অনন্য লতা মঙ্গেশকাৰ
- নিজা প্ৰতিবেদক
- /
- February 13, 2022

লতা মঙ্গেশকাৰ দেশৰ এগৰাকী শ্ৰেষ্ঠ গায়িকা হৈ যুগ যুগ ৰ’ব৷
লতাই বিভিন্ন ভাষাত প্ৰায় তিনি হাজাৰ গানত কণ্ঠ নিগৰাইছিল৷
তেনে এগৰাকী গায়িকা কিংবদন্তী হৈ ৰ’ব৷ এনে ভাৱ হয় যেন লতাই এটা সম্পূৰ্ণ জীৱন পাৰ কৰিছে৷ আনন্দৰে আৰু সন্তুষ্টিৰে৷
লতাৰ মৃত্যুত দেশবাসী স্বাভাৱিকতে ম্ৰিয়মান হৈছে৷ লতাৰ আসনখন সদায়ে সুকীয়া হৈয়ে ৰ’ব৷ এইবাবেই লতা অনন্য।
লতা মঙ্গেশকাৰৰ অসমৰ লগত এটা সুকীয়া সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু এই সম্পৰ্ক গঢ়ি উঠিছিল সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জৰিয়তে৷ লতাই গোৱা অসমীয়া গানবোৰে অসমৰ সংগীত জগততো প্ৰতিধবনিত হৈ থাকিব৷ 'জোনাকৰে ৰাতি অসমীৰে মাটি' ... লতাই গোৱা এই গানটো অসমৰ মানুহৰ অন্তৰত বাজি থাকিব।
ড॰ ভূপেন হাজৰিকাই লতা মঙ্গেশকাৰৰ বিষয়ে কৈছিল:
‘এইহেন লতা মানুহ হিচাবে কেনে? মোৰ আপোন অভিজ্ঞতাৰ মতে– লতা এগৰাকী অসাধাৰণভাৱে সাধাৰণ মহিলা৷ মুখত ৰং নঘঁহে৷ সূতাৰ বগা শাড়ী প্ৰিয়৷ চুলিখিনি কলাফুলৰ তলত পৰে– কিচকিচীয়া ক’লা৷ বিভিন্ন সৎ কামত মুক্তহস্তে দান কৰে৷ পৰৰ দুখ সহিব নোৱাৰে৷ ৰক্ষণশীল হিন্দুৰ দৰে আধ্যাত্মিক, কিন্তু ঘৰৰ পৰা আমটো উপহাৰ দিবলৈ পাকিস্তানৰ সীমান্তৰৈ গৈ তেওঁ ‘গুৰু’ বুলি মানি লোৱা কণ্ঠশিল্পী নুৰজাহানক আঁকোৱালি আনন্দশ্ৰু টোকে৷'
আৰু কৈছিল:
'.. কেৱল সুৰ আৰু কথাৰেই গান নহয়৷ গান এটা গোৱাৰ ওপৰতহে নিৰ্ভৰ কৰে৷ গায়কৰ সঠিক উচ্চাৰণ আদিৰ ওপৰতো নিৰ্ভৰ কৰে৷ লতাৰ ঈশ্বৰপ্ৰদত্ত দিশটো হ’ল– ইলেকট্ৰনিক টিউনৰ ওপৰত নিৰ্ভৰ নকৰাটো৷ লতাই গান নাগায়, সুৰৰ ছবি আঁকে৷ তেওঁৰ গানবোৰ মুক্ত ৰূপত প্ৰকাশ পায়৷ তেওঁ যি ভাষাতে গান গায়, সেই ভাষাটো আয়ত্ত কৰি লয়৷ উচ্চাৰণতো ত্ৰুটি পোৱা নাযায়৷ ব্ৰিডিং নোহোৱাকৈয়ে গাইছে যেন অনুমান হয়৷...’
ড০ ভূপেন হাজৰিকাৰ কথাতে আছে লতাৰ অনন্য ব্যক্তিত্ব। আমি সকলো লতা মঙ্গেশকাৰৰ লৈ সদায়েই গৌৰৱান্বিত হৈ থাকিম।।