গায়ন-বায়নৰ দুৰ্দশা
- নিজা প্ৰতিবেদক
- /
- March 20, 2022

শ্ৰীমন্ত শঙ্কৰদেৱ মহান পুৰুষ, মহান অসমীয়া, শ্ৰেষ্ঠ অসমীয়া। জাতিটো গঢ়িবলৈ, সময়ত সুদৃঢ কৰিবলৈ, যু্গে যুগে পোহৰ বিলাবলৈ ভাষা-কৃষ্টি-সংস্কৃতি দি থৈ গ'ল।
বৰগীত, ওজাপালি, ভাওনা, নামঘৰ, সত্ৰ দি থৈ গ'ল। নামঘৰত শান্তি বিচাৰি পাব পাৰি। সত্ৰত কুমলীয়াৰ জীৱন গঢ়িব পাৰি। সত্ৰত অৰ্থনীতিৰ বুনিয়াদো ৰচিব পাৰি।
অলপতে হৈ যোৱা নিৰ্বাচনৰ সময়ত এখন ফট' বিয়পি পৰিল । এগৰাকী প্ৰাৰ্থীয়ে গায়ন-বায়নৰ আশীৰ্বাদ বিচাৰিছে। সকলোৱে বিচাৰে। ভাল কথা।
কিন্তু ফট'খনে সকলোকে জোকাৰি গ'ল। এটা নোহোৱা-নোপোজা দৃশ্য কেমেৰাত ৰৈ গ'ল। গায়ন-বায়নে আশীৰ্বাদ বিচৰাজনৰ সমুখত সেৱা ল'লে!
কিয় তেনে কৰিলে কোনেও বুজিব নোৱাৰিলে। গায়ন-বায়ন নিৰ্মল ভাবৰ প্ৰতীক। গায়ন-বায়নক দেখিলে আপোনা-আপুনি মূৰ দোঁ খায়।
ওলোটাটো কিয় হ'ল বহুতৰে দুঃচিন্তা হ'ল। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ আৰু দৰ্শনৰ ওচৰ চাপিবলৈ আমি এতিয়াও বহু দূৰৈত আছোঁ নেকি বাৰু?