কাতি বিহু আৰু এখনি গ্ৰন্থ


Image Description

কাতি বিহু সমাগত।

বহুতে কাতি বিহুক কঙালী নামেৰে শুকান কৰিব বিচাৰে। কিন্তু ঢোলে- ডগৰে নাচি-বাগি আনন্দ-উল্লাসেৰে উদযাপন কৰা ব'হাগ বিহু আৰু মাঘ বিহুতকৈ বছৰটোৰ বাবে জোৰাকৈ অন্নমুঠি লাভৰ বাবে অদৃষ্টজনক অন্তৰেৰে কাতৰ মিনতি জনোৱা কাতি বিহুৰ তাত্ত্বিক আৰু আধ্যাত্মিক দিশৰ গুৰুত্ব অধিক।

ব'হাগ বিহুত কৃষিকৰ্মৰ বাবে সাজু হ'বলৈ বতৰৰ লগত মিলাই নিজৰ কৰ্মক্ষমতা বৃদ্ধিৰ বাবে ৰাইজে ৰং-ৰহইচ কৰে। কাতি বিহুত শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে পূজা-অৰ্চনা, পথাৰত চাকি-বন্তি জ্বলায় আৰু মাঘ বিহুত পথাৰৰ শস্য চপাই ৰং-তামাচাৰে ভোগালীৰ ভোগ উপভোগ কৰে।

এই বিহু সম্পৰ্কে কিছু লেখকৰ গ্ৰন্থ প্ৰকাশ পাইছে যদিও সামগ্ৰিক তথ্যসহ অসমৰ সাহিত্য জগতত কোনো গ্ৰন্থ নাই।

১৯৯৬ চনত প্ৰতিষ্ঠা লাভ কৰা অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'শতদল'ৰ জৰিয়তে অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত ধৰ্ম, গোষ্ঠী, স্থানভেদে উদযাপন কৰা বিহু তিনিটাৰ বিষয়ে গ্ৰন্থ প্ৰকাশৰ দিহা কৰি অসমৰ সাহিত্য- সংস্কৃতিৰ ভঁৰাললৈ অৰিহণা যোগোৱা হয়।

এই ক্ষেত্ৰত দেখা যায় যে ব'হাগ বিহু আৰু মাঘ বিহুৰ যি গুৰুত্ব আৰু তাৎপৰ্য্য, তাতকৈ কাতি বিহুৰ গুৰুত্ব আৰু তাৎপৰ্য্য কোনোগুণে কম নহয়। ভোগ আৰু বাহ্যিক আনন্দৰ প্ৰয়োভৰ নহ'লেও আধ্যাত্মিক আৰু তাত্ত্বিক দিশত কাতি বিহুৰ সমান চহকী আন দুটা বিহু নহয়।

২০০৩ চনত অসমৰ ইমুৰৰ পৰা সিমূৰলৈ কাত বিহুৰ তথ্য সংগ্ৰহ কৰি 'কাতি বিহুৰ ৰূপৰেখা' শীৰ্ষকেৰে 'শতদল'ৰ সভাপতি ড° যতীন মিপুনদেৱৰ সম্পাদনাত প্ৰকাশ হোৱা গ্ৰন্থখন কেতিয়াবাই শেষ হ'ল যদিও গ্ৰন্থখনৰ গুৰুত্ব প্ৰমাণ কৰে ফোনযোগে 'কাতি বিহুৰ ৰূপৰেখা' বিচৰা পাঠক, গৱেষকসকলে।

সেয়ে ২০২০ বৰ্ষত গ্ৰন্থখনত আৰু অধিক তথ্য সন্নিৱিষ্ট কৰি বৰ্দ্ধিত সংস্কৰণৰ সম্পাদনাৰ দায়িত্ব আমাৰ হাতত অৰ্পণ কৰাত 'পাঞ্চজন্য বুকছ'ৰ স্বত্বাধিকাৰী ধীৰাজ লহকৰৰ কাষ চাপোঁতে গ্ৰন্থখনৰ গুৰুত্ব বুজি তেওঁ প্ৰকাশৰ দায়িত্ব বহন কৰে আৰু যোৱা ২৯ ছেপ্তেম্বৰ ২০২২ তাৰিখে অধিক তথ্যসম্বলিত গ্ৰন্থখন ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হওঁ।

৩২৬ পৃষ্ঠাৰ গ্ৰন্থ 'কাতি বিহুৰ ৰূপৰেখা'ই দাঙি ধৰিছে কাতি বিহুৰ এখন মনোৰম ছবি। বাৰেবৰণীয়া সংস্কৃতিৰে পূৰ্ণ অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত কাতি বিহুত কিযে ৰূপ, কলা, পৰম্পৰা, লোকবিশ্বাস, অন্তৰ্নিহিত হৈ আছে, সেয়া বৰ্ণনাতীত।

শদিয়াৰ পৰা ধুবুৰীলৈ কাতি বিহুৰ নানান ৰূপ, কলা, নানা ৰীতি-নীতি, বিশ্বাস, লোকবিশ্বাসকে আদি কৰি কিমান যে ৰহস্য লুকাই আছে…পূবত যদি মেধিৰ ঘৰত কাতি বিহুৰ ৰীতি-নীতি মানি বৰমেধিয়ে গোটেই কাতি মাহটো ব্ৰত মানি ৰাতিৰ এসাঁজ খায়, পশ্চিমত আকৌ 'কাতি পূজন' কৰি নিসন্তানসকলে সন্তান লাভৰ বাবে শিৱ-পাৰ্বতী, কাৰ্তিক আদিৰ ভূমিকা লৈ গীত-নৃত্য পৰিৱেশন কৰি স্ত্ৰী-প্ৰধান কাতি পূজা পাতে, মনোবাঞ্ছা পূৰণাৰ্থে বিবস্ত্ৰ হৈয়ো পূজা পতাৰ পৰম্পৰা আছে।

কোনো জনগোষ্ঠীয়ে আকৌ পৰম্পৰাগত লোকবিশ্বাস, লোক-কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি কাতি বিহুৰ ৰীতি-নীতি পালন কৰে। বৰ'সকলে 'গাসা সাৱনায়', ৰাভাসকলে 'কাতি দল বা কাতি গাছা',কোচসকলে 'কাতি গাছা', আদি ভিন্ন ৰূপত স্বকীয়ভাৱে কাতি বিহু উদযাপন কৰি আহিছে।

কাতি বিহুত চাকি জ্বলোৱাৰ আগতে কিয় ঔ টেঙা নাখায়, কাতি মাহত বগলীয়ে কিয় মাছ নাখায় আদিৰ লগতে কেনেকৈ তুলসীৰ জন্ম হ'ল, তুলসীৰ তলত-ধাননিত-ভঁৰালত-গোহালতচাকি জ্বলোৱাৰ তাৎপৰ্য্য ইত্যাদিৰ আমোদজনক বৰ্ণনাৰে ভৰা গ্ৰন্থ 'কাতি বিহৰ ৰূপৰেখা' ৰাইজৰ হাতত তুলি দিবলৈ পাই নিজেও সন্তোষ লভিছোঁ। এয়া ২০২২ চনত অসমবাসীলৈ 'শতদল'ৰ এক অমূল্য উপহাৰ।।