সম্পাদকীয় - অসমীয়া ভাষাৰ বিৰুদ্ধে এইবাৰ দিছপুৰ-নাগপুৰৰ সৰ্বনাশী ষড়যন্ত্ৰ

ভাষাই আমাৰ পৰিচয়| এতিয়া সেইহেন বাপতিসাহোন ভাষাটোক অসমতে দুই নম্বৰ বা তিনি নম্বৰ স্থানলৈ ঠেলি দিব খোজা হৈছে আৰু আমি একপ্ৰকাৰ নিৰ্বিকাৰ হৈ বহি আছোঁ । অসম সাহিত্য সভাকে ধৰি জাতীয় অনুষ্ঠানবোৰো নিমাত নিশ্চল । কি হ'ব ? আমাৰ জাতিটো বাচি থাকিবনে? নে আমি আত্মসমৰ্পণ কৰিম । নাগপুৰৰ ওচৰত আঁঠু লোৱাৰ বাবে নেকি এইবোৰ কথা যাতে অসমীয়া জাতীয়তাবাদৰ অন্ত পৰে।

মাধ্যমিক শিক্ষাৰ ওপৰ শ্ৰেণীত ইংৰাজী, অংক আৰু বিজ্ঞান বিষয় তিনিটা ইংৰাজী মাধ্যমৰ যোগেদি শিকোৱাৰ বাবে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত লৈছে সি এক অদ্ভূত আৰু নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰে সৰ্বনাশীয়া সিদ্ধান্ত । অসমৰ বাহিৰৰ আৰু কোন কোন ৰাজ্যত এই সিদ্ধান্ত হৈছে সেয়া চৰকাৰে আমাক জনাওকচোন । বিজেপিশাসিত দ্বিতীয় এখন ৰাজ্যত এনেকুৱা সিদ্ধান্ত হৈছেনে? তেনেহ'লে অসমত কিয় এই সিদ্ধান্ত?

উল্লেখযোগ্য যে কস্তুৰীৰংগন সমিতিৰ প্ৰতিবেদনত এনে এক পৰামৰ্শ আছিল, অৰ্থাৎ মাধ্যমিক শিক্ষাৰ ওপৰ শ্ৰেণীত ইংৰাজী মাধ্যমেৰে বিজ্ঞান, অংক আৰু ইংৰাজীৰ শিক্ষা দিব লাগে বুলি চুপাৰীশ কৰা হৈছিল । কিন্তু এই সমিতিৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে আৰু তাৰ ভিতৰত তিনিটা বিষয় ইংৰাজী মাধ্যমত শিকোৱাটোও এটা । ইয়াৰ পৰিৱৰ্তে নতুন শিক্ষা নীতিত মাতৃভাষাৰ যোগেদি শিক্ষা দিয়াতহে সৰ্বাধিক গুৰুত্ব দিয়া হয়।

তেনে এক অৱস্থাত কস্তুৰীৰংগন সমিতিৰ যি চুপাৰীশ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে, সেই সিদ্ধান্ত বুটলি আনি ৰূপায়ণ কৰিব খোঁজাৰ অন্তৰালত অসম চৰকাৰৰ কি অভিসন্ধি আছে? ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ স্কুলবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই এই ব্যৱস্থা নেকি?

২০২০ ৰাষ্ট্ৰীয় শিক্ষানীতিত ভাষাৰ ক্ষেত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে শিক্ষাৰ মাধ্যম হিচাপে সকলো স্তৰতে মাতৃভাষা বা স্থানীয় ভাষা অথবা আঞ্চলিক ভাষা ব্যৱহাৰ কৰা হ'ব । তেনেস্থলত ইংৰাজী মাধ্যমৰ কথা কেনেকৈ আহিল? ৰাষ্ট্ৰীয় শিক্ষা নীতিত নথকা কথা এটা কাৰ্য্যকৰী কৰিব বিচাৰিলে নিশ্চয় ন্যায়ালয়ৰ হস্তক্ষেপো আহিব পাৰে।

আটাইতকৈ ডাঙৰ কথা হাইস্কুলৰ শিক্ষকসকল জানো ইংৰাজী মাধ্যমত তিনিটা বিষয় শিকোৱাৰ বাবে সাজু হৈ আছে? হঠাৎ জোৰজবৰদস্তি কিছুমান অবিবেচকী সিদ্ধান্ত জাপি দিব খুজিলে বৰ ডাঙৰ সমস্যা হ'ব।

ষ্ট্ৰীয় শিক্ষা নীতিত এনেকুৱা বহু বিষয় আছে যিবোৰ পৰস্পৰ বিৰোধী আৰু ৰূপায়ণ কৰাটো বৰ সহজ নহ'ব । তেনে এক অৱস্থাত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰা বাদ দিয়া কথা এটা অসমত কাৰ্য্যকৰী কৰিব বিচৰাটো অতিশয় হাস্যকৰ আৰু একে সময়তে অসমীয়া জাতীয় জীৱনৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ।

অসমীয়া ভাষা-সংস্কৃতিৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ ষড়যন্ত্ৰ হৈছে আৰু পৰিতাপৰ কথা যে আমাৰ নিজৰ মানুহেই এইবোৰ বিষয়ত হাত উজান দিছে । আমি সজাগ হ'ম কেতিয়া?

কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description