কণ্ঠহীনৰ কণ্ঠস্বৰ


Image Description

কাৰ্টুন শিল্পীজন ড॰ দেৱৰ্ষি গগৈ৷ ডিগবৈ কলেজৰ সহকাৰী অধ্যাপক৷

সৰুৰে পৰাই কাৰ্টুন আঁকিবলৈ শিকিছিল৷ আনুষ্ঠানিকভাৱে ক’তো শিকা নাছিল৷ কাৰ্টুন অঁকাৰ অভ্যাসটো ধৰি ৰাখিছিল৷ কলেজত পঢ়োঁতে বিভিন্ন বিষয়ৰ ওপৰত কাৰ্টুন আঁকিছিল৷ ৰাজনৈতিক আৰু সামাজিক বিষয়বোৰ প্ৰিয় আছিল৷ বিশাল নদীবান্ধৰ কু-প্ৰভাৱ, বেআইনী জন্তু নিধন, বনাঞ্চল ধবংস, কয়লাৰ মুকলি খনন, জলবায়ু পৰিবৰ্তন, মানুহ-হাতীৰ সংঘাত আদিয়ে ড॰ গগৈৰ কাৰ্টুনত ঠাই পাইছে৷

কিন্তু বৰ্তমান ড॰ গগৈৰ প্ৰিয় বিষয় হ’ল জীৱ-জন্তু আৰু পৰিৱেশ৷ মানুহে পৰিৱেশ যি ধৰণে ধবংস কৰিছে সেই লৈ ড॰ গগৈ অতিশয় চিন্তান্বিত ব্যক্তি৷ মানুহৰ লোভে চৰাইৰ দৰে সৰু জীৱ-জন্তুবোৰৰ ওপৰতো উদ্বেগজনক নেতিবাচক প্ৰভাৱ পেলাইছে৷ ড॰ গগৈৰ কাৰ্টুনৰ ভাষা সহজ আৰু সৰল সকলোৱে বুজি পায়৷

ড॰ গগৈয়ে বদ্ধপৰিকৰ যে মানুহে কণ্ঠহীনৰ কণ্ঠস্বৰ এসময়ত শুনিব লাগিব৷ যেতিয়ালৈকে মানুহে তেনে কণ্ঠ শুনা নাপায় তেতিয়ালৈকে ড॰ গগৈয়ে কাৰ্টুন আঁকি যাব৷ কাৰ্টুনৰ ভাষাৰে ড॰ গগৈয়ে সকলোকে সুদুৰ ভৱিষ্যতৰ বিপদৰ কথা জনাব খোজে৷