সম্পাদকীয় - অসম আত্মৰক্ষী বাহিনী :: শীঘ্ৰে পুনৰ গঠন সময়ৰ আহ্বান

দেশ বিভাজনৰ সময়ত অসমক পাকিস্তানৰ সতে চামিল কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। আসন্ন বিপদৰ উমান পাই ১৯৪৬–৪৭ৰ এই সময়ছোৱাত জাতিৰক্ষাৰ স্বাৰ্থত অসমীয়া হিন্দু–মুছলমানক একত্ৰিত কৰি অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গঠন কৰিছিল 'অসম আত্মৰক্ষী বাহিনী'। সঠিক সময়ত গ্ৰহণ কৰা এনে ধৰণৰ কিছু সঠিক পদক্ষেপৰ বাবেই অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ বিফল হৈছিল।

ব্ৰিটিছ শাসনৰ কালছোৱাত উনবিংশ শতিকাৰ পৰাই অসমত পূৰ্ববংগৰ লোকৰ অনুপ্ৰৱেশ ঘটিছিল। সময়ে সময়ে বিশেষ বিশেষ কাৰণত এনে অনুপ্ৰৱেশ ব্যাপক ৰূপত হৈছিল। ১৯০৫ চনত বঙ্গ ভঙ্গৰ দ্বাৰা পূর্ব বঙ্গৰ চট্টগ্ৰাম, ঢাকা আৰু মৈমনসিংহক অসমৰ লগতে একেটা গ্রুপতে ৰখাৰ ফলত তাৰ পৰা লক্ষাধিক লোকৰ অনুপ্ৰৱেশ হৈ অসমৰ জনগাঁথনিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল।

অনুপ্ৰৱেশৰ সমস্যাত জৰ্জৰিত অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগেই যে অসমীয়া জাতি নিঃশেষ হৈ যাব সেই কথা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে ইয়াৰ প্ৰতিবাদ কৰাৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিভাৱে অসম আত্মৰক্ষী বাহিনী গঠন কৰিছিল। এনেবোৰ প্ৰচেষ্টাৰ বাবেই অসম পাকিস্তানৰ সতে চামিল হোৱাৰ পৰা ৰক্ষা পৰিল। কিন্তু ধৰ্মৰ নামত হোৱা দেশ বিভাজনৰ বাবে লাখ লাখ হিন্দু শৰণাৰ্থীৰ অসমত প্ৰৱেশ ঘটিল।

১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়তো ব্যাপক হাৰত বাংলাদেশীয়ে অসমত অনুপ্ৰৱেশ কৰিলে। পৰৱৰ্তী সময়টো এনে অবৈধ অনুপ্ৰৱেশ ধাৰাবাহিকভাৱে চলি থাকিল। আজিও অনুপ্ৰৱেশৰ সমস্যাৰ পৰা অসম মুক্ত হ'ব পৰা নাই। অনুপ্ৰৱেশৰ সমস্যাত অসমৰ অস্তিত্ব বিপদাপন্ন হ'ল। ইয়াৰ বিৰুদ্ধে ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ ঐতিহাসিক অসম আন্দোলন হ'ল। এই আন্দোলনৰ ফলশ্ৰুতিত বিদেশী বিতাৰণৰ বাবে ১৯৮৫ চনত হোৱা অসম চুক্তি আজিও কাৰ্য্যকৰী কৰা নহ'ল।

নাগৰিকত্ব সংশোধনী আইন ('কা') ২০১৯ৰ জৰিয়তে ২০১৪ চনলৈ পুনৰ হিন্দু বাংলাদেশীৰ বোজা জাপি দিয়া হ'ল। অসমৰ ৰাইজৰ ব্যাপক প্ৰতিবাদক কোনো গুৰুত্বই দিয়া নহ'ল। ইফালে ধৰ্মীয় উন্মাদনাৰ জৰিয়তে বিজেপি দল চলিত বৰ্ষত বিজয়ী হৈ পুনৰ অসমৰ শাসনলৈ আহিল। গতিকে অসমৰ ৰাইজে 'কা' গ্ৰহণ কৰি ল'লে বুলি এক ধাৰণা দিবলৈ এতিয়া চেষ্টা কৰা দেখা পোৱা গৈছে। নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সৈতে অসমৰ অস্তিত্বৰ প্ৰশ্ন জড়িত কৰিব খোজাসকলে অচিৰেই ইয়াৰ এক সমুচিত উত্তৰ পাব। এই কথা ধুৰূপ।

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাত জৰ্জৰিত উত্তৰ -পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য হৈছে ত্ৰিপুৰা। বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ইতিমধ্যে খিলঞ্জীয়া ত্ৰিপুৰীক নিজ ৰাজ্যতে সংখ্যালঘুত পৰিণত কৰিছে। বাংলা ভাষা এতিয়া ত্ৰিপুৰাৰ ৰাজ্য ভাষা। খিলঞ্জীয়া ত্ৰিপুৰীৰ ভাষা ককবৰক দ্বিতীয় ভাষা।

যোৱা ৭ ছেপ্টেম্বৰত ত্ৰিপুৰাৰ 'দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅনেল এলায়েন্স (তিপ্রা)'ৰ অধ্যক্ষ প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱবৰ্মন গুৱাহাটীত অসম জাতীয় পৰিষদৰ জাতীয় কৰ্মী সভাত দলটিৰ আমন্ত্ৰণমৰ্মে অংশগ্ৰহণ কৰে।নিজৰ ভাষণত শ্ৰীদেৱবৰ্মনে জাতীয় কৰ্মীসকলক সকীয়াই দি কয় যে অসমৰ অৱস্থা ত্ৰিপুৰাসদৃশ কৰাৰ প্ৰচেষ্টা ইতিমধ্যেই আৰম্ভ হৈছে। অসমে একত্ৰিত হৈ ইয়াক এতিয়াই প্ৰতিহত নকৰিলে অতি শীঘ্ৰে অসম ত্ৰিপুৰাৰ দৰে হ'ব।

ত্ৰিপুৰাৰ নেতাগৰাকীয়ে অসম সম্পৰ্কত সঠিক অনুমান কৰিছে। কাৰণ ১৯৯১ চনৰ পৰা ২০১১ চনৰ লোকপিয়লত অসমীয়াভাষীৰ সংখ্যা ৫৮%ৰ পৰা ৪৭% হ'ল। বাংলাভাষীৰ সংখ্যা ২১%ৰ পৰা ২৯% হ'ল। একেই ধাৰা অব্যাহত থাকিলে আৰু ১০ বছৰ পিছত ২০৩১ চনত অসমীয়া আৰু বাংলাভাষীৰ সংখ্যা সমান সমান হ'ব। তেতিয়া অসমৰ অৱস্থা ত্ৰিপুৰাতকৈও শোচনীয় হ'ব। সেইদিনা কোনো হিন্দুত্বই অসমৰ ভাষা , কৃষ্টি, সংস্কৃতি একো ৰক্ষা কৰিব নোৱাৰিব। আজি প্ৰদ্যুত দেৱবৰ্মনে চিঞৰি চিঞৰি প্ৰশ্ন কৰি আছে – 'আমিওটো হিন্দু। আমাৰ ভাষা–সংস্কৃতিৰ প্ৰতি এনে অৱহেলা কিয়?' তেওঁৰ প্ৰশ্নৰ কোনেও উত্তৰ নিদিয়ে। কাৰণ ভোট বেংকৰ কথা আছে।

অসম জাতীয় পৰিষদে অসমৰ অস্তিত্বৰ চৰম সংকটকালত ৰাজ্যখনত জনসচেতনতা বৃদ্ধিৰ বাবে অসমলৈ প্ৰদ্যুত দেৱবৰ্মনক আমন্ত্ৰণ জনোৱাটো এক সময়োচিত সিদ্ধান্ত। জাতিটোক অস্তিত্বৰ এই মহাসংকটৰ পৰা ৰক্ষা কৰিবলৈ অতি পৰিকল্পিতভাৱে আৰু অধিক এনে সময়োচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আমাৰ দৃষ্টিত জাতিটোৰ স্বাৰ্থত অসম কেশৰীয়ে গঠন কৰা ধৰণে শীঘ্ৰে অসম আত্মৰক্ষী বাহিনী পুনৰ গঠন কৰা উচিত। এইয়া সময়ৰ আহ্বান।

Image Description