দশম মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠলৈ ৰাজ্যজুৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


Image Description

৫ নৱেম্বৰত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ দশম মৃত্যু দিৱসৰ দিনটোত শিল্পীগৰাকীৰ প্ৰতি ৰাজ্যজুৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই দিনটোত শিল্পী গৰাকীৰ স্মৃতিত পুৱাৰেপৰা সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়।

জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলীত পুৱাৰে পৰা অসংখ্য লোক সমবেত হৈ চিৰনমস্য শিল্পীগৰাকীৰ সমাধিত স্মৃতি তৰ্পণ কৰে। সেইদিনা সমাধিস্থলীত শিল্পীগৰাকীৰ দশম মৃত্যুবাৰ্ষিকী উপলক্ষে দিনজোৰা কাৰ্য্যসূচী আয়োজন কৰা হয়।

গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ সুধাকণ্ঠৰ আৱক্ষ প্ৰতিমূৰ্তিস্থলীত সদৌ অসম ছাত্ৰ সন্থাই সন্ধিয়া বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ অমৰ সৃষ্টি গীতসমূহৰ সুৰ সমলয় পৰিবেশন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰে।

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভ কৰে। অনুষ্ঠানত দলৰ উপসভাপতি মিল্টন কুয়াই সুধাকণ্ঠৰ অমৰসৃষ্টি 'অ' বিদেশী বন্ধু" 'গীতটি পৰিবেশন কৰি অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্য্যসূচী মুকলি কৰে।

'প্ৰত্যাহ্বান' ৰ তৰফৰ পৰা অমৰ শিল্পীৰ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মামণি ৰয়ছম গোস্বামীৰ এই কবিতাটি প্ৰকাশ কৰা হ'ল।

তোমাৰ কন্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ

মামণি ৰয়ছম গোস্বামী

তোমাৰ কন্ঠ বাদ দি মই
মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ
তোমাৰ কন্ঠ বিয়পি আছে
মোৰ আইৰ আকাশত, বতাহত
বুঢ়া লুইতৰ উত্তাল বুকুত
ধনশিৰিৰ ৰেচমী বালিত
বুঢ়ী দিহিঙৰ ধবল ঘাটত
দিখৌৰ তামবৰণীয়া ধলত
লখিমপুৰৰ ৰঙানদীৰ ৰিহাৰ আঁচলত
জগলীয়াৰ সোণালী পানীত ।

ভূপেনদা, তোমাৰ কন্ঠ বাদ দি
মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ
ক’ত জন্ম হ’ল এই কন্ঠৰ?
কৰ্দমত নে অমৃতত ?
নাই, এয়া মোৰ প্ৰশ্ন নহয়
কিন্তু কেনে কন্ঠ এয়া?
যি কন্ঠই অমৃত স্পৰ্শ কৰে
মোৰ জন্মভূমিৰ অগণন হৃদয়ক
এয়া কেনে কন্ঠ?
যি কন্ঠই হৃদয়ৰ গহ্বৰত
সোমাব জানে-
কিন্তু নাজানে ওলাই অহাৰ পথ।
মই জানো হৃদয়ক জয় কৰা নাযায়
বুদ্ধিৰে নাইবা বাৰুদ আৰু ৰাজনীতিৰ চমৎকাৰ খেলেৰে
হৃদয় জয় কৰা যায়
সেই কন্ঠেৰে
যি কন্ঠৰ উৎস হয়তো
ত্ৰাস আৰু যন্ত্ৰণাত ধৰফৰ কৰা বলিশাললৈ নিয়া
পশুৰ হৃদয়ৰ গোপন হাহাকাৰত।
যি কন্ঠৰ জন্ম হয়তো
অগণন জনগণৰ
ক্ষোভ আৰু বেদনাৰে
ছিৰাছিৰ হোৱা
হৃদয়ৰ গোপন কক্ষত
না-এইবোৰ কথা মই নাজানো
জানো মাথোঁ এটা কথা
ভূপেনদা, তোমাৰ কন্ঠ
অবিহনে মই মোৰ জন্মভূমিৰ
নক্সা আঁকিব নোৱাৰোঁ।

মানুহৰ নখৰ আঁচোৰে
ৰক্তাক্ত কৰা
বাৰুদৰ ধোঁৱাই ধূসৰিত কৰা
সন্দেহ আৰু ত্ৰাসৰ অগ্নিয়ে ভস্মীভূত কৰা
মনৰ এই আকাশক
তোমাৰ কন্ঠই দিয়ে
মুক্তিৰ মমতাময় শিহৰণ
এই কন্ঠত আশা আছে
আছে মানৱপ্ৰেমৰ
এক ব্যাকুল আহ্বান।

ভূপেনদা, তোমাৰ কন্ঠ
এই যুগৰ কন্ঠ
বতাহত উৰি থকা
এই যুগৰে শুকুলা ধ্বজা
এই শুকুলা ধ্বজাৰ তলত
আছে মোৰ জন্মভূমিৰ শত শত জনগণ।
ভূপেনদা, তোমাৰ কন্ঠ
যি কন্ঠ হৃদয়ত
সোমাব পাৰে
কিন্তু নাজানে ওলাই অহাৰ পথ
ভূপেনদা, তোমাৰ কন্ঠ অবিহনে
মই মোৰ জন্মভূমিৰ নক্সা
নোৱাৰোঁ, নোৱাৰোঁ আঁকিব।

'ভূপেনদা, ডুমডুমাত তুমি মোক এটি গীত শুনাইছিলা, মই গীতৰ ধ্বনি শুনিছিলোঁ, বড়িহাটত আৰু মিৰ্জা পাহাৰৰ ছায়াত বহি। ভূপেনদা, তোমাৰ গীত যাব পাৰে হৃদয়লৈ, নাজানে ওলাই অহাৰ পথ। সেয়ে এই কবিতাটি তোমালৈ, মোৰ এটি অনুভৱ।'