সম্পাদকীয়
অসমৰ প্ৰতি ভীষণ অন্যায়

বিজেপি চৰকাৰে অসম আৰু অসমীয়াক ভীষণ অন্যায় কৰিছে৷

অন্যায়ৰ তালিকাখন দিনক দিনে বাঢ়িব ধৰিছে৷ ২০১৪ চনৰ ১৬ মেৰ পিছত কোনো বাংলাদেশী নগ’ল৷ সেই প্ৰতিশ্ৰুতিৰ ঠাই পূৰালে কা আইনখনে৷

সোৱণশিৰিৰ দৰে বৃহৎ নদীবান্ধ বিজেপি চৰকাৰে নাবান্ধে৷ কিন্তু বান্ধিলে আৰু সম্পূৰ্ণ কৰিলে৷ অসমৰ জনমতক এটা প্ৰকাণ্ড বুঢ়া আঙুলি দেখুৱালে৷

সোৱণশিৰি নদীবান্ধৰ বিভীষিকাৰ প্ৰতি সৰ্বানন্দ সোণোৱাল যিমান নিৰ্বিকাৰ আছিল, বৰ্তমানৰ মুখ্য মন্ত্ৰীগৰাকীও সমানেই নিৰ্বিকাৰ৷

এফালে অসমীয়া ভাষা সংস্কৃতি সুৰক্ষিত কৰিবলৈ ছাত্ৰ সন্থাৰ লগত আলোচনাত বহে৷ আৰু আনফালে এপিএছচি পৰীক্ষাৰ পৰা অসমীয়া ভাষা আঁতৰায়৷ সকলোতে নাটক আৰু সকলোতে ভণ্ডামি৷

বিজেপি চৰকাৰে বহিৰাগত ধনী বনিয়াৰ বাবে মাটিৰ আইনকে সলনি কৰিলে৷ ৰক্ষাকৱচৰ অনুমোদন আছিল যে অসমীয়া মানুহৰ মাটি হস্তান্তৰত বাধা আৰোপ কৰিব লাগে৷ এই ক্ষেত্ৰতো এফালে ছাত্ৰ সন্থাৰ লগত সাংবিধানিক সুৰক্ষাৰ বিষয়ত আলোচনাত বহে আৰু আনফালে অনুমতি নোহোৱাকৈ অসমীয়া মানুহৰ মাটি কিনিবলৈ বনিয়াক সুবিধা কৰি দিলে৷

সোণোৱাল আৰু বৰ্তমান ড॰ শৰ্মাৰ দিনতো ডাঙৰ ডাঙৰ ঠিকাবোৰ বহিৰাগত বনিয়াক দিছে৷ এফালে জাতিৰ কথা কৈছে আৰু আনফালে দুয়োজনে ভেটি খহাইছে৷

অলপতে কাৰ্বি আংলঙৰ নিৰ্বাচন হৈ গ’ল৷ মুখ্য মন্ত্ৰী ড॰ শৰ্মাৰ মতে কাৰ্বি আংলঙৰ বিজয় বিজেপিৰ বাবে ‘ঐতিহাসিক’ আছিল৷ মোডীও প্ৰশংসাত পঞ্চমুখ৷ কিন্তু কাৰ্বি ৰাইজে কৈছে যে এইয়া কাৰ্বি জনগোষ্ঠীৰ বাবে পৰাজয় আছিল৷

ধনবল আৰু ব্যাপক অনিয়মেৰে কাৰ্বি জনগোষ্ঠীক পৰাভূত কৰিলে৷ জয়ী হ’ল অ-খিলঞ্জীয়া জনগোষ্ঠীবোৰ৷

নিৰ্বাচনৰ সময়ত অসমৰ বানপানী ৰোধ কৰিবলৈ বিজেপি দলে নাভূত-নাশ্ৰুত কথাৰে মানুহক বিভ্ৰান্ত কৰিছিল৷ বানৰ পানী ধৰি ৰাখিবলৈ গাঁত খান্দিব৷ ডাঙৰ ডাঙৰ গাঁত খান্দিব৷ অসমৰ জলাশয়ৰ কথা অকণো নজনা অকণো জ্ঞান নথকা মানুহেহে তেন কথা সাজিব পাৰে৷

অসমৰ মানুহক আভুৱা ভাৰিবলৈ আনকি ড্ৰোন ব্যৱহাৰ কৰাৰ কথাও নিৰ্বাচনৰ সময়ত কৈছিল৷ ডিমা হাছাওৰ ৰেলপথ খহি পৰিল৷ কিন্তু ড্ৰোন নাহিল৷

মাতৃভাষা মাধ্যমৰ বিদ্যালয় আজি ভীষণভাৱে অৱহেলিত। দুৰ্বল বিদ্যালয়ক সবল কৰাৰ সলনি বন্ধ কৰি দিয়া হৈছে।

সংঘৰ বিদ্যালয়ে অনুদান পাইছে। জাতীয় বিদ্যালয়বোৰে পোৱা নাই। এতিয়া ইংৰাজী মাধ্যমৰ বিদ্যালয় নিৰ্মাণ কৰিব। কৌটী কৌটীৰ আঁচনি হৈছে। শিক্ষা নীতিত আঞ্চলিক ভাষাৰ গুৰুত্ব। কামত ইংৰাজীৰ গুৰুত্ব।।

বসন্ত ডেকা

Image Description