সম্পাদকীয় - গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

সৌ সিদিনা মাত্ৰ আমি নিৰ্বাচিত কৰি পঠোৱা বিধায়কসকলৰ সৰহসংখ্যকে ৰাজ্য সভাৰ নিৰ্বাচনত যেনেকৈ অনৈতিক কাণ্ড-কাৰখানাত লিপ্ত হৈ মুকলিকৈ নাচিলে-বাগিলে, সেইবোৰ কথাই ৰাজ্যখনৰ সমূহ জনগণকে লাজ দিছে।

আমাৰ নাকবোৰ কাটি পেলাব লগা অৱস্থা । ধৰ্মৰ গোড়ামিক আশ্ৰয় কৰি ৰাজনীতি কৰি থকা দুয়োটা পক্ষই নিজৰ মুখা খুলি একেলগ হ'ল নিৰ্লজ্জভাৱে । ৰাইজৰ পৰা লুটিপুটি নিয়া কোটি কোটি টকা ৰাতিটোৰ ভিতৰতে ইহাত সিহাত হ'ল, ৰাজনৈতিক সততা আৰু নিৰ্বাচকমণ্ডলীৰ প্ৰতি থকা দায়বদ্ধতা ভৰিৰে মোহাৰি পেলালে তথাকথিত মন্ত্ৰী-বিধায়কসকলে ।

আমাৰ পক্ষত সংখ্যা নাই, তথাপিও আমি জিকিম - এনেকৈ দম্ভালি মৰাসকলে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে যে তললৈ, আৰু একেবাৰে তললৈ নামি যাব, সেইকথা আগতেই সুস্পষ্ট আছিল।

যোৱা বছৰকেইটাত আমি এইখন নাটকেই দেখি আহিছোঁ সৰু-বৰ আটাইবোৰ নিৰ্বাচনৰ ৰংগমঞ্চত । ভাৱৰীয়াসকলে লাহে লাহে মুখাৰ আঁৰৰ পৰা ওলাই আহি স্বৰূপ প্ৰকট কৰিব ধৰিছে, মুকলিভাৱে লম্ফ-জম্ফ কৰি ওভতগোৰে নাচিব ধৰিছে, ভাবিছে জনসাধাৰণক সদায়েই মায়াজালেৰে আচ্ছন্ন কৰি ৰাখিব পাৰিব ।

নাটকৰ উপৰি নাটক ।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো যেনে-তেনে ক্ষমতা আহৰণ কৰাৰ বাবে শাসকীয় দলে নাটকৰ পাণ্ডুলিপি প্ৰস্তুত কৰি থৈছে । আঁৰৰ ভাৱৰীয়াসকল কেইদিনমানৰ ভিতৰতেই মঞ্চত নামি পৰিব টকা-পইছা, ক্ষমতাৰ দম্ভ-হুংকাৰ আৰু অলেখ অযুত প্ৰতিশ্ৰুতিৰ জোঁৱাৰেৰে ।

মুংগেৰীলালৰ ৰঙীন সপোনবোৰ দেখুৱাব ।

জুলাইৰ ভিতৰত আমি ঘৰে-ঘৰে পানীৰ যোগান ধৰিম, গুৱাহাটীৰ ৰাষ্টা-ঘাটৰ অভাৱনীয় উন্নতি সাধন হ'ব, ২৪ ঘণ্টাই বিজুলী যোগান ধৰা হ'ব, ইত্যাদি, ইত্যাদি।

এই সময়ত আমাৰ প্ৰধান কাম হ'ব: প্ৰকৃত কথাবোৰ জনসাধাৰণক জনোৱাৰ, মিথ্যাচাৰবোৰ উদঙাই দেখুৱাই দিয়াৰ বাবে ঘৰে ঘৰে গৈ মত বিনিময় কৰাৰ, অসমৰ সুৰীয়া মাতষাৰ বন্ধ কৰাৰ বাবে ক্ৰমাগতভাৱে চলি থকা উত্তৰ-ভাৰতীয় ষড়যন্ত্ৰৰ ৰূপায়ণত সহযোগ কৰি থকা আমাৰ ঘৰশত্ৰুবোৰৰ ভূমিকা ফাঁচ কৰি দিয়াৰ, আৰু সৰ্বোপৰি অসমত অসমীয়াৰ অধিকাৰ এশ শতাংশ নিশ্চিত কৰাৰ বাবে আমি ল'বলগা ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰাৰ ।

গুৱাহাটীৰ বাবে বিকল্প এক আঁচনি আমি দাঙি ধৰিব লাগিব, মিথ্যাচাৰৰ আধাৰত নহয়, কিছুমান বিজ্ঞানসন্মত আঁচনিৰ ৰূপায়ণৰ যোগেদি । ধনৰ টোপোলাৰে নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত কৰাত সিদ্ধহস্ত হৈ পৰা সকল ইতিমধ্যেই পথাৰত নামি পৰিছে ।

প্ৰলোভন অপাৰ থাকিব, আমি এইবোৰৰ কেনেকৈ মোকাবিলা কৰোঁ সেইটোহে আচল কথা ।।

ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description