গাঁৱৰ পৰম্পৰাগত সা-সঁজুলিৰ প্ৰদৰ্শনী


Image Description

দেশৰ অন্যান্য ৰাজ্যবোৰৰ দৰে আমাৰ অসমৰো গ্ৰাম্যজীৱনলৈ নানা ধৰণৰ পৰিৱৰ্তন আহিছে । এনে পৰিৱৰ্তনে গাঁৱৰ আৰ্থ-সামাজিক পৰম্পৰাৰ বহুতো ইতিবাচক দিশৰ প্ৰতি ভাবুকি অনা বুলি ক'লেও বঢ়াই কোৱা নহ'ব । গাওঁ উন্নয়নৰ বহনীয় ( sustainable) দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পৰম্পৰাগত বহুতো যুক্তিনিষ্ঠ চিন্তা, কৌশল, সা-সঁজুলি, আচবাব আদিৰ উপযুক্ত সংৰক্ষণৰ সমূহীয়া ব্যৱস্থা হাতত লোৱাৰ প্ৰশ্ন আহি পৰিছে । অসম বিজ্ঞান সমিতিয়ে আজি কিছুদিন ধৰি এই দিশত সক্ৰিয়ভাৱে মনোনিবেশ কৰি আহিছে আৰু কিছু কাৰ্য্যকৰী ব্যৱস্থাও হাতত লৈছে ।

যোৱা ৭ অক্ট’বৰ ২০২১ তাৰিখে নলবাৰী জিলাৰ ককয়া গাওঁত সমিতিৰ ককয়া শাখাৰ উদ্যোগত গাওঁ অঞ্চলত প্ৰচলিত পৰম্পৰাগত কৌশল আৰু সা-সঁজুলি বিষয়ক এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয় । শাখাৰ নিষ্ঠাবান কৰ্মী প্ৰফুল্ল বৰ্মনৰ ঘৰৰ চৌহদৰ বাৰী-বস্তিৰ সুন্দৰ আবেষ্টনীতএই প্ৰদৰ্শনীৰ আয়োজন কৰা হয় । শাখাৰ সভাপতি বিচিত্র মজুমদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰদৰ্শনীৰ উদ্বোধনী সভাত সমিতিৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰপৰা ডঃ জগদীন্দ্ৰ ৰায়চৌধুৰী, ডঃ ধীৰেশ্বৰ কলিতা, লাৱন্য লাহন, ধ্ৰুৱজ্যোতি কলিতা আৰু অৱনী কুমাৰ ভাগৱতীয়ে অংশগ্ৰহণ কৰে।

প্ৰদৰ্শনীখনত শাখাৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে যথেষ্ট কষ্ট স্বীকাৰ কৰি নানাবিধ সা-সঁজুলি, সাধাৰণ ৰাইজে ব্যৱহাৰ কৰা আচবাব, আ-অলংকাৰ, বাচন-বৰ্তন, বস্ত্ৰ, বাদ্যযন্ত্ৰ, পুতলা নাচত ব্যৱহৃত কৌশল আদি গোটাই অথবা প্ৰয়োজনসাপেক্ষে নিৰ্মাণ কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰে।

প্ৰদৰ্শনী উপভোগ কৰিবলৈ সাধাৰণ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্রীও আহে । উল্লেখনীয় যে এই প্ৰদৰ্শনীয়ে ৰাইজৰ মাজত পৰম্পৰাগত কৌশল আৰু সা-সঁজুলিৰ প্ৰতি আগ্ৰহ উজ্জীৱিত কৰে আৰু সেইবোৰৰ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি কৰে ।

প্ৰতিবিধ সা-সঁজুলিৰ উৎপত্তি, ক্ৰমবিকাশ, প্ৰয়োগৰ কৌশল আদি সকলোবোৰ দিশ সামৰি ৰাজ্যিক পৰ্য্যায়ৰ সংগ্ৰহালয় স্থাপন আদৰণীয় ব্যৱস্থা হ'ব। দেশীয় আৰু বিদেশী পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব।