সম্পাদকীয়
ন্যায়ালয়ৰ ৰায়

ন্যায়ৰ আলয়। সেয়ে, ন্যায়ালয়।

দেশৰ ন্যায়ালয় সম্পৰ্কে জনগণৰ ধাৰণা মিশ্ৰিত। কোনোৰ আধাৰ অভিজ্ঞতা। কোনোৰ বিশ্লেষণ। যেনে, বিশ্বাস বিচাৰৰ ভিত্তি হ'ব পাৰেনে?

সময়ে ক'ব।

ভিন্ন মত গণতন্ত্ৰৰ আধাৰ। শেহতীয়াকৈ ন্যায়ালয়ে স্পষ্টকৈ ক'লে। ৰাজনৈতিক দলক সমালোচনা অবিহনে জনগণৰ স্হানেইবা ক'ত?

সমালোচনা কৰিলে বুলিয়েই জেইলত থ'ব নোৱাৰিব। ন্যায়ালয়ে সকাহ দিলে। কিন্ত্ত ইতিমধ্যে বহুতে জেইলৰ থকাৰ শাস্তিখিনি পালেই।

তথাপিও সকাহ।

জামিনহে নিয়ম হোৱা উচিত। জেইলত থোৱাটো নহয়। ন্যায়ালয়ে মত দিছে। উচ্চতমে ক'লে। আৰু অলপ সকাহৰ বাট ওলাল। এতিয়াও বছৰ ধৰি জামিনৰ শুনানি নোহোৱাকৈ থাকে।

জামিনৰ বিচাৰ সোনকালে হ'ব লাগিব। উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ক নিৰ্দেশ দিছে। জেইলত ঠাই নোহোৱা হৈছে। অস্বাস্থ্যকৰ পৰিৱেশে ছানি পেলাইছে।

ন্যায়ালয়ে আৰু এখোপ আগবাঢ়ি কৈছে যে চৰকাৰে জামিনৰ এখন সুকীয়া আইন ৰচনা কৰা উচিত। আইনখনত ন্যায় বিচাৰ প্ৰতিফলিত হ'ব লাগিব।

আমাৰ সংবিধানখন মানুহৰ সংবিধান । ৰচিত হৈছিল মানুহৰ দ্বাৰা, মানুহৰ বাবে। সকলো আইন হ'ব লাগিব এই নীতি, এই আদৰ্শৰ আধাৰত।

আজি, ১৬ জুলাই ২০২২ তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰামানাই খৰধৰকৈ আৰু জধেমধে আটক কৰা ঘটনা আৰু বিচাৰাধীন ব্যক্তিৰ দীঘলীয়া বিচাৰ বিবেচনা কৰিবলগীয়া 'জৰুৰী বিষয়' বুলি কৈছে।

লগতে কৈছে যে আজিকালিতো ৰাজনৈতিক বিৰোধিতা শত্ৰুতামূলক হৈ পৰে। ই গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়।

কোনো ৰাজনৈতিক দলে দেশৰ সকলো জনগণক নুবুজায়। বহুতো ৰাজনৈতিক নেতা ইয়াকে বুজিবলৈ শিক্ষিত নহয়, সক্ষম নহয়।

জনগণৰ দুৰ্ভাগ্য এইখিনিতেই।

জনজীৱনৰ দুৰ্য্যোগ তাতেই।।

বসন্ত ডেকা

Image Description