সম্পাদকীয়
বুৰঞ্জীত ঠাই নিৰ্বাচন

বুৰঞ্জী আৰু সময় একলগে বাগৰে। একেলগে ফুৰে, ঘূৰে আৰু আগবাঢ়ে।

যি হৈ যায় সেয়া ৰৈ যায়। ঘটনাবোৰ স্তৰে স্তৰে জমা হয়। লেখত ল'বলগীয়া ঘটনাপ্ৰৱাহ বুৰঞ্জী হয়। সময়ে লিখি ৰাখে। কোনেও সেয়া মচিব নোৱাৰে। বিকৃত কৰিবও নোৱাৰে। সকলো চেষ্টা আকৌ সময়েই মোহাৰি থ'ব।

অধ্যয়নশীল মনেহে বুৰঞ্জী বুজিব পাৰে। আন বিষয়তো সত্য একেটা। বুৰঞ্জী সভাত ফিতাহি মৰা কথা নহয়। ডিঙি ফুলাই কোৱা বিষয় নহয়। সময়ে লিখি ৰখা কথাবোৰহে ৰ'ব।

আহোম ৰজাই সময়ৰ ঘটনাবোৰ লিখিবলৈ ল'লে। বুৰঞ্জী লেখাৰ পাতনি মেলিলে। আহোমে অসমলৈ আহি নিজৰ ভাষা এৰিলে। ধৰ্ম এৰিলে। অসমৰ মানুহৰ ভাষা ল'লে। সংস্কৃতি গঢ়িলে। সেয়া অসমৰ মানুহৰ পৰিচয় হ'ল।

ইয়াক অস্বীকাৰ কৰাজনে নিজৰ অজ্ঞতা প্ৰকাশ কৰে। মাইকৰ শব্দই বুৰঞ্জীত ঠাই ঠিক নকৰে। সময়ৰ মেটমৰা পেৰা যেনেকৈ থাকে, আবৰ্জনা পেলোৱা ঠাইও তেনেদৰে থাকে।

বুৰঞ্জীক বিকৃত কৰা কাকো বুৰঞ্জীয়ে আসন নিদিয়ে। নিজৰ ভাষা-সংস্কৃতিক আলৈ-আথনি কৰা, ধন আৰু ক্ষমতাত মত্ত ব্যক্তিক আৰু নিদিয়ে।।

(এইবাৰ প্ৰকাশ কৰা তিনিওটা প্ৰৱন্ধ ডঃ নবীন চন্দ্ৰ শৰ্মাই সম্পাদনা কৰা 'অসমৰ মাঘ বিহু' কিতাপখনৰ পৰা লোৱা হৈছে। লেখকৰ প্ৰতি আমি কৃতজ্ঞ।।)

বসন্ত ডেকা

Image Description