সম্পাদকীয়
ক্ষমতাৰ নিচা

হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই কেইদিনমান আগতে নিজেই হাতত দাণ্ডা তুলি লৈ ট্ৰেফিক বিধি নমনা বুলি ভবা মানুহক মাৰপিট কৰাৰ দৃশ্য দেখি বহুতে আচৰিত হোৱা নাই।

ৰাজ্যখনত বিষয়াসকলে এই শিক্ষা ১ নম্বৰজনৰ পৰাই পাইছে। ৰাজপথত গাড়ী-মটৰ ৰাখি বহু মানুহৰ উপস্থিতিত ১ নম্বৰজনে যদি জিলাৰ শান্তি-শৃংখলা ৰক্ষাৰ দায়িত্বত থকাজনক টিভি কেমেৰাৰ সমুখত গুৱালগালি দিব পাৰে, তেনেহ'লে হোজাইৰ বিষয়া দুগৰাকীৰ গাত কি দোষ !

প্ৰশাসনিক বিষয়াসকলৰ আচৰণবিধি সলনি কৰা বুলি হয়তো তেওঁলোকে ভাবি লৈছে।

আমাৰ ইয়াত ক্ৰমে ক্ৰমে মেকিয়াভেলিয়ান ৰীতিনীতিৰ প্ৰবেশ ঘটিছে । মন্ত্ৰীসভাখনত এজনেই মন্ত্ৰী আৰু ৰাতি তেওঁৰ মনলৈ যি আহে পিছদিনা সেয়াই কাৰ্য্যকৰী হয়, কোনো আলোচনা পৰ্য্যালোচনাৰ প্ৰয়োজন নাই, বিশেষজ্ঞৰ মতামতৰ কোনো গুৰুত্ব নাই, ১ নম্বৰে যি বিচাৰে, সেয়াই চৰকাৰৰ আঁচনি।

মেকিয়াভেলিয়ে কৈছিল ক্ষমতাৰ ওচৰত নৈতিক কথাবোৰৰ কোনো গুৰুত্ব নাই, প্ৰথমতে ক্ষমতা, তাৰ পিছতহে নৈতিক শিক্ষা । ক্ষমতাত বৰ্তি থকাৰ বাবে যি কোনো কাম কৰিব পাৰি মেকিয়াভেলিৰ মতে । আৰু এতিয়া কাৰ্য্যতঃ সেয়াই হৈছে ।

আইন-কানুন, নৈতিকতাৰ স্থান ওপৰত ৰাখি ছক্ৰেটিছ আৰু প্লেটোৱে শাসন ব্যৱস্থাৰ যিবোৰ নীতি-নিৰ্দেশনা ৰচনা কৰিছিল, সেইবোৰ এতিয়া তল পৰিল। যোৱা কিবছৰত বহুত বেছিকৈ ।

আকবৰ আৰু বীৰবলৰ এবাৰ উখনা-উখনি লাগিল । আকবৰৰ মতে দেশৰ সকলো মানুহেই ভাল, বিশেষকৈ ৰাজধানীৰ মানুহবোৰ । আৰু দেশত অপৰাধ নাই বুলিলেই হয়। সংগৃহীত তথ্যপাতিৰ পৰা স্পষ্ট যে দেশৰ মানুহবোৰ বৰ সৎ। বীৰবলে নামানে, সকলোবোৰ মানুহ ভাল নহয়, যিদৰে ৰজাঘৰৰো আটাইখিনি মানুহ ভাল নহয় । আকবৰে বীৰবলক ক'লে, 'তুমি প্ৰমাণ কৰা।'

সিদ্ধান্ত লোৱা হ'ল - ৰাজধানীৰ কেন্দ্ৰস্থলত এটা পুখুৰী খন্দা হ'ল আৰু নাগৰিকসকলক কোৱা হ'ল, প্ৰত্যেকে একো বাল্টিকৈ গাখীৰেৰে পুখুৰীটো পূৰাব লাগে। কথামতে কাম। গাখীৰেৰে পুখুৰীটো ভৰ্তি হৈ পৰিল লাহে লাহে, অলপ বাকী । শেষত গাখীৰ অনাৰ পাল পৰিল, আকবৰৰ সাংগোপাংগ পাৰিষদসকলৰ।

বীৰবলে আকবৰক পুখুৰীৰ পাৰলৈ লৈ গ'ল আৰু তেওঁৰ প্ৰিয় পাৰিষদ এগৰাকীৰ গাখীৰৰ বাল্টিটো পৰীক্ষা কৰিবলৈ অনুৰোধ কৰিলে। আকবৰে বাল্টিটো পৰীক্ষা কৰি আচৰিত হ'ল । গাখীৰৰ সলনি তাত পানী । সুধিলে: গাখীৰৰ ঠাইত পানী কিয়?

উত্তৰ: পুখুৰীটো গাখীৰেৰে পূৰা হৈছেই, তাত এবাল্টি পানী বা গাখীৰ দিয়া একেই কথা। আকবৰে বীৰবলক ক'লে: কথাটো মিছা নহয়। বীৰবলে সম্ৰাটক আন বহুতৰে বাল্টি দেখুৱালে আৰু দেখিলে সকলোৱে পানীহে আনিছে ।

আকবৰ অকমান আচৰিত হ'ল, ক'লে: হেৰা, বীৰবল, মোৰ ঘনিষ্ঠখিনিয়েহে বাৰু পানী আনিব লাগেনে গাখীৰৰ ঠাইত !

বীৰবলে মিচিকিয়াই হাঁহিলে আৰু আকবৰে নুশুনা কৈ টিপ্পনী কৰিলে: আপোনাৰ পৰাই শিকিছে।

বহু আগতেই লৰ্ড এক্টনে (১৮৩৪ - ১৯০২) কৈ গৈছিল, 'ক্ষমতাই মানুহক দুৰ্নীতিগ্ৰস্ত কৰি তোলে, ক্ষমতাই মূৰত ধৰিলে দুৰ্নীতিয়ে চূড়ান্ত ৰূপ ধাৰণ কৰে।'

আমাৰ ৰাজ্যখনতো তেনেকুৱাই হ'ব ধৰিছে । কিন্ত এনে এক পৰিবেশ সদায় নাথাকে, জনসাধাৰণক প্ৰকৃত ছবিখন দেখুৱাব লাগিব অজাপই । সেইবাবেই 'ঘৰে ঘৰে আমি' কাৰ্যকৰী কৰিব লাগিব পূৰ্ণাংগ ৰূপত ।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description