মাজুলীৰ ৰাস


Image Description

শৰত কালৰ ৰাতি অতি বিতোপন৷
ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলাসন৷৷

এনে এক শৰৎ কালতেই শ্ৰীশ্ৰীকৃষ্ণই বৃন্দাবন মথুৰাত গোপিনীসকলৰ লগত ৰাস ক্ৰীড়া কৰিছিল৷ এই ৰাস আদিৰ পৰা শ বছৰৰ আগতে সেই সময়ৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে প্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱ উদ্‌যাপন কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এই মাজুলীতেই চাৰিখনকৈ সত্ৰ নিজ হাতেৰে প্ৰতিষ্ঠা কৰিছিল৷ সেই চাৰি সত্ৰৰ বুকুতেই পুৰণা পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি ৰাস উদ্‌যাপন কৰি আহিছিল৷

কালক্ৰমত এই ৰাসে নতুন গতি লাভ কৰে গড়মূৰ বৰসত্ৰৰ সেই সময়ৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পিতাম্বৰ দেৱগোস্বামী প্ৰভুৰ চত্ৰছায়াত সেইজনা প্ৰভুৱেই পোন প্ৰথমবাৰৰ বাবে ১৯২০ চনত মঞ্চ ৰাসৰ আৰম্ভণি ঘটায়৷

বৰ্তমান এই মঞ্চ ৰাস ক্ৰমে সম্প্ৰসাৰিত হৈ মাজুলীৰ ৪০ৰ পৰা ৫০খন সৰু-বৰ মঞ্চত মঞ্চস্থ কৰা দেখিবলৈ পোৱা যায়৷ সেয়ে মাজুলীলৰ স্বনামধন্য দুয়োগৰাকী প্ৰভুৰ শ্ৰীচৰণত এই সুযোগতেই প্ৰণাম জনাইছোঁ৷

মাজুলী আৰু ৰাস যেন এটাক এৰি আনটো অসম্পূৰ্ণ৷ দুয়োটা শব্দৰ মাজত যেন কিবা এক নুবুজা নিবিড় সম্পৰ্ক আছে৷ ৰাস অহাৰ লগে লগে সমগ্ৰ মাজুলী প্ৰাণচঞ্চলহৈ উঠে৷ যেন ৰূপান্তৰ ঘটে গকুল বৃন্দাবনলৈ৷ ৰাসসম্পৰ্কীয় লোকগীত, বৰগীত খোল তালৰ শব্দও মুখৰিত হয় মাজুলীৰ আকাশে-বতাহে৷

দেশ-বিদেশৰ বিভিন্ন ভাষা-ভাষী পৰ্য্যটকেৰে এই সময়তে ভৰি পৰে মাজুলী । অনৈক্যৰ মাজত ঐক্য হৈ পৰে এখন ফুলাম গামোচাৰ দৰে৷ বাঁহীৰ সুৰত মতলীয়া হয় সকলো৷ তাৰ তালে তালে যেন নাচি নাচি সমগ্ৰ মাজুলীৰ গছ -লতাই তাহানিৰ গকুল বৃন্দাবনৰ সূচনা কৰে শৰৎ কালৰ মাজুলীত৷

কোৱা বাহুল্য বৰ্তমান যান্ত্ৰিক যুগতো পুৰণা ৰীতি-নীতিৰ ঐতিহ্যক ধৰি ৰাখি যান্ত্ৰিকতাত বুৰ নগৈ প্ৰাকৃতিকভাৱে বৰ্তমানে শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা প্ৰতিবছৰে উদ্‌যাপন কৰি আহিছে৷

মাজুলীৰ ঐতিহ্য, সমস্যা ও সম্ভাৱনা

মাজুলীৰ ঐতিহ্য বুলি কোৱাৰ লগে লগে আমাৰ মনৰ চিত্ৰত মহাপুৰুষ শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা চাৰিখন সত্ৰ মনলৈ আহে। মাজুলীয়ে পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ হিচাবেও নিজৰ ঐতিহ্য বহন কৰি আহিছে৷ চাৰি দিশত চাৰিখনকৈ সত্ৰ থকাৰ বাবে মাজুলীক মহন্তৰ স্থান বুলি কোৱা হয়৷

সত্ৰসমূহ সংৰক্ষণ কৰি ৰখা মহাপুৰুষীয়া সম্পদসমূহেও মাজুলীৰ ঐতিহ্য বহন কৰি আহিছে৷ এনেবোৰ মহাপুৰুষীয়া সম্পদ মাজুলীৰ বাদে আনত বিৰল৷ মাজুলীৰ এই গৰিমা অটুট ৰাখিবলৈ মাজুলীক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাবে চৰকাৰে ঘোষণা কৰাৰ খুবেই প্ৰয়োজনীয়তা আছে৷

মাজুলীৰ যশস্যা, পথ হেৰুওৱা পথিকৰ দৰে এশ এবুৰি সমস্যাত বৰ্তমান মাজুলী ভাৰাক্ৰান্ত৷ বান, গৰাখহনীয়া, শিক্ষা, যাতায়ত পুনসংস্থাপনেই মাজুলীৰ মূল সমস্যা৷ এই সমস্যাবোৰ সামাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ সমূহৰ যথেষ্ট কৰণীয় আছে৷ স্বাধীনোত্তৰ কালৰ পৰা বহু চৰকাৰ আহিল আৰু গ'ল৷ মাজুলীৰ এই জলন্ত সমস্যাবোৰক লৈ কোনোখন চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল ।

গাদীৰক্ষাৰ স্বাৰ্থত কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱায়৷ মাজুলী-যোৰহাট সংযোগী দলঙক লৈয়ো বিগত সময়ছোৱাত ৰাজনীতি কৰা দেখা গ’ল৷ একেখন দলঙকে দুবাৰকৈ উদ্বোধন কৰিও এটাও খুটা স্থাপন কৰিবলৈ সক্ষম নহ'ল বৰ্ত্তমানৰ বিজেপি চৰকাৰখন। মাজুলী - যোৰহাট সংযোগী দলং যেন ৰাজনীতিলৈ পৰিবৰ্তন হ’ল৷ সকলোৰে প্ৰশ্ন দলংখন হ'বগৈনে? দুৰ্ঘটনা এটা সংঘটিত হোৱাৰ পাছত ল’ৰা-ধপৰা, ৰ’পেক্স, লাইফ জেকেটতে সন্তুষ্ট থাকিব লাগিব নেকি মাজুলীবাসীয়ে?

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মহন্তৰ ঠাইৰ ৰাস ৰাজ্যৰ অন্যান্য ঠাইৰ ৰাসতকৈ কিছু ব্যতিক্ৰম৷ মাজুলীৰ ৰাসৰ মাদকতাই এক সুকীয়া স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হৈছে৷ সেয়ে মাজুলীৰ ৰাসে অনন্য আধ্যাত্মিকভাৱে সকলোকে বুৰাই ৰাখিবলৈ সক্ষম হয়৷

পুনৰবাৰ ওপৰত উল্লেখ কৰা দুয়োজনা সত্ৰাধিকাৰ প্ৰভুলৈ প্ৰণিপাত জনাই ভুলৰ মাৰ্জনাৰে সাৰণি মাৰিলোঁ৷।