সম্পাদকীয়
উৎথান পতন‌ ৰূপান্তৰ

দুচকুৰে যি দেখোঁ তাকেই আমি সচাঁ বুলি ভাবোঁ । অলপতে এটা বৰ বেলেগ ধৰণৰ নিবন্ধ পঢ়িলোঁ। পঢ়ি উঠি ধাৰণা হল‌ যে দেখি থকা প্ৰতিটো কথা সত্য নহ'ব পাৰে । বিশেষকৈ এই কথাটো খাটে ৰাজনীতিৰ ক্ষেত্ৰত। যি দলৰ আজি জয়জ‌য় ময়ময়, অহাকালি সেই প্ৰতিপত্তি তাছপাতৰ ঘৰৰ দৰে খহি পৰিব পাৰে। ই মুঠেই আচৰিত হ'বলগীয়া কথা নহয় । জনসাধাৰণে আজি যি ভাবিছে, অহাকালিলৈ সম্পূৰ্ণ বেলেগ ভাবিব পাৰে।

চকুৰ আগত যি দেখোঁ, সেয়া এক মৰীচিকাও হ'ব পাৰে । প্ৰতি বছৰ যেতিয়া লোক সভা - বিধান সভাত বছৰটোৰ বাবে জমা-খৰচৰ এটা হিচাপ দাঙি ধৰা হয় আৰু বছৰটোৰ ভিতৰত কি কি কাম কৰিব, তাৰ এখন দীঘল তালিকা প্ৰস্তুত কৰা হয়, আমি ভাবোঁ বছৰটোৰ শেহত আমাৰ একো অভাৱ নাথাকিব। কিন্তু মূৰকত গৈ অৱস্থাৰ একো পৰিবৰ্তন নহয় । এখাপ তললৈহে আমি নামি যাওঁ। আৰু আমাৰ প্ৰত্যেকৰে ডিঙিত ওলোমাই থোৱা ৰাজহুৱা ধাৰৰ বোজাটো গধূৰ হৈ গৈ থাকে ।

কুৰি শতিকাৰ মাজভাগত ঈচ্ছাৰ নামৰ এগৰাকী ওলণ্ডাজ শিল্পী আছিল । এই শিল্পীগৰাকীয়ে অঙ্ক আৰু বাস্তুকলাৰ মিশ্ৰণ ঘটাই কিছুমান অপূৰ্ব সৃষ্টি কৰিছিল আৰু তেখেতৰ সৃষ্টিসমূহৰ মাজেদি‌ কোনো এটা বিশেষ পৰিস্থিতিৰ প্ৰতিফলন দাঙি ধৰিছিল।

'উত্তৰণ আৰু অৱনমন' শিৰোনামাৰে তেখেতে এক সৃষ্টি কৰিছিল । দুটা সমান্তৰাল খটখটিৰে অট্টালিকা এটাৰ মুধচত মানুহৰ অহা-যোৱা কৰি থকা দেখুওৱা হৈছিল । চাই থাকিলে এনেকুৱা লাগিছিল যেন খটখটিখনৰ অন্ত নাই আৰু মানুহবোৰে অবিৰতভাৱে ওপৰলৈহে গৈ আছে, যিটো প্ৰকৃততে সম্ভৱ নহয়। আচলতে ই আছিল এক দৃষ্টিবিভ্ৰাট।

ৰাজনৈতিক কথাবোৰৰ ক্ষেত্ৰতো একেই কথা। কেতিয়া পট পৰিৱৰ্তন ঘটে, কোনেও নাজানে, কিন্তু এনেকুৱা লাগে যেন পৰিবৰ্তন নাহিবই।

আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্ব বহুত বেলেগ বেলেগ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি । গোলাকাৰ পৃথিৱীখনৰ ওপৰত থিয় হৈ থকা এজন মানুহৰ কথা ধৰা হওক । ঘূৰণীয়া পৃথিৱীখনৰ ঠিক বিপৰীত দিশত (যেনে, আমেৰিকা) থিয় হৈ থকা এজন মানুহৰ আপেক্ষিক অৱস্থান যদি বিবেচনা কৰা হয়, তেনেহ’লে দ্বিতীয়জন মানুহ মূৰ তললৈ দি উলটি থকাৰ দৰে লাগিব। বিভিন্ন দেশৰ অৱস্থান লৈ কল্পনা কৰিলে আন কোনোবা এজন‌ মানুহ হয়তো প্ৰথমজনৰ পঠালি‌কৈ, বা তললৈ মূৰটো কৰি থকা যেন লাগিব। কিন্তু প্ৰতিজন মানুহ নিজ নিজ ঠাইত উলম্বভাৱেই আছে।

বিবেচনা কৰিব লগা কথাটো হ’ল ‌ আপেক্ষিক অৱস্থান । মঙ্গল গ্ৰহৰ পৰা যদি কোনোবাই পৃথিবীলৈ ভুমুকি মাৰে, তেতিয়া তেওঁ দেখিব পৃথিৱীৰ মানুহবিলাকৰ মূৰবোৰ যেনি-তেনি সিঁচৰতি হৈ আছে, যি কোনো দিশত। কোনোবাটো ওপৰলৈ, কোনোবাটো তললৈ, কোনোবাটো সোঁফাললৈ, কোনোবাটো বাঁওফাললৈ, ইত্যাদি।

ৰাজনীতিৰ ক্ষেত্ৰখনো এনেকুৱাই। কোন কেতিয়া ওপৰত থাকে, কোন কেতিয়া তললৈ নামে, কোনে সোঁফালে অৱস্থান কৰে, কোনে বাঁওফালে থাকে, তাৰ কোনো ঠিক নাই।

বিশ্বজুৰি সোঁপন্থী ৰাজনীতিত এটা মেৰু বিভাজন লক্ষ্যণীয় হৈছে । সোঁপন্থী ৰাজনীতিত নতুনকৈ প্ৰবেৱশ কৰাসকল আক্ৰমণাত্মক ৰূপত চৰম সোঁপন্থী হৈ পৰিছে আৰু আগৰে পৰা থকা চিৰন্তন সোঁপন্থীসকল একাষৰীয়া হৈ ক্ৰমান্বয়ে নিস্তেজ হৈ পৰিছে।

আমেৰিকা ইউৰোপৰ দেশসমূহত এনেকুৱা এক ৰূপান্তৰ ভালেমান বছৰ ধৰি চলি আছে ।

ভাৰতবৰ্ষতো সোঁপন্থী ৰাজনীতিত এই বিভাজনৰ শক্তিশালী সোঁত অনুভূত হৈছে । আৰু লগে লগে এক শক্তিশালী অন্তৰ্দ্বন্দ্ব । অনুৰূপ এক দ্বন্দ্ব বিশ্বৰ বামপন্থী ৰাজনীতিতো পৰিস্ফুট হৈছে ।

অদূৰ ভৱিষ্যতে এই কথাবোৰে ভাৰতীয় ৰাজনীতিৰ গতি নিৰ্ণয় কৰিব।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description