জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসমীয়া চিনেমা


Image Description

বিস্ময়কৰ প্ৰতিভা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অদম্য ইচ্ছাশক্তি, অমানুষিক কষ্ট আৰু অপৰিসীম ত্যাগৰ ফলশ্ৰুতিত ভাৰতৰ প্ৰথমখন সবাক চলচিত্ৰ 'আলম আৰা'ৰ মুক্তিৰ চাৰি বছৰৰ পিছতেই ১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ ৰাওনাক হলত মুক্তি লাভ কৰিছিল অসমৰ প্ৰথমখন বোলছবি জয়মতীয়ে।

ভোলাগুৰি চাহ বাগিচাত বাঁহ-বেত ইকৰাৰে ‘চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি,বগা পটুৱাৰে ৰাজকাৰেং সাজি,গোবৰ আৰু মাটি মিহলাই ষ্টুডিঅ'ৰ মজিয়া তৈয়াৰ কৰি নানান পৰিশ্ৰম আৰু বাধা- বিঘিনীৰ মাজেৰে জ্যোতিপ্ৰসাদে অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ আৰম্ভণি কৰিছিল।

প্ৰচলিত ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত যথোপযুক্ত উল্লেখ নাথাকিলেও সমসাময়িক ভাৰতীয় চিনেমাৰ আমোদ-বিলাস ব্যৱস্থাৰ পৰা আঁতৰি আহি জ্যোতিপ্ৰসাদে ইতিহাস আশ্ৰিত এটি কাহিনীক ভেটি হিচাপে লৈ এগৰাকী নাৰীৰ আবেগসৰ্বস্ব কাহিনীৰ পৰিৱৰ্তে জয়মতীৰ মাজেৰে তেওঁ সুগভীৰ শিল্পবোধ,কলাত্মক চিন্তা-চেতনা আৰু অসমীয়া জীৱন আৰু সংস্কৃতিৰ ঐতিহ্য স্থাপন কৰিছিল।

১৯৩৯ চনত কম খৰছতে তেওঁ দ্বিতীয়খন ছবি 'ইন্দ্ৰমালতী'ৰ নির্মাণ কৰে।১৯৩৫ৰ পৰা বিভিন্ন উত্থান-পতনৰ মাজেৰে আহি অসমীয়া ছবিয়ে এই ৮৭ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা অতিক্ৰমি আজিৰ পৰ্য্যায়ত উপনীত হৈছেহি।

১৯৪০ৰ দশকত মুঠ মুক্তিপ্ৰাপ্ত ছবি আছিল ছখন।১৯৪১ চনত নিৰ্মিত হৈছিল তৃতীয়খন অসমীয়া ছবি 'মনোমতী'।প্ৰাপ্ত তথ্য অনুসৰি, এই ছবিখনে পোন প্ৰথমবাৰৰ বাবে প'ষ্টাৰ প্ৰস্তুত কৰিছিল।১৯৪১ চনত পাৰ্বতী প্ৰসাদ বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰিছিল 'ৰূপহী' বোলছবিয়ে।

এই সময়ছোৱাতে 'পাৰঘাট', 'বিপ্লবী', 'ৰুণুমী' আদি ছবিসমূহে মুক্তিলাভ কৰিছিল যদিও আটাইতকৈ উল্লেখযোগ্য ছবিখন আছিল ‘চিৰাজ'।ফণী শৰ্মা আৰু বিষ্ণু ৰাভা পৰিচালিত চিৰাজে ব্ৰিটিছৰ সংকীৰ্ণ সাম্প্ৰদায়িকতাবাদে কলুষিত কৰি ৰখা জনজীৱনত জোৱাৰ তুলিছিল আৰু সামাজিক আৰু বাস্তৱিক দিশৰ পৰা এইখন অত্যন্ত গুৰুত্বপূৰ্ণ আছিল।

১৯৫০ৰ দশকটোত সৰ্বমুঠ ১৯খন ছবিয়ে মুক্তি লাভ কৰে।এই সময়ছোৱাৰ অন্যতম এক উল্লেখযোগ্য ঘটনা আছিল ডঃ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ পৰিচালকৰ ৰূপত আত্মপ্ৰকাশ।

সমসাময়িক বংগ দেশৰ ‘ছিন্নমূল',‘ 'পথেৰ পাচালী' আদি মানৱতাবাদী,বাস্তৱবাদী ছবিৰ ধাৰাৰ বিপৰীতে অসমীয়া চলচ্চিত্ৰৰ এক উন্নত কলাধৰ্মী প্ৰচেষ্টা দেখা নগ'ল।তথাপি 'পিয়লি ফুকন', 'নিমিলা অংক', 'এৰাবাটৰ সুৰ', 'ৰঙা পুলিচ', 'পুৱেৰুণ' আদি ছবিয়ে ছবিজগতলৈ অসংখ্য সন্মান কঢ়িয়াই আনে।

মনোৰঞ্জনধৰ্মী ছবিৰ ব্যাৱসায়িক সম্ভাৱনা, পুঁজিৰ সুচল ব্যৱহাৰ, দৰ্শক বৃদ্ধি আদি কাৰণত ৬০ আৰু ৭০ৰ দশকত অসমীয়া চিনেমা নিৰ্মাণৰ সংখ্যাগত উন্নতি সম্ভৱ হৈ উঠে। এই সময়ছোৱাতে, আংশিক ৰঙীন ছবি ‘শকুন্তলা',প্ৰথম হাস্য-ৰসাত্মক ছবি  ‘ইটো সিটো বহুতো', হিট ছবি ‘ডাঃ বেজবৰুৱা’, প্ৰথম অসমীয়া ৰঙীন ছবি ‘ভাইটি' আদি ছবিয়ে মুক্তি লাভ কৰে।ইয়াৰ পৰৱৰ্তী সময়ত পদুম বৰুৱাৰ পৰিচালনাত নিৰ্মিত ‘গঙা চিলনীৰ পাখি’ অসমীয়া ছবিৰ ইতিহাসৰ এক ব্যতিক্ৰমীধৰ্মী ছবি আছিল।

১৯৭০ৰ দশকত চলচ্চিত্ৰ জগতলৈ প্ৰৱেশ ঘটে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ।১৯৭৭ চনত নিজৰ এটি কাহিনীৰ ভিত্তিত তেখেতে 'সন্ধ্যাৰাগ' বোলছবি নিৰ্মাণ কৰে। অসমীয়া চলচ্চিত্ৰৰ তৰল,মঞ্চধৰ্মী আৱেগসৰ্বস্ব প্ৰবাহৰ বিপৰীতে সুস্থ চলচ্চিত্ৰৰ এক সবল ধাৰা শইকীয়াদেৱে প্ৰতিষ্ঠা কৰে।

১৯৮০-৯০ দশকটো অসমীয়া চলচ্চিত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাতে 'অপৰূপা', 'পাপৰি' আদি বোলছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত জাহ্নু বৰুৱাই প্ৰৱেশ কৰে।১৯৮৭ চনত জাহ্নু বৰুৱাই ৰাষ্ট্ৰীয় বঁটা বিজয়ী ‘হালধীয়া চৰায়ে বাওধান খায়' বোলছবিৰ নির্মাণ কৰে।

এই সময়ৰ অন্যতম উল্লেখযোগ্য ছবিসমূহ আছিল 'অনিৰ্বাণ', 'বোৱাৰী', 'ঘৰ সংসা', 'অগ্নিস্নান', 'কোলাহল' ইত্যাদি। উল্লেখযোগ্য যে জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি'ত কৰা অভিনয়ৰ বাবে মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

তদুপৰি 'সাৰথি', 'অদাহ্য', 'আৱৰ্তন', 'ইতিহাস', 'সাগৰলৈ বহু দূৰ', 'ৰাগ-বিৰাগ' আদি বোলছবিয়ে মুক্তি লাভ কৰে।

১৯৯৮ চনত ‘যৌৱনে আমনি কৰে' অসমীয়া চলচ্চিত্ৰৰ আটাইতকৈ সফল ছবিৰূপে পৰিগণিত হয়।তেতিয়াৰে পৰা বাণিজ্যধৰ্মী বহু ছবিয়ে মুক্তি লাভ কৰিছে যদিও উন্নত মানৰ কলাত্মক ছবিৰ ধাৰাটো ব্যাহত হৈছে।কিন্তু তাৰ মাজতো মঞ্জু বৰাৰ ‘অন্য এক যাত্ৰা', দীপা ভট্টাচাৰ্যৰ ‘The sixth day of creation' আদি ছবিয়ে কিছু নতুনত্বৰ সোৱাদ দিছে।

ইয়াৰ পৰৱৰ্তী সময়ত মুনিন বৰুৱাৰ পৰিচালনাত বহু চিনেমাই মুক্তি লাভ কৰে।নতুন শতিকাটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে উল্লেখযোগ্য কেইখনমান ছবি হৈছে, 'জেতুকা পাতৰ দৰে', 'ৰামধেনু, 'মাজৰাতিৰ কেতেক', ৰীমা দাসৰ ‘বুলবুল কেন ছিং', অস্কাৰলৈ মনোনীত হোৱা ‘ভিলেজ ৰকষ্টাৰছ', 'আমিষ','অহেতুক' 'কথা নদী' ইত্যাদি।

এই ছবিসমূহে ভিন্ন সোৱাদেৰে অসমীয়া চলচ্চিত্ৰলৈ নতুন জোৱাৰ আনিছে।শেহতীয়াকৈ অনলাইন মজিয়াতো অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছে।

ৰূপকোঁৱৰৰ স্বপ্নৰ 'জয়মতী'ৰ পৰা সৌ সিদিনা ৰিল ড্ৰামাত মুক্তি লাভ কৰা ‘নেউল’ ছবিখনলৈকে এই ৮৭ বছৰীয়া অধ্যায়ক কেইটামান মিনিটতে সামৰি লোৱাটো অসম্ভৱ। জ্যোতিপ্ৰসাদে জয়মতী নিৰ্মাণ কৰি কেৱল ইতিহাসৰ ঘটনা এটাক উপস্থাপন কৰিব বিচৰা নাছিল। তাৰ মাজেৰে নতুন প্ৰজন্মলৈ অসমীয়া সংস্কৃতি আৰু জনজীৱনৰ উপাদানো বোৱাই নিব বিচাৰিছিল।

অসমীয়া চলচ্চিত্ৰক লৈ চিন্তা- চৰ্চা, পৰ্য্যালোচনা হোৱা এটা পৰিৱেশ নিৰ্মাণ কৰিব নোৱাৰাটো এটা অত্যন্ত দুখৰ বিষয়।কলিকতা আৰু মুম্বাইৰ দৰে এক শক্তিশালী চলচ্চিত্ৰ সংস্থাৰ যোগেদি চলচ্চিত্ৰ সমাজখনক নতুন গতি দিয়াটো এতিয়া সময়ৰ আহ্বান।।

(স্বদেশ স্বাভিমান বক্তৃতামালা, অসম সাহিত্য সভাৰ দ্বাৰা আয়োজিত)