ফটিকদাৰ সতে কাম কৰাৰ মধুৰ অভিজ্ঞতা


Image Description

দুৰাৰোগ্য কৰ্কট ৰোগৰ সতে যুঁজি–যুঁজি অৱশেষত খ্যাতনামা কলা নিৰ্দেশক ফটিক বৰুৱাই নিয়তিৰ ওচৰত হাৰ মানিলে।আব্দুল মজিদ পৰিচালিত 'বনজুই' কথাছবিৰ জৰিয়তে চলচ্চিত্ৰ শিল্পৰ কলা নিৰ্দেশনাৰ কাম আৰম্ভ কৰা ফটিক বৰুৱাই প্ৰায় ৮০ খন কথাছবিত কলা নিৰ্দেশক আৰু সমান্তৰালভাৱে প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্ব সম্পূৰ্ণ কৰে। তালিকাখনত অন্তৰ্ভুক্ত আছিল বহু কেইখন বিখ্যাত কথাছবি।


সদ্যপ্ৰয়াত ফটিক বৰুৱা

অসমীয়া খাৰলি, কাহুদী, আচাৰৰ তেওঁৰ আছিল এটা নিজস্ব নামাংকন। । অসমত একাণপতীয়াকৈ কলা সাধনা কৰি যোৱাতো আৰ্থিকভাৱে বৰ কষ্টকৰ। সেই কথা ভাবিয়েই চাগে তেওঁ এনে ব্যৱসায়ৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিছিল। এক কথাত জীৱনৰ শেষ দিনটোলৈ তেওঁৰ আছিল এক অতি ব্যস্ততাপূৰ্ণ জীৱন। মৃত্যুৰ কেইদিনমান আগলৈকে ৭১ বছৰ বয়সতো তেওঁ ৰুগীয়া দেহাৰে দুৰন্ত তৰুণৰ দৰে ইফাল-সিফাল চলাথ কৰি কেৱল কাম আৰু কাম কৰি গ'ল। দুদিন পিছতেই নতুন চিনেমা এখনৰ ঠাই চাবলৈ যোৱাৰ কথা আছিল। কিন্তু ন'হল। ২৩ আগষ্টৰ পুৱাই তেওঁ কোনোবা অজানদেশলৈ গুচি গ'ল। তেঁও যে এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল সেই কথা উপলব্ধি কৰাৰ কাকোৱেই যেন কোনো সুযোগ নিদিলে। অতি তৎপৰতাৰে নিয়াৰিকৈ যেনেকৈ তেওঁ প্ৰতিটো কাম সমাধা কৰিছিল শেষ বিদায়ৰ বেলাও একেই তৎপৰতাৰে তেওঁ হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। এৰি থৈ গ'ল এগৰাকী কৰ্মযোগী কলা সাধকৰ জীৱনযোৰা বিৰল চানেকি।

ফটিক বৰুৱা আমাৰ বাবে আছিল ফটিকদা। তেখেতক প্ৰথম দেখিছিলোঁ ৭০ৰ দশকৰ শেষৰ ফালে। দোপালপিটা বৰষুণ এজাক চলি থকা এটি সন্ধিয়া। ছাতিৰ তলত হাতত টৰ্চ এটা লৈ তাৰ পোহৰত আমাৰ ঘৰৰ কাষত এজন লোকে কিবা বিচাৰি ফুৰিছে। লগত আছে এজন কিশোৰ। কিশোৰজন আমাৰ ওচৰৰে। প্ৰায় সমনীয়া। তাৰ মুখেৰে গম পালোঁ সেইজন ফটিক বৰুৱা। চিনেমাৰ কলা নিৰ্দেশক। ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ 'অনিৰ্বাণ' কথাছবিত দেখুৱাবলৈ ভেকুলী বিচাৰি ফুৰিছে।

১৯৯২ চনত মুনিন বৰুৱাৰ 'প্ৰভাতী পখীৰ গান' কথাছবিত মই অভিনয় কৰোঁতে ফাটিকদাক ভালকৈ লগ পোৱাৰ সুযোগ হ'ল। সেইখন কথাছবিত তেওঁ কলা নিৰ্দেশক আৰু লগতে প্ৰযোজনা নিয়ন্ত্ৰক আছিল। গতিকে তাতেই তেওঁক অতি কাষৰ পৰা লগ পালো। এটা জহি-খহি যোৱা ক্লাৱঘৰৰ ছেট সাজোঁতে মকৰাজালকে ধৰি সূক্ষ্ম সূক্ষ্ম কথাবোৰ তেওঁ যিধৰণে গুৰুত্ব দিয়া দেখিলো, তাতেই তেওঁৰ শিল্পী সত্তাটোক উপলব্ধি কৰিলোঁ। ইয়াৰ তিনি-চাৰিমাহমান পিছতেই 'এই চহৰতে' নামৰ ধাৰাবাহিক এখনত এটা ৰোমাণ্টিক চৰিত্ৰত অভিনয় কৰোঁ। সেইখনৰো কলা নিৰ্দেশক আছিল ফটিকদা। গুৱাহাটীৰ পূব-শৰণীয়াত কাহিনীৰ প্ৰয়োজনত হুবহু এক নগৰীয়া বস্তি অঞ্চল গঢ়ি তুলিলে। তেওঁৰ প্ৰতিভাৰ আৰু ভালকৈ উমান পালোঁ।

মই নিজে পৰিচালনা কৰা প্ৰথম কথাছবি 'সেউজী ধৰণী ধুনীয়া' প্ৰায় সংখ্যক নবাগতক লৈয়েই কাম কৰিছিলোঁ। কিন্তু মোৰ দ্বিতীয় কথাছবি 'আমি অসমীয়া'ৰ বাবে মই কলা নিৰ্দেশক আৰু প্ৰযোজনা নিয়ন্ত্ৰণৰ দায়িত্ব ফাটিকদাকেই দিছিলোঁ। দুটা কাৰণত। প্ৰথমটো কাৰণ হ'ল এইখন কথাছবিৰ ৮০% চিত্ৰগ্ৰহণ ছেট নিৰ্মাণ কৰি কৰা হৈছিল। জ্যোতি চিত্ৰবনত এখন বিশাল বজাৰ তৈয়াৰ কৰি লোৱা হৈছিল। গতিকে এনেকুৱা এটা বৃহৎ পৰিকল্পনা ফটিকদাৰ নিচিনা অভিজ্ঞ লোক থাকিলেহে নিয়াৰিকৈ সম্পন্ন কৰিব পাৰি। তাৰোপৰি সমগ্র কথাছবিখনত ৰঙা আৰু বগা ৰঙেৰে এটা ৰঙৰ স্বৰ (colour tone) সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হ'ল। ইয়াৰ বাবে দৃশ্যসজ্জা, পোছাক আৰু চিত্ৰগ্ৰহণ এই তিনিওটাৰ সমন্বিত প্ৰচেষ্টাৰ অতি প্ৰয়োজন।

ফটিকদাক মই যেতিয়া এই পৰিকল্পনাৰ কথা ক'লোঁ তেতিয়া তেওঁ অতি উৎসাহী হৈ পৰে। মই তেওঁক কৈছিলোঁ চিনেমাৰ নাম 'আমি অসমীয়া'। গতিকে অসমীয়াৰ গামোচাখনৰ দৰেই গোটেই চিনেমাখনৰ ৰংটো মই হোৱা বিচাৰোঁ। তেতিয়া তেওঁ নিজৰ পকেটৰ পৰা বগাৰ ওপৰত থকা ৰঙা ৰঙৰ উইলছ ফিল্টাৰ চিগাৰেটৰ পেকেট এটা উলিয়াই মোক দেখুৱাই ক'লে, 'এই পেকেটটোৰ ডিজাইন কাৰ জানা?' মই ক'লোঁ, 'সত্যজিৎ ৰায়ৰ।' তেঁও ক'লে, 'অ, আমি ৰং সম্পৰ্কে শিকোঁতে এই পেকেটোৰ ৰঙৰ জোটঁ সম্পৰ্কে আমাক শিকোৱা হৈছিল। এইটো হৈছে 'most striking combination'।

অসমীয়া গামোচাখনৰ ৰং এই জোটঁৰ বাবেই সকলোৱে পচন্দ কৰে। ' আমি অসমীয়া'ত সেয়ে এজন অনন্য ফাটিকদা সকলো ফ্ৰেমতে বিদ্যমান।

প্ৰযোজনা নিয়ন্ত্ৰক হিচাপেও ফটিকদা বৰ দক্ষ আছিল। এখন কথাছবি নিৰ্মাণৰ সময়ত খোৱা-বোৱা, যাতায়তকে ধৰি প্ৰায় সকলো যা-যোগাৰ প্ৰযোজনা নিয়ন্ত্ৰকে কৰে। প্ৰযোজনা নিয়ন্ত্ৰকে সকলো যোগাৰ সময় মতে কৰিলেহে নিৰ্দিষ্ট সময়ত কথাছবি এখন নিৰ্মাণ সম্ভৱ হৈ উঠে। এই ক্ষেত্ৰটো ফটিকদা ইমান তৎপৰ আছিল তেওঁ কোনোদিনে তেওঁক অভিযোগ কৰিবলৈ সুবিধা দিয়া নাছিল। সেইবাবেই সকলোৱে তেওঁক কলা নিৰ্দেশকৰ উপৰিও প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বও অৰ্পণ কৰিছিল।

আজি ফটিকদা নাই।তেওঁৰ সেই মধুৰ স্মৃতিবোৰ মনত নতুনকৈ সজীৱ হৈ ধৰা দিছে। আমি জানো তেওঁ তেওঁৰ সৃষ্টিৰ মাজেৰে আমাৰ মাজত সদায় জীপাল হৈ জীয়াই থাকিব।