কেনে আছে ভ্ৰাম্যমান থিয়েটাৰ জগত


Image Description

প্ৰায় ষাঠি বছৰ আগেয়ে ১৯৬৩ চনৰ ২ অক্টোবৰত পুৰোধা ব্যক্তি স্বৰ্গীয় অচ্যুত লহকৰদেৱৰ তত্ত্বাৱধানত পাঠশালাত অসমৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ- ‘নটৰাজ চিনে থিয়েটাৰ’ৰ জন্ম হয়৷ ভ্ৰাম্যমান থিয়েটাৰ সম্পৰ্কে অৱশ্যে অসমৰ ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ পৃথিৱীৰ ভিতৰতে এক বিৰল কলা-শৈলী৷ তেতিয়াৰ সেই ভ্ৰাম্যমান থিয়েটাৰে আজিৰ অসমত এক বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান হিচাবে গঢ় লৈছে৷ এক উদ্যোগ, যিয়ে আজিৰ দিনত প্ৰায় দহ কৌটি টকাৰ অধিক ব্যৱসায় কৰে৷ এক উদ্যোগ য’ত এটা নাট্যগোষ্ঠীয়ে প্ৰায় ডেৰশ পৰিয়ালক পোহ-পাল দি আছে, এটা উদ্যোগ যি যোৱা ছটা দশক জুৰি বিভিন্ন ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি আজিৰ অসমৰ সাংস্কৃতিক জগতৰ এক অনন্য আৰু অবিচ্ছেদ্য কলা-শৈলী ৰূপে পৰিগণিত হৈছে৷ বছৰৰ মাজভাগ অৰ্থাৎ জুলাই-আগষ্ট মাহৰ প্ৰথম ১৫ দিন অৰ্থাৎ ডেৰ মাহজোৰা কঠোৰ অনুশীলন বা আখৰাৰ পিছত প্ৰতিটো নাট্যগোষ্ঠীয়েই প্ৰায় ৯ মাহ জোৰা কাৰ্য্যসূচীৰে ওলাই যায় অসমৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শনীৰ বাবে৷

২০১৯ চনত পৃথিৱী কোবাই যোৱা ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে জনসমাগমৰ ক্ষেত্ৰত চৰকাৰে বাধা আৰোপ কৰে৷ ফলত ২০১৯-২০ নাট্যবৰ্ষৰ শেষৰফালে নাট্যগোষ্ঠীসমূহে প্ৰদৰ্শনীসমূহ বাতিল কৰিবলগীয়া হয়৷ ২০২০ চনৰ প্ৰথমভাগতে চৰকাৰীভাৱে সম্পূৰ্ণ লক্‌ডাউন ঘোষণা কৰা হ’ল৷ ঘোষণা কৰা লক্‌ডাউনে লাহে লাহে সংক্ৰমণ ৰোধ কৰিলে সঁচা৷ কিন্তু সেই লক্‌ডাউনে জনসাধাৰণৰ জীৱন আৰু জীৱিকা দুৰ্বিসহ কৰি তুলিলে৷ বহু পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰময় হ’ল৷ বহু পৰিয়ালে অনাহাৰেও থাকিবলগীয়া হ’ল৷ ২০২০ চনৰ বছৰৰ শেষৰফালে পৰিস্থিতি অলপ নিয়মীয়া হ’ল৷ কিছুমান চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে ব্যৱসায়-বাণিজ্য চেগা-চোৰোকাকৈ আৰম্ভ হ’ল৷ কিন্তু ভ্ৰাম্যমান নাট্যগোষ্ঠীসমূহ? তাৰ লগত জড়িত শিল্পী কলা-কুশলীসকল? কাৰোৰে হয়তো ভাবিবৰ অৱকাশেই নহ’ল ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰদৰ্শনী যে গোটাচেৰেক ব্যক্তিক লৈ অনুষ্ঠিত কৰিব পৰা নাযায়৷ তাৰ বাবে প্ৰয়োজন কঠোৰ অনুশীলনৰ বা আখৰাৰ৷ প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি নাট্যশিল্পী, গায়ক-গায়িকা, ষ্টেজ সজোৱাসকল, আনকি আঁৰ কাপোৰ উঠোৱা আৰু নমোৱা ব্যক্তিজন, লাইট লগোৱাসকল, ব’ৰ্ডমেন জনলৈকে সকলোৰে এক সামূহিক আৰু ডেৰ মাহ-দুমাহ জোৰা আখৰাৰ পিছতহে নাট প্ৰদৰ্শনী সম্ভৱ৷ গতিকে ২০২০-২১ বৰ্ষও অথলেই গ’ল৷ আখৰাৰ সময় লক্‌ডাউনৰ মাজতেই পাৰ হৈ গ’ল৷ অন্যান্য ব্যৱসায়-প্ৰতিষ্ঠান, কোম্পানীসমূহ যেতিয়া বন্ধ হ’ল, তেতিয়া তাত কৰ্মৰত লোকসকল জীৱিকাৰ সন্ধানত পেছা সলাই কোনোবাই যদি হাট-বজাৰত বহিল, কোনোবাই ফুটপাথত চাহ বেচিলে৷ কিন্তু, যিসকল ব্যক্তিয়ে জীৱনৰ বেছিভাগ সময় ভ্ৰাম্যমান থিয়েটাৰতেই পাৰ কৰিলে, যিসকল ব্যক্তিয়ে জীৱনত অন্য জীৱিকাৰ কোনো কৌশলেই আয়ত্ত কৰিবলৈ নিশিকিলে, তেওঁলোকে এতিয়া জীৱনত কোন বাটে বাট বুলিব? যিসকল ব্যক্তিক এপলক চাবলৈ ৰাাইেজ আশাৰে ৰৈ থাকিছিল, যিসকল শিল্পী-কুশলীয়ে সদায় ৰাইজৰ আদৰেই বুটলিছিল, সেইসকলে কাৰোবাৰ ওচৰত কিবা বিচাৰিবলৈও তেওঁলোকৰ সন্মুখত হেঙাৰ হৈ থিয় দিছে তেওঁলোকৰ আত্মঅভিমান

২০২০-২১ সময়চোৱাত নাট প্ৰদৰ্শনী সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিল আৰু ২০২০-২১ চনৰ সিদ্ধান্ত এতিয়াও অনিশ্চিত হৈ থকাৰ ফলত ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত প্ৰতিগৰাকী কলা-কুশলী, সকলোৱে এক চৰম অনিশ্বয়তাত ভুগিছে৷

এই সংক্ৰান্তত কেইজনমান প্ৰযোজক, কিছু অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰ সৈতে হোৱা কথা-বাৰ্তাই আমাৰো চকু সেমেকাই তুলিলে৷ ৰাইজৰ নয়নৰ মণি, হিয়াৰ আমঠু এইসকল লোকৰ আজি পানীত হাঁহ নচৰা অৱস্থা৷ বিশেষকৈ যিসকলে অভিনয় বা অন্যান্য শিল্প কলাৰ প্ৰতি থকা স্পৃহাৰ বাবেই যথেষ্ট কম পাৰিশ্ৰমিকৰ বিনিময়ত জীৱনৰ বছৰবোৰ ভ্ৰাম্যমান থিয়েটাৰক দিছিল, সেইসকলৰ অৱস্থা সঁচাকৈয়ে শোচনীয়৷ কেইবাজনো প্ৰযোজকে কোৱামতে এই পৰিস্থিতি চলি থাকিলে থিয়েটাৰৰ সম্পদসমূহ এপদ এপদকৈ বেচিবলৈ বাধ্য হ’ব৷ পৰিস্থিতি কেতিয়া সাধাৰণ অৱস্থালৈ ঘুৰি আহিব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে৷ প্ৰায় সকলোৱেই একেই আৰ্থিক অনাটনৰ মাজেৰে দিন কটাইছে৷ এনে সময়ত এইসকল লোকে কাৰ মুখলৈ চাব? চৰকাৰে তাৎক্ষণিকভাৱে এইক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ অতিকৈ প্ৰয়োজন৷