ৱিহুকূ
- ৰাণা চাংমাই
- /
- January 9, 2022

আগৰ দৰে এই বছৰো ৫ জানুৱাৰীত তাংছা জনগোষ্ঠীৰ জাতীয় উৎসৱ 'ৱিহুকূ' উদযাপন কৰিলোঁ। তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী লেখাপানী খাৰংকুং গাৱঁত অনুষ্টুপীয়া আয়োজনেৰে কিন্তু অতি সহৃদয়তাৰে ইয়াক পালন কৰিব পাৰি নথৈ সুখী হ'লো।
তিনিচুকীয়াৰ মাকুমৰ এদল হৃদয়বান লোকে 'সূৰ্য্যোদয়' নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত গাওঁখনৰ গাওঁবুঢ়াকে আদি কৰি গণ্য-মান্য ব্যক্তিসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ৱিহুকু উদযাপনৰ আপাহতে তাংছা জনগোষ্ঠীৰ বৰেণ্য, সৰ্বসমাদৃত শ্ৰীযুত লুকাম টুলুম ডাঙৰীয়াক লগ কৰিলোঁ। বাৰ্ধক্য আৰু শাৰীৰিক পীড়াই ঘৰতেই আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰিলেও টুলুম ডাঙৰীয়াই মনৰ উদ্যম কন্ঠত ঢালি মোৰ হাতখন খামুচি ধৰি ক'লে, '১৬ জানুৱাৰীত মোৰ ৯৩ বছৰীয়া জন্ম দিন, ছাৰ তই আহিবি।'
গাঁওখনত সোমায়েই উছৱমুখৰ পৰিৱেশৰ উমান পালোঁ। বন্ধু য়েনিম মছাঙৰ চাংঘৰত বাকৰিত আমি সকলোৱে বিহু মাৰি আটায়ে কুশল বিনিময় কৰিলোঁ। কাৰণ ৱিহুকু মানে তাংছা বিহু।
চিকাৰজীৱী জীৱনচৰ্য্যাৰ পৰা কৃষিনিৰ্ভৰ জীৱন প্ৰণালীত সোমাই পৰাৰ পৰাই তাংছাসকলে শীতকালীন শস্য সামৰা উৎসৱ হিচাপে ইয়াক উদযাপন কৰি আহিছে।
মছাঙৰ সাদৰী পৰিবাৰে তৈয়াৰ কৰা সুস্বাদু আহাৰে আৰু পানীয়ই আমাৰ দেহ-মন জুৰ কৰি পেলালে। সময়বোৰ কেনেকৈ পাৰ হ'ল ধৰিব নোৱাৰিলোঁ।য়েনিম মছাঙৰ চাংঘৰৰ পৰা নামোঁতেই এন্ধাৰ হ'ল। শিৰশিৰকৈ নামি অহা পাহাৰীয়া ঠাণ্ডাই বিদায়ৰ যেন বিউগল বজালে।








'সূৰ্য্যোদয়'ৰ সঞ্চালক ভাতৃপ্ৰতীম অখিল বৰুৱা আৰু তেওঁৰ পৰিবাৰে সজোৰে প্ৰস্তাৱ দিলে আমি এইবাৰ যাওঁ-জেৰিণাৰ ঘৰলৈ! জেৰিণা আমাৰ বহু সামাজিক চিন্তা আৰু কামৰ সহযোগী ভনী। তেওঁ আৰু তেওঁৰ স্বামীৰ কি সাদৰ আপ্যায়ন!
তাংছা বস্তি খাৰাংকুঙত এন্ধাৰ, ঠাণ্ডা আৰু কুঁৱলী ডাঠকৈ পৰিল। বিদায় লৈ আখিলহঁতৰ গাড়ী তিনিচুকীয়া অভিমুখে গতি কৰিলে। মই মোৰ বাইকখন পুনৰ য়েনিম মছাঙৰ ঘৰৰ দিশে ঘূৰালোঁ।[বয়সে ৬১ৰ দেওনা পাৰ কৰাৰ পাছত এই সময়ত পুনৰ ৮০ কিমি.ৰ উভতনি যাত্ৰাৰ বাবে ইচ্ছা নগ'ল।]
ৰাতি মছাং পৰিয়ালৰ সৈতে তেওঁলোকৰ প্ৰিয় জুশালত বহি জুইৰ উত্তাপ আৰু 'ফিকা চাহ'ৰ কাপত চুমুক দি অতীত ৰোমন্থন কৰিলোঁ। দিহিং পাটকাই উৎসৱৰ দিনবোৰৰ স্মৃতি, তাংছা ভাষাৰ বিকাশ, মছাঙৰ লৰাহঁতৰ ভৱিষ্যত আদি নানা কথা-বতৰা পাতি, লাই শাকৰ টেঙা আঞ্জা আৰু খৰিকাত দিয়া গাহৰি মঙহৰ জুতি আৰু খামতিলাহি চাউলৰ ভাতেৰে ৰাতিৰ আহাৰ কৰিলোঁ।
ৰাতি বিচনাত পৰি ভাবিলোঁ, জীৱনত এনে অনাবিল সুখৰ সময়, তাংছা, চিংফৌ, তাই ফাকে আদি এই অঞ্চলৰ জনগোষ্ঠীবিলাকৰ হৃদয়ৰ মাজত মোৰ বাবে অকণমান উমাল ঠাই -এইজনমৰ পৰম প্ৰাপ্তি। ধন্য মোৰ জীৱন।
পুৱা বেলিটোৰ কোমল ৰ'দত ঘৰলৈ ঘূৰি আহি থাকোঁতে ভাব আহিল, এই সহজ সৰল মানুহবোৰৰ কাৰণে কি কাম কৰা যায়? যাতে তেওঁলোকে আত্মমৰ্য্যাদাৰে নিজৰ ভাষা, কৃষ্টি সংস্কৃতি লৈ অসম মাতৃৰ বুকু জুৰাই জীয়াই থাকে চিৰদিন চিৰকাল।।