱী হ’ল:

১ জলৰ অধিপতি খাওখাম্‌

২ পৃথিৱীৰ অধিপতি আইলেংদিন্‌

৩ স্বৰ্গৰ অধিপতি লেংডন্‌

৪ সৰ্বাধিকৰ্তা লাংকুৰি

৫ সর্বাধিকর্তী জান্‌-চাই-হং 

৬ সপ্ত স্বৰ্গৰ অধিপতি চিত্‌-চাম্‌-লাম্‌

৭ সূর্য্য-চন্দ্ৰৰ অধিপতি মুট্‌কুম্‌ টাইকুম্‌, আৰু

৮ সকলো বিদ্যাৰ অধিস্থাত্ৰী জাচিংফা।

ইতিমধ্যে কোৱাৰ দৰে প্ৰধানকৈ ৰাজ্যৰ বা দেশৰ কুশল-মংগলৰ কামনা কৰি এই মে-ডাম-মে-ফী অনুষ্ঠিত কৰা হয়। দেশৰ বীৰ-বীৰাংগনা, ৰজা-মহাৰজা, পুলিন-পুথাওসকলৰ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে তেওঁলোকৰ পৰা আৰ্শীবাদ বিচৰাই হৈছে এই পবিত্র অনুষ্ঠানৰ লক্ষ্য।

যুগ যুগ ধৰি এই অনুষ্ঠানে তাই-আহোমসকলৰ সংস্কৃতি পৰম্পৰাৰ বিশালতাৰ পৰিচয় বহন কৰি আহিছে।

এই মে-ডাম-মে-ফী প্রধানকৈ তিনি ধৰণে অনুষ্ঠিত কৰা হয় বুলি বিজ্ঞ মলুংসকলে উল্লেখ কৰিছে। যথা:

১ ৰাজহুৱাভাৱে, ৰাজ্য বা দেশৰ মংগলৰ হেতু

২ ঘৰুৱাভাৱে, ৩খন মাইহাং পাতি

৩ ঘৰুৱাভাৱে, ৫খন মাইহাং পাতি।

প্রতি মে-ডাম-মে-ফীত পবিত্র পেং-কাকা নামৰ মূল তাই-ভাষাৰ (বা অসমীয়া ভাষাত অনূদিত) ধৰ্মগ্ৰন্থ স্থাপন কৰাটো নিয়ম। ‘ঞাপ্লক’ বা শান্তিপানী চটিওঁৱাৰ লগতে পুৰোহিতক যথাৰীতিৰে সন্মানসহকাৰে বৰণ কৰা হয়।

ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা মে-ডাম-মে-ফীত ৮খন মাইহাং স্থাপন কৰি প্ৰসাদ, থুৰিয়া তামোল, আগগুৰি কটা তামোল-পান, হাঁহ কণী, কুকুৰা কণী, লোক্‌লাও (ৰহী সাজ), মাটিৰ চাকি, মিঠাতেল, ধূপ, ফুল, পানী, ডাক নুফুটা দুটা কুকুৰা পোৱালী, আদি অনেক উপকৰণ পূজা-দ্ৰব্যৰে মলুংসকলে যথাৰীতি অৰ্চনা-বন্দনাৰে পূজা অৰ্পণ কৰাৰ নিয়ম আছে।

আহোম জাতিৰ গৌৰৱোজ্জ্বল ইতিহাসত এই পবিত্র অনুষ্ঠানৰ গুৰুত্ব অপৰিসীম। কোৱা হয় যে বৰ্তমানৰ এই যুগ যুক্তিৰ যুগ, বিজ্ঞান-প্রযুক্তি, দ্রুত পৰিৱৰ্তনৰ যুগ, আধুনিক শিক্ষা আৰু বাণিজ্যৰ যুগ। তথাপি আজিৰ এই পৰিৱৰ্তিত যুগতো আহোমৰ নৱ-প্ৰজন্মই নিজৰ এই বাপতিসাহোন অনুষ্ঠানটোক আৰু এনে সকলো পৰম্পৰাকে নিষ্ঠাৰে পালন কৰাটো অতিকৈ প্ৰয়োজনীয়।

এই মে-ডাম-মে-ফী অনুষ্ঠানটোক আমি এহাতে আহোমৰ জাতীয় পৰম্পৰাৰ ভেটিটোক কট্‌কটীয়া কৰি ৰখাৰ এক পদক্ষেপ হিচাবে, আৰু আনহাতে অসমৰ তথা ভাৰতৰ সকলো লোকৰে মংগল কামনা কৰাৰো এক উপলক্ষ্য হিচাপে গ্ৰহণ কৰিব লাগে।।